Urea Fertilizer seized : হাইলাকান্দিত জব্দ অবৈধ সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক

By

Published : Nov 4, 2022, 10:48 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্য়ত অব্য়াহত ইউৰিয়া সাৰৰ চোৰাং বেহা (Urea Fertilizer Smuggling in Assam) ৷ ইয়াৰ মাজতে হাইলাকান্দিত জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি এখন ট্ৰাক । বৃহস্পতিবাৰে নিশা আলগাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আলমতে হাইলাকান্দি জিলাৰ আলগাপুৰ আৰক্ষী চকীৰ সম্মুখত চলাই এক অভিযান ৷ এই অভিযানতে নথি পত্ৰ বিহীন AS 25 B 2671 নম্বৰৰ এখন সাৰভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ এই ট্ৰাকখনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা প্ৰায় ৩৪০ বেগ ইউৰিয়া সাৰ জব্দ কৰে আলগাপুৰ আৰক্ষীয়ে (Huge amount of Urea Fertilizer seized in Hailakandi) ৷ লগতে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক সামি উদ্দিন লস্কৰক । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে আলগাপুৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু বৰুৱাই ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.