ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 4, 2022, 11:04 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam Book Fair : আজিৰে 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

আজিৰে পৰা 13 নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair To Be Held At Dhemaji)৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত 100 ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷

Urea Fertilizer seized : হাইলাকান্দিত জব্দ অবৈধ সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক

ৰাজ্য়ত অব্য়াহত ইউৰিয়া সাৰৰ চোৰাং বেহা (Urea Fertilizer Smuggling in Assam) ৷ ইয়াৰ মাজতে হাইলাকান্দিত জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি এখন ট্ৰাক । বৃহস্পতিবাৰে নিশা আলগাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আলমতে হাইলাকান্দি জিলাৰ আলগাপুৰ আৰক্ষী চকীৰ সম্মুখত চলাই এক অভিযান ৷ এই অভিযানতে নথি পত্ৰ বিহীন AS 25 B 2671 নম্বৰৰ এখন সাৰভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

Government policy on Assam-Meghalaya border : চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ

অসম-মেঘালয় সীমান্তৰ(Assam-Meghalaya border) এক বৃহৎ ভূখণ্ড মেঘালয়ে দখল কৰাৰ লগতে বিবাদিত অঞ্চল হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ ইয়াকে লৈ বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল ডিফু ৷

DAC Election 2022: মাজুলীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভৱেশ কলিতাৰ প্ৰচাৰ

অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)। বৃহস্পতিবাৰে ৯ নং মাজুলী পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীৰ হৈ প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita )।

PDS rice scam at Silapathar : চিলাপথাৰত সমবায় এজেন্টে সুলভ মূল্যৰ চাউল আত্মসাতৰ অভিযোগ

চিলাপথাৰৰ অন্তৰ্গত মুক্তিয়াৰ সমবায় সমিতিত বুজন পৰিমাণৰ সূলভ মূল্যৰ চাউল আত্মসাতৰ এটা ঘটনা পোহৰলৈ আহিছে (PDS rice scam at Silapathar)। খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক যোগান ধৰা চাউল যোৱা দুটা মাহে হিতাধিকাৰীক আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

Ajmal on Congress: কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ; দৃঢ় বিশ্বাসী আজমল

২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্রতাৰ পোষকতা (Badaruddin Ajmal hope for alliance with congress) কৰিলেও কিন্তু প্ৰদেশ কংগ্ৰেছক সমালোচনা কৰাত অলপো কৃপণালি কৰা নাই আজমলে । কংগ্ৰেছত আজি যিসকল নেতা আছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা খাইছে বাবেই বিজেপিক ইয়াৰ পৰা বিদায় দিব লাগে বুলি ক’বলৈ সাহস নকৰে বুলি মন্তব্য আজমলৰ (Ajmal criticizes Congress) ৷

Piyush Hazarika got angry: পুলিচ আমাৰ মতে চলে ডিচিয়ে আমাৰ কথা শুনে; পীযুষ হাজৰিকাৰ হুংকাৰ

বৃহস্পতিবাৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰিকাই (DAC election campaign in Lakhimpur)৷ ভাষণ প্ৰদান কৰি থকা অৱস্থাতে জেপিপি দলৰ একাংশ সমৰ্থকে সভা গৃহৰ সন্মুখৰ পথেৰে যাত্ৰা কৰি অৱস্থাত দীঘলীয়াকৈ হৰ্ণ বজোৱাত ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী ৷

Rice Paddy Cutting Combine Harvester Machine: বিহালীৰ পথাৰত ধান কটা-মৰণা মৰা বিশেষ মেচিন

বিশ্বনাথৰ গহপুৰৰ পথাৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে নমোৱা হ'ল Combine Harvester নামৰ ধান কটা মৰণা মৰা মেচিন । অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা এপাৰ্ট আঁচনিৰ অধীনত গুপ্তকাশী ফাৰ্মাচ কোম্পানীৰ সহযোগত গহপুৰৰ পূব ডুবিয়া কৃষি পথাৰত এই মেচিনৰ জৰিয়তে ধান কটা, মৰণা মৰা কাৰ্যৰ শুভাৰম্ভ কৰা হয়(Combine harvester machine at gohpur paddy field) ।

Wine Shop Controversy: নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা আছুৰ

নতুনকৈ সুৰাৰ বিপনী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction about new wine shop license) । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা যোৰহাট আছু ৷

50th Anniversary of Media Movement: মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আছুৰ বিশেষ অনুষ্ঠান

বৃহস্পতিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে অনুষ্ঠিত বিশেষ অনুষ্ঠান অনুস্থিত হয় (50th Anniversary of Media Movement) ৷ অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অতিথি অধ্যাপক অৱনী কুমাৰ ভাগৱতী, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.