Press meet by Congress: আজমল অবিহনে বিজেপিয়ে উশাহ লব নোৱাৰে

author img

By

Published : Dec 3, 2022, 10:29 PM IST

Press meet by Congress on Ajmal Controversy comment

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) কয় যে অসমীয়া জাতীয় জীৱনক লৈ স্পৰ্দ্ধা কৰিবলৈ আজমলে সাহস কৰাৰ একমাত্ৰ কাৰণ হ’ল ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী (Bhupen Bora blame CM for Ajmal comment) ৷

যোৰহাট, 3 ডিচেম্বৰ: ৰাজ্যজুৰি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo in Jorhat)অব্যাহত থকাৰ সময়তে যোৰহাটত শনিবাৰে কাৰ্যসূচী শেষ হোৱাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাসহ কংগ্ৰেছৰ নেতাসকলৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰা হয় (Congress press meet on Ajmal Controversy) ৷ এই সংবাদমেলত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ দলটো ৷ সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) কয় যে অসমীয়া জাতীয় জীৱনক লৈ স্পৰ্দ্ধা কৰিবলৈ সাহস কৰা একমাত্ৰ কাৰণ হ’ল ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী (Bhupen Bora blame CM for Ajmal comment) ৷

Press meet by Congress: আজমল অবিহনে বিজেপিয়ে উশাহ লব নোৱাৰে

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কবিতা লিখা বাবেই গ্ৰেপ্তাৰ কৰিছিল, প্ৰদীপ দত্ত ৰায়ক অসমীয়া আখৰত ক’লা আখৰ লিখা বাবেই গ্ৰেপ্তাৰ কৰিছিল ৷ তথাপিও আজমলৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰু কৰিব নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব পৰা, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা আজমলৰ মন্তব্য বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই কংগ্ৰেছ নেতৃত্বই (Badruddin Ajmal controversy comment) ৷

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Ajmal Controversy) কয় যে বিজেপিৰ কঠিন সময়ত আজমলৰ সহায় লয় মুখ্যমন্ত্ৰীয়ে (BJP take help from Ajmal) ৷ আইন মতে আজমলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় জেষ্ঠ্য কংগ্ৰেছীগৰাকীয়ে ৷ বহুপত্নী ব্যৱস্থা অসমত নাই, সেয়েহে মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত অসম আৰক্ষীক নিৰ্দেশ দিব লাগে যাতে আজমলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা গ্ৰহণ কৰে ৷

ইয়াৰ উপৰিও সংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi on Ajmal Controversy) আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰি কয়- "অসমীয়া নাৰীক লৈ কৰা অপমানৰ বাবে গৰিহণা দিছো ৷ যিদৰে এসময়ত হিন্দী চীনি ভাই ভাই বুলি প্ৰবাদ আছিল, এতিয়া হিমন্ত আৰু আজমল ভাই ভাই ৷ হিমন্ত বিশ্ব শৰ্মা আৰু আজমলে নিজৰ ব্যক্তিগত স্বাৰ্থত কাম কৰি আহিছে ৷"

ইফালে ৰকিবুল হুছেইনে (Rakibul Hussain on Ajmal Controversy) কয় যে আজমলক নিন্দা কৰিবলৈও কংগ্ৰেছৰ শব্দ নাই ৷ আজমলে মৌলানা শব্দটোকে আজি লজ্জিত কৰিছে, সমগ্ৰ মৌলানা সকলক অপমানিত কৰিছে ৷ অতি বিষবাষ্প বিয়পাই দিব পৰা এই মন্তব্য বিৰুদ্ধে কঠোৰ হ’ব লাগিব চৰকাৰ ৷ বিজেপিয়ে আজমলক নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে পানী যি পাত্ৰত থয় তাৰেই আকাৰ লয় ৷

ইফালে দলৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য পুৰকায়স্থই (Kamalakshya Purakayashtha on Ajmal Controversy) কয় যে অসমৰ ইতিহাসত তেওঁ এনে এজন মৌলানা যি সদায় বিতৰ্কিত মন্তব্য দিয়ে ৷ কৰিমগঞ্জত কিয় বাইট দিব লাগে, হিন্দীত কিয় অসমীয়াত নিদিলে ৷ হিন্দীত কলে ভাৰতবৰ্ষত সকলোৱে গম পাব ৷ সেয়েহে হিন্দীত বাইট দিলে ৷ অসম আৰক্ষীয়ে আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহস নকৰে ৷ হিমন্ত বিশ্বৰ শৰ্মাৰ আৰ্শীবাদ আছে বাবেই আৰক্ষীয়ে কোনো ব্যৱস্থা লবলৈ সাহস গোটাব নোৱাৰে ৷

আনহাতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami on Ajmal Controversy) কয় যে যাদুকৰ এম হুছেইন যাদুকৰী লাঠি ডাল এতিয়া হিমন্তৰ হাতত ৷ যাদুকৰী লাঠিৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই আজমলক ইচ্ছা মতে ব্যৱহাৰ কৰি আহিছে আৰু আজমলে যাদুৰ শক্তিৰে নাচি বাগি আছে ৷ আজমল অবিহনে বিজেপিয়ে উশাহ লব নোৱাৰে ৷ আজমলেও বিজেপি অবিহনে উশাহ লব নোৱাৰে ৷

লগতে পঢ়ক: Narottam Mishra on Badruddin Ajmal: আজমলৰ জন্মদাত্ৰী মাতৃও লজ্জিত বুলি ক'লে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.