ETV Bharat / state

হোজাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

author img

By

Published : Jul 1, 2022, 3:52 PM IST

হোজাই জিলা স্বাস্থ্য বিভাগৰ আৰু ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচনৰ উদ্যোগত হোজাই অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হয় (National Doctors’ Day celebrated in Hojai) । এই দিৱসৰ লগত সংগতি ৰাখি হোজাই জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ৰ চৌহদত বৃক্ষৰোপণ কৰা হয় (Tree plantation programme in Hojai) ৷

National Doctors’ Day celebrated in Hojai
হোজাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

হোজাই, 1 জুলাই: আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (National Doctors’ Day ) । প্ৰতি বছৰে 1 জুলাইত নিস্বাৰ্থভাৱে আৰু দিনটোৰ চৌব্বিশ ঘণ্টাই সেৱা আগবঢ়োৱা চিকিৎসা বৃত্তিধাৰীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন আৰু সন্মান জনোৱাৰ বাবে দেশত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় (National Doctors’ Day celebrated in India on July 1) ।

হোজাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

হোজাই জিলা স্বাস্থ্য বিভাগ আৰু ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচনৰ(Indian Medical Association) উদ্যোগত হোজাই অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হয় (National Doctors’ Day celebrated in Hojai) ৷ এই দিৱসৰ লগত সংগতি ৰাখি হোজাই জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ৰ চৌহদত বৃক্ষ ৰূপণ কৰা হয় (Tree plantation programme in Hojai) ৷

বৃক্ষৰূপণ কাৰ্যসূচীত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অৰূপ জ্যোতি মহন্ত, ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন সভাপতি, চিকিৎসক আৰু জিলা অসামৰিক চিকিৎসালয়ৰ বিষয়া ড৹ ৰঞ্জু ৰাজখোৱা উপস্থিত থাকে ৷ পৰবৰ্তী সময়ত ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন আৰু হোজাই জিলা হেল্থ চছাইটিৰ উদ্যোগত জিলা অসামৰিক চিকিৎসালত এক ৰক্তদান শিবিৰৰো আযোজন কৰা হয় (Blood donation camp on the occasion of National Doctors’ Day) ।

ৰক্তদান শিবিৰত লংকা শাখাৰ সীমা সুৰক্ষা বলৰ জোৱান, হোজাই স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, স্কাউট এণ্ড গাইডৰ সদস্য আৰু হোজাইৰ NGO ৰ সদস্য সকলে ৰক্ত দান কৰে । নিশা হোজাইৰ জ্যেষ্ঠ চিকিৎসক ড৹ ইন্দ্ৰ মোহন শৰ্মা আৰু ড৹ ভাৰত বৰাক জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা সম্বৰ্ধনা প্ৰদান কৰা হ’ব বুলি জিলা স্বাস্থ্য বিষয়া ড৹ ৰঞ্জু ৰাজখোৱাই জানিব দিয়ে ।

লগতে পঢ়ক: National Doctors Day 2022: ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ তাৎপৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.