ETV Bharat / state

প্ৰেমৰ লটি-ঘটি: অলপ কনফিউচড; পত্নীয়ে হেৰুৱালে স্বামীক - স্বামীয়ে হেৰুৱালে পত্নীক !

author img

By

Published : Jul 2, 2022, 8:52 AM IST

Updated : Jul 9, 2022, 3:32 PM IST

ধুবুৰীৰ ৰাজপথত হুকহুকাই কান্দিছে এগৰাকী মহিলা আৰু এজন যুৱকে । দুয়ো একেলগে বিচাৰি ফুৰিছে নিজৰ আপোনজনক । কলৈ গ'ল তেঁওলোকৰ আপোনজন(Mysterious disappearance in Dhubri) ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন(little confused) ।

dhuburi husband wife missing
প্ৰেমৰ লটি-ঘটি: পত্নীয়ে হেৰুৱালে স্বামীক-স্বামীয়ে হেৰুৱালে পত্নীক

ধুবুৰী, ২ জুলাই: ধুবুৰীৰ ৰাজপথত আপোনজনক বিচাৰি নাপাই এগৰাকী মহিলা আৰু এজন যুৱকে হিয়া ঢাকুৰি কান্দিছে । কিয়নো মহিলাগৰাকীয়ে হেৰুৱাইছে স্বামীক আৰু যুৱকজনে হেৰুৱাইছে পত্নীক । নিৰুদ্দেশ হোৱা বুলি বিচাৰি আহি পালে বেয়া খবৰহে(Mysterious disappearance in Dhubri) । মহিলাগৰাকীৰ স্বামীয়ে পলুৱাই নিলে যুৱকজনৰ পত্নীক । ইয়াকে লৈ হিয়া ঢাকুৰি কান্দিছে দুয়ো (little confused) ।

দৰাচলতে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ পোৰাৰচৰ গাঁৱৰ বাবু শেখ নামৰ যুৱকজনৰ পত্নী ৰেষ্মী খাতুনে বৃহস্পতিবাৰে ধুবুৰীৰ এটা বেংকৰ পৰা ধন উলিয়াবলৈ আহিছিল । কিন্তু বেংকৰ পৰা ৬০ হেজাৰ টকা উঠোৱাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছে ৰেষ্মী । সেয়ে যুৱকজনে ধুবুৰী চহৰত উপস্থিত হৈ বিভিন্ন ঠাইত বিচাৰ খোচাৰ চলাই অৱশেষত ধুবুৰী সদৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ।

প্ৰেমৰ লটি-ঘটি: পত্নীয়ে হেৰুৱালে স্বামীক-স্বামীয়ে হেৰুৱালে পত্নীক

ইফালে একে সময়ৰ পৰাই সন্ধানহীন হৈ আছিল মহিলাগৰাকীৰ স্বামী ৰকিদুল হক । মহিলাগৰাকীয়েও স্বামীক বিচাৰি উপস্থিত হয় ধুবুৰী চহৰত । স্বামীক বিচাৰি নাপাই কান্দি কান্দি ঘূৰি ফুৰিলে ধুবুৰী চহৰত । পিছে বাবু শেখ নামৰ যুৱকজনক লগ পোৱাৰ পাছতে ওলাল উৰহীৰ ওৰ । মহিলা গৰাকীৰ স্বামী ৰকিদুলে পলুৱাই লৈ গ'ল বাবু শেখৰ পত্নী ৰেষ্মী খাতুনক । ইয়াকে লৈ স্বামীহাৰা পত্নী আৰু পত্নীহাৰা স্বামীয়ে ধুবুৰীৰ ৰাজপথতে নিগৰালে চকুলো ।

জানিব পৰামতে ৰকিদুল হকৰ আছে পূৰ্বৰ দুগৰাকী পত্নী আৰু তিনি সন্তান । আনপিনে ৰেষ্মী খাতুনৰো আছে এটি কণমানি পুত্ৰ সন্তান । সেয়ে স্বামী আৰু পত্নীক হেৰুৱাই এইদৰে ব্যকুল পৰিছে দুয়ো । এতিয়া পৰৱৰ্তী সময়ত এই বিষয়ে কি পৰ্যায় পায়গৈ সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: ৰঙাপৰা ধূলাপাদুং চাহ বাগিচাত পৱিত্ৰ ৰথযাত্ৰা মহোৎসৱ

Last Updated : Jul 9, 2022, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.