ETV Bharat / sports

FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা-নেডাৰলেণ্ডৰ

author img

By

Published : Dec 4, 2022, 7:35 AM IST

Updated : Dec 4, 2022, 8:54 AM IST

Messi World Cup goals
FIFA World Cup 2022

ফিফা বিশ্বকাপৰ গ্ৰুপ 16 পৰ্যায়ৰ দুখন খেলত আৰ্জেন্টিনাই অষ্ট্ৰেলিয়াক আৰু নেডাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিছে ৷ শনিবাৰে কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয়খনখেলত মুখামুখি হ’ব দুয়োটা দল (Netherlands to face Argentina in quarter final) ৷

নিউজ ডেস্ক, 4 ডিচেম্বৰ: ব্যক্তিগত কেৰিয়াৰৰ 1000 সংখ্যক ফুটবল মেচত প্ৰথম গ’ল কৰাৰ কৃতিত্ব অৰ্জন কৰিলে তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে (Lionel Messi goals) ৷ কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ নক আউট পৰ্যায়ৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 34 মিনিটত প্ৰথমটো গ’ল দিয়ে আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে ৷ 2-1 গ’লত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিমধ্যে ফিফা বিশ্বকাপ 2022 ৰ কোৱাৰ্টাৰ ফাইনেত প্ৰৱেশ কৰিছে আৰ্জেন্টিনাই (Argentina wins against Australia) ৷

মেছিয়ে নিজৰ বিখ্যাত লেফ্ট ফুট শ্বটেৰে 34 মিনিটত খেলখনৰ প্ৰথম গ’লটো কৰে ৷ এইটো হৈছে কাটাৰ বিশ্বকাপত মেছিৰ তৃতীয়টো গ’ল ৷ বিশ্বকাপৰ ইতিহাসত 9 টা গ’লেৰে ডিয়াগো মাৰাডোনাক অতিক্ৰম কৰিলে মেছিয়ে (Messi World Cup goals) ৷ ডিয়াগো মাৰাডোনাৰ বিশ্বকাপত গ’লৰ সংখ্যা আছিল 8 টা ৷ ফুটবল কেৰিয়াৰত মেছিৰ বৰ্তমানলৈকে গ’লৰ সংখ্যা হৈছে 789 টা ৷

এইবাৰৰ বিশ্বকাপ জয়ৰ বাবে যেন পণ লৈছে আৰ্জেন্টিনা দলটোৱে ৷ কিয়নো এইখনেই হ’ব পাৰে মেছিৰ ফুটবল কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ ৷ বৰ্তমানলৈকে 5 খন বিশ্বকাপত অংশ লৈছে লিঅ’নেল মেছিয়ে ৷

আৰ্জেন্টিনাৰ হৈ 57 মিনিটত দ্বিতীয়টো গ’ল কৰে জুলিয়ান এলভাৰঝে (Football World Cup updates) ৷ অষ্ট্ৰেলিয়াৰ হৈ 77 মিনিটত এটা গ’ল পৰিশোধ কৰে কেৰিগ গুডইনে ৷ কিন্তু খেলৰ সমাপ্তিত জয়ৰ হাঁহি মাৰে আৰ্জেন্টিনাই (Argentina beats Australia) ৷ কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডৰ মুখামুখি হ’ব মেছি বাহিনী ৷

গ্ৰুপ 16 ৰ আন এখন খেলত কালি নেডাৰলেণ্ডে 3-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে আমেৰিকাক (Netherlands beats USA) ৷ নেডাৰলেণ্ডৰ হৈ মেমফিচ ডিপেয়ে 10 মিনিটত প্ৰথমটো গ’ল কৰে ৷ ডিলে ব্লাইণ্ডে প্ৰথমাৰ্ধৰ 45+1 মিনিটত দ্বিতীটো গ’ল দিয়ে নেডাৰলেণ্ডৰ হৈ ৷ আমেৰিকাৰ হাজি ৰাইটে খেলৰ 76 মিনিটত এটা গ’ল পৰিশোধ কৰে ৷ কিন্তু সেয়া যথেষ্ট নাছিল ৷ খেলখনৰ 81 মিনিটত ডেনজেল ডামফ্ৰিছে নেডাৰলেণ্ডৰ হৈ পুনৰ এটা গ’ল কৰি ব্যৱধান 3-1 লৈ বৃদ্ধি (Netherland enters in FIFA quarter finals) ৷ এই বিজয়েৰে ইতিমধ্য কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিলে নেডাৰলেণ্ডে ৷

লগতে পঢ়ক: FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে অন্ত পৰিল বহুকেইটা শক্তিশালী দলৰ বিশ্বকাপৰ যাত্ৰা

Last Updated :Dec 4, 2022, 8:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.