Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

author img

By

Published : Nov 4, 2022, 10:39 AM IST

Updated : Nov 4, 2022, 11:06 AM IST

Assam Book Fair

আজিৰে পৰা 13 নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair To Be Held At Dhemaji)৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত 100 ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷

ধেমাজি, 4 নৱেম্বৰ : আজিৰে পৰা 13 নৱেম্বৰলৈকে পোন প্ৰথমবাৰৰ বাবে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair inauguration from November 4 in Dhemaji) ৷ ধেমাজিত অনুষ্ঠিত হ’ব লগা 10 দিনীয়া অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷

অসম প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে সাজু হৈ উঠিছে কাছাৰী ময়দানত গ্ৰন্থমেলাৰ তোৰণ, কিতাপৰ বিপনী, অস্থায়ী প্ৰেক্ষাগৃহ আদি ৷ শুকুৰবাৰে বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাখন উদ্বোধন কৰা হ’ব ৷ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷

10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি কূলধৰ শইকীয়া, ড৹ প্ৰদীপজ্যোতি মহন্ত ৷

তথ্য অনুসৰি, এই গ্ৰন্থমেলাত অংশ ল’ব 100 ৰো অধিক কিতাপৰ বিপনীয়ে ৷ য’ত থাকিব দিল্লী আৰু কলিকতাৰ পৰা অহা কিতাপৰ বিপনীও ৷ এইবছৰ গ্ৰন্থমেলাই গ্ৰন্থপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশাবাদী আয়োজক কমিটী ৷ কেৱল এই বছৰেই নহয়, প্ৰতিবছৰে ধেমাজিত গ্ৰন্থমেলা অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷

ধেমাজি গ্ৰন্থমেলাৰ 10 দিনীয়া কাৰ্যসূচীৰ ভিতৰত আছে সাহিত্য বিষয়ক বিভিন্ন আলোচনা চক্ৰ , কবি সন্মিলন, শিশুৰ দিন, অৰুণাচলৰ অসমীয়া লেখকসকলৰ অন্তৰংগ আলাপ, ধেমাজি জিলাৰ প্ৰতিভাধৰসকলৰ সমাৰোহ, যুৱ লেখকৰ সাহিত্যানুষ্ঠান তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ।

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যাগত ৰাজ্যৰ পাঁচটা স্থানত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে (Assam Book Fair in 5 places) ৷ ধেমাজিৰ পৰা আৰম্ভ হৈ নলবাৰী, যোৰহাট, গুৱাহাটী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair) ৷

এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ বাহিৰৰ গ্ৰন্থ বিপণীয়েও । আনকি এই গ্ৰন্থমেলাত বিদেশৰ গ্ৰন্থ বিপণীও অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Assam Book Fair: গুৱাহাটীকে ধৰি ৰাজ্যৰ ৫ স্থানত অসম গ্ৰন্থমেলা

Last Updated :Nov 4, 2022, 11:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.