ETV Bharat / bharat

Gold coins in the oil palm plantation: পথাৰ চহাওতেই খেতিয়কে পালে 18 টা সোণৰ মুদ্ৰা

author img

By

Published : Dec 3, 2022, 7:59 PM IST

সাধুকথাত উল্লেখ থকাৰ দৰে পৌৰাণিক দিনত এনিশাৰ ভিতৰতেই যাদুকৰী সামগ্ৰী পাই এজন দুখীয়া খেতিয়ক ধনী হৈ যোৱাৰ দৰে অন্ধ্ৰপ্ৰদেশতো সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা ৷ খেতিপথাৰত সোণৰ মুদ্ৰাভৰা কলহ উদ্ধাৰ এগৰাকী খেতিয়কৰ (Gold coins in the oil palm plantation)৷

Gold coins in the oil palm plantation
Gold coins in the oil palm plantation: খেতিপথাৰত সোণৰ কলহ উদ্ধাৰ এগৰাকী খেতিয়কৰ

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: জোনাক নিশা চোতালত ঢাৰি পাৰি বুঢ়ী আইৰ সাধু শুনা দিনবোৰ আমাৰ সকলোৰে পৰিচিত ৷ আইতাৰ তামোলৰ সেলেঙী বৈ অহা হাঁহিটোত ইটোৰ পিছত সিটো যাদুকৰী সাধু শুনা দিনবোৰ এতিয়া আৰু নাই ৷ কংক্ৰিটৰ মাজত কৰবাত হেৰাই গ’ল সেই মধুৰ দিনবোৰ ৷ কিন্তু আমি আজি আপোনাক যি কাহিনী ক'বলৈ ওলাইছো সেয়াও সাধুতকৈ কোনোগুণে কম নহয় ৷

সেই সাধুকথাত উল্লেখ থকাৰ দৰে পৌৰাণিক দিনত এনিশাৰ ভিতৰতেই যাদুকৰী সামগ্ৰী পাই এজন দুখীয়া খেতিয়ক ধনী হৈ যোৱাৰ দৰে অন্ধ্ৰপ্ৰদেশতো সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা ৷ অসমীয়াত এষাৰ কথা আছে- ভাগ্যৰ লিখন নহয় খণ্ডন ৷ অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাৰ এডুভাদালাপালেম গাঁৱত প্ৰতিদিনাৰ দৰেই এজন খেতিয়কে খেতিলৈ বুলি ওলাই গৈছিল ৷ তেওঁৰ পাম খেতিডৰাত তেওঁ পাইপ স্থাপন কৰিবলৈ খেতিডৰা চহাব লগা হৈছিল ৷ তেওঁ খেতিডৰা চহাওঁতেই প্ৰথমে এটি পুৰণি কলহ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে ৷ লগে লগে কলহটো দেখি লোকজন আচৰিত হৈ পুনৰ খেতিডৰা চহাবলৈ আৰম্ভ কৰে ৷ তেওঁ আৰু অলপ খান্দোতেই মাটিৰ তলৰ পৰা আৰু এটা কলহ উদ্ধাৰ কৰে (Gold coins in the oil palm plantation)৷

কলহটো পৌৰাণিক দিনৰ সাধুকথাত উল্লেখ থকাৰ দৰেই পুৰণি আছিল ৷ লগে লগে তেওঁ কলহটো ভাঙি চাওঁতে কলহটোৰ ভিতৰত 18 টা প্ৰচীন সোণৰ মুদ্ৰা লাভ কৰে (18 ancient gold coins found)৷ এই ভাগ্যশালী খেতিয়কজনৰ নাম হৈছে মানুকোণ্ডা তেজস্বী (Manukonda Tejaswi got ancient gold coins)৷ লগে লগে খবৰটো তেওঁ ঘৰৰ মানুহক জনায় ৷ এই ঘটনাৰ কথা তেওঁ স্থানীয় আৰক্ষীকো অৱগত কৰে ৷

খবৰ লাভ কৰিয়েই তেজস্বীৰ ঘৰলৈ অনুসন্ধানৰ বাবে আৰক্ষীৰ লোক উপস্থিত হয় ৷ অনুসন্ধানকাৰীয়ে জানিবলৈ দিয়া মতে প্ৰতিটো মুদ্ৰাৰ ওজন 8 গ্ৰামতকৈ বেছি হ’ব বুলি অনুমান কৰা হৈছে ৷ এই মুদ্ৰাকেইটা দুই শতিকাৰো আগৰ বুলি অনুসন্ধানকাৰী গোটটোৱে জানিবলৈ দিয়ে (Coins found date back two centuries)৷

লগতে পঢ়ক: Badaruddin Ajmal Comments : আজমলক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.