ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jul 2, 2022, 9:04 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

আস্থা ভোটৰ পিছতহে হ’ব একনাথ সিন্দেৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত

শুকুৰবাৰে বিদ্ৰোহী শিৱসেনা বিধায়ক দীপক কেছাৰকাৰে জনোৱা মতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ৪ জুলাইত বিধানসভাৰ মজিয়াত হ’ব লগা আস্থা ভোটৰ পিছত কেবিনেট সম্প্ৰসাৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব (Shinde Fadnavis call on cabinet expansion after floor test) ।

Assam Flood : পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি

ৰাজ্যৰ অৰ্থনীতিত সাংঘাতিক প্ৰভাৱ পেলোৱা বান সমস্যা সমাধানৰ বাবে চৰকাৰে আজিলৈকে গ্ৰহণ কৰা নাই কোনোধৰণৰ পদক্ষেপ । প্ৰতিবছৰে হোৱা বানৰ বাবে ৰাজ্যখনৰ উন্নয়ন বহু পিছুৱাই গৈছে। বিগত পাঁচ বছৰৰ ভিতৰত সকলোতকৈ প্ৰলয়ংকৰী বান হৈছিল ২০১৭ চনত । সেই বছৰটোত বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৪১৬৪.৮১০ কোটি টকা আৰু ১৬০ জন লোকৰ মৃত্যু হৈছিল । এইবাৰৰ বানত আৰু অধিক বিস্তৰ ক্ষতি সাধন হৈছে ।

Kokrajhar District Day: কোকৰাঝাৰ জিলা দিৱস উদযাপন

কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে জিলাখনৰ 39 তম প্ৰতিষ্ঠা দিৱস উলহে মালহে পালন কৰা হয় ৷ এই বিশেষ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (CEM Pramod Bodo) ৷

Ganja seized in Nazira: শিমলুগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা

ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ মাজতে শিমলুগুৰিৰ নাজিৰাত বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰা হয় (Ganza seized at Simaluguri)৷ শিমলুগুৰি মণিপুৰী গাঁৱৰ ৰাজুমণি দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত যোৱা নাজিৰা আৰু শিমলুগুৰি আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷

মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য

মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য(JMB cadre arrested by Guwahati police) । ধৃত সদস্যজনৰ নাম ইনামুল হক । ধৃত ইনামুলক দিছপুৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

National Doctors Day 2022: নাজিৰাৰ হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় পালন চিকিৎসক দিৱস

শুকুৰবাৰে নাজিৰাৰ লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় (National Doctors Day celebrated in India on July 1)৷ দিনযোৰা কাৰ্যসূচীৰে হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলে উদযাপন কৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।

প্ৰেমৰ লটি-ঘটি: অলপ কনফিউচড; পত্নীয়ে হেৰুৱালে স্বামীক - স্বামীয়ে হেৰুৱালে পত্নীক !

ধুবুৰীৰ ৰাজপথত হুকহুকাই কান্দিছে এগৰাকী মহিলা আৰু এজন যুৱকে । দুয়ো একেলগে বিচাৰি ফুৰিছে নিজৰ আপোনজনক । কলৈ গ'ল তেঁওলোকৰ আপোনজন(Mysterious disappearance in Dhubri) ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন(little confused) ।

Jal Jivan Mission: অসমত জলজীৱন আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰ

অসমত জলজীৱন আঁচনি সঠিক ৰূপায়ণত ব্যৰ্থ ৰাজ্য চৰকাৰ (Fail to implement Jal Jivan Mission in Assam) । অসমে নিৰ্দ্ধাৰিত লক্ষ্যৰ সম্পূৰ্ণ কৰিছে ৩৮ শতাংশহে। জুনলৈকে ৰাজ্য়ত সম্পূর্ণ হৈছে ৩৮.৪৫ শতাংশ ঘৰত টেপৰ দ্বাৰা খোৱাপানী যোগান।

হায়দৰাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ দুদিনীয়া বৈঠক

শনিবাৰৰ পৰা হায়দৰাবাদত আৰম্ভ হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ দুদিনীয়া বৈঠক (BJP national executive meeting in Hyderabad)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ সকলো অধিবেশনত অংশগ্ৰহণ কৰিব ৷

APHLC ৰ মুখপাত্ৰ আংতং ইংতি কথাৰক গ্ৰেপ্তাৰ

শুকুৰবাৰে কোনো গোচৰৰ শুনানিত হাজিৰ হোৱাৰ বাবে ডিফু আদালতত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে এ পি এইচ এল চিৰ মুখপাত্ৰ আংতং ইংতিক গ্ৰেপ্তাৰ কৰে (APHLC spokesperson Angtong Ingti Kathar)। পৰৱৰ্তী সময়ত কাথাৰক মাঞ্জাৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । এই ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.