ETV Bharat / state

Badruddin Ajmal Controversy : আজমলৰ মন্তব্যই লজ্জিত কৰিলে মুছলমান সমাজক: অসম চিভিল চ'ছাইটি

author img

By

Published : Dec 3, 2022, 7:43 PM IST

Badruddin Ajmal Controversy
অসম চিভিল চছাইটিৰ সংবাদমেল

বদৰুদ্দিন আজমলক বিৰোধ কৰাৰ আহ্বান জনাইছে অসম চিভিল চ'ছাইটিয়ে (Assam Civil Society)৷ আজমলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে শনিবাৰে অসম চিভিল চ'ছাইটিয়ে সম্বোধন কৰিলে সংবাদমেল ৷

গুৱাহাটী, ৩ নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ নামত এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে হিন্দু সমাজক লৈ যি কটু মন্তব্য কৰিলে তাত অসমৰ মুছলমান সমাজ লজ্জানত হৈছে । আজমলক অসম চিভিল চ'ছাইটিয়ে(Assam Civil Society) কঠোৰ ভাষাৰে সমালোচনা কৰি আজমলৰ বক্তব্য মুছলমান সমাজৰ বক্তব্য হিচাবে গ্ৰহণ নকৰিবলৈ সৰ্বসাধাৰণৰ প্ৰতি আহ্বান জনাইছে চ'ছাইটিৰ সভাপতি অধ্যাপক ড৹ আব্দুল মান্নানে (Abdul Mannan Assam Civil Society)।

অসম চিভিল চছাইটিৰ সংবাদমেল

শনিবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে অসম তথা ভাৰতত সাম্প্ৰদায়িক মেৰুবিভাজনৰ উদ্দেশ্যে বিগত কেইবা বছৰৰ পৰা বদৰুদ্দিন আজমলে বিজেপি আৰ এছ এছৰ সৈতে বুজাবুজিৰে যে কাম কৰিছে সেয়া বদৰুদ্দিনৰ বৰ্তমনাৰ বক্তব্যই স্পষ্ট ৰূপত প্ৰকাশ কৰিছে । গুজৰাটৰ চলিত বিধানসভা নিৰ্বাচনত শলঠেকত পৰা বিজেপিক উদ্ধাৰৰ বাবে এইবাৰ পৰিকল্পিতভাৱে বদৰুদ্দিন আজমলে বুজাবুজিৰে স্ক্ৰীপ্ট তৈয়াৰ কৰা হৈছে ।

বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফ দলৰ পৰা অসমৰ মুছলমানৰ কোনোদিনেই লাভ হোৱা নাই । তেওঁলোকৰ সংকীৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে কোৱা কথা বতৰা আৰু কাম কাজসমূহক একাংশ জনসাধাৰণৰ মনত অসমৰ মুছলমানক খলনায়ক হিচাপেহে সজোৱাৰ বাবে প্ৰতিপক্ষই সুবিধা গ্ৰহণ কৰি আহিছে । এতিয়া আজমল আৰু তেওঁৰ বাহিনীয়ে শালীনতা আৰু নৈতিকতাৰ সকলো সীমা চেৰাই গৈছে ।

বদৰুদ্দিনে মৌলানা বুলি সম্বোধিত হোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে । সেয়ে আজমলক কঠোৰভাৱে বিৰোধ কৰিবলৈ চ'ছাইটিয়ে বিশেষকৈ মুছলমান সমাজক আহ্বান জনায় । আনহাতে সংবাদমেলত কাৰ্যকৰী সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে(Hafiz Rashid Ahmed Choudhury) কয় যে আজমলৰ অশালীন মন্তব্যৰ বিৰুদ্ধে সকলো নাৰী আইনৰ কাষ চাপিব পাৰিব ।

তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব কিয়নো তেওঁৰ মন্তব্যই নাৰী সমাজক অপমানিত কৰিছে । লগতে দুই-তিনি গৰাকী মহিলাক লৈ যোৱা মন্তব্যৰে তেওঁ আওপকীয়াকৈ অপহৰণ কৰাৰ উচটনি দিছে । সেয়ে নাৰী সমাজে গোচৰ দিলে আজমল আহিব আইনী আওতালৈ । আনহাতে মুখ্যমন্ত্ৰীয়ে মানহানিৰ গোচৰ ৰুজু কৰিব পাৰে বুলি মন্তব্য কৰে চ'ছাইটিৰ উপদেষ্টা তৌফিকুৰ ৰহমান বৰবৰাই ৷

সংবাদমেলত বদৰুদ্দিন আজমলক মিছলীয়া আখ্যা দি কয় যে আজমল মুছলমানৰ লীডাৰ নহয় । আজমলে ৰাজনীতিৰ পৰা গৈ মৌলানা কৰি থাকক । সংবাদমেলত চ'ছাইটিৰ উপ-সভাপতি মছদ্দৰ হুছেইনকে ধৰি কেইবাগৰাকী সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক : Badaruddin Ajmal controversial comments on Hindu: সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী :জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.