ETV Bharat / state

National Doctors Day 2022: নাজিৰাৰ হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় পালন চিকিৎসক দিৱস

author img

By

Published : Jul 2, 2022, 8:42 AM IST

শুকুৰবাৰে নাজিৰাৰ লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় (National Doctors Day celebrated in India on July 1)৷ দিনযোৰা কাৰ্যসূচীৰে হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলে উদযাপন কৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।

Doctors Day celebrated  at najira
Doctors Day celebrate: নাজিৰা লিগিৰী পুখুৰী চিকিৎসালয়ত চিকিৎসক দিৱস পালন

নাজিৰা, 2 জুলাই: বৃহত্তৰ নাজিৰাৰ জনসাধাৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত ৰোগীক উপযুক্ত চিকিৎসা সেৱা প্ৰদানেৰে নিৰোগী কৰি তুলাৰ প্ৰচেষ্টাৰ লগতে চিকিৎসকসকলে 24 ঘন্টাই নিস্বাৰ্থভাৱে জনসেৱা আগবঢ়াই আহিছে ৷

নিজৰ কৰ্মব্যস্তাৰ মাজতে শুকুৰবাৰে শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাৰ লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগতে শিৱসাগৰ দিৱস পালন কৰে চিকিৎসক সকলে (National Doctors Day 2022) ৷ দিনযোৰা কাৰ্যসূচীৰে হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে উদযাপন কৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস।

Doctors Day celebrate: নাজিৰা লিগিৰী পুখুৰী চিকিৎসালয়ত চিকিৎসক দিৱস পালন

এই বিশেষ দিনটোত নাজিৰাৰ লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় চৌহদত গছপুলি ৰোপন কৰাৰ লগতে কেক কাটি সকলোৱে উদযাপন কৰে চিকিৎসক দিৱস । চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে অহা প্ৰতিগৰাকী ব্যক্তিয়ে যাতে শুদ্ধ বায়ু তথা অক্সিজেন পায় তাৰ প্ৰতি লক্ষ্য ৰাখি গছপুলি ৰোপন কৰা হৈছে বুলি চিকিৎসালয়খনৰ সঞ্চালগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।

উল্লেখ্য যে, প্ৰতি বছৰে 1 জুলাইত দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ৷ জনস্বাস্থ্যৰ সেৱাৰ্থে 24 ঘন্টাই নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা চিকিৎসা পেছাধাৰীসকলৰ প্ৰতি সন্মান জনোৱাৰ বাবেই দেশজুৰী পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস(National Doctors Day celebrated in India on July 1)৷

লগতে পঢ়ক: হোজাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.