Ajmal on Congress: কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ; দৃঢ় বিশ্বাসী আজমল

author img

By

Published : Nov 3, 2022, 9:41 PM IST

Badaruddin Ajmal hope for alliance with congress

২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্রতাৰ পোষকতা (Badaruddin Ajmal hope for alliance with congress) কৰিলেও কিন্তু প্ৰদেশ কংগ্ৰেছক সমালোচনা কৰাত অলপো কৃপণালি কৰা নাই আজমলে । কংগ্ৰেছত আজি যিসকল নেতা আছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা খাইছে বাবেই বিজেপিক ইয়াৰ পৰা বিদায় দিব লাগে বুলি ক’বলৈ সাহস নকৰে বুলি মন্তব্য আজমলৰ (Ajmal criticizes Congress) ৷

গুৱাহাটী, 3 নবেম্বৰ: সংঘাত আছে যদিও বিজেপিক প্ৰতিহত কৰাৰ বাবে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এতিয়াও বিচাৰে কংগ্ৰেছৰে মিত্রতা (Badaruddin Ajmal hope for alliance with congress)। ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্রতাৰ পোষকতা কৰিলেও কিন্তু প্ৰদেশ কংগ্ৰেছক সমালোচনা কৰাত অলপো কৃপণালি নকৰিলে আজমলে (Ajmal criticizes Congress)।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত সাংসদ আজমলে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, কংগ্ৰেছত আজি যিসকল আছে তেওঁলোকে পইচা খাইছে বাবেই বিজেপিৰ বিৰুদ্ধে মাত মতাৰ সাহস গোটাব নোৱাৰে । তেওঁ কয় যে, বিৰোধী ঐক্যবদ্ধ হ'ব নোৱাৰিলে বিজেপিক অসমৰ পৰা আঁতৰ কৰিব পৰা নাযাব (Ajmal on Lok sabha election 2024)।

তেওঁ লগতে কয় যে, কংগ্ৰেছে গোলকগঞ্জৰ পৰা ভাৰত জোড়ো যাত্রা আৰম্ভ কৰিছে আৰু সেই গোলকগঞ্জৰ বিধায়কক এ আই ইউ ডি এফে জয়ী কৰাইছে । আমাৰ লগত চুক্তি হোৱা বাবেই কেইবাখনো আসনত কংগ্ৰেছ জয়ী হৈছে (Ajmal on Bharat jodo yatra)। এতিয়া তেওঁলোকে বহুত কিবাকিবি ক'ব পাৰে । কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মাৰ 'পেইড লীডাৰ'সকলে মাহেকত তথা বাহিৰত গ'লে পইচা পায় । যাৰবাবে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে ।

কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ

থাৰ্ড ফ্ৰণ্টত যোগদান কৰাৰ কথা সদৰি কৰি তেওঁ কয় যে, কংগ্ৰেছ আহিলে আহিব পাৰিব । তাত ক'বলগীয়া একো নাই । শেষলৈকে আমি কংগ্ৰেছ অহাটো বিচাৰিম বুলি সদৰি কৰি তেওঁ কয় যে, আমাক কংগ্ৰেছ লাগে । কংগ্ৰেছে এ আই ইউ ডি এফক সাম্প্ৰদায়িক আখ্যা দিয়া সন্দৰ্ভত তেওঁ কয় যে, কাৰোবাৰ যদি চকুৰ বেমাৰ থাকে তাত কি কৰিব পৰা যায় । ঘোঁৰাক গাধ দেখিলে আমাৰ কি অসুবিধা বুলি উল্লেখ কৰি নেত্রালয়ত যোৱাৰ কথা তেওঁ উল্লেখ কৰে ।

এ আই ইউ ডি এফ বিজেপিৰ কোনো বি টিম নহয় বুলি সদৰি কৰি তেওঁ কয় যে, কংগ্ৰেছত বিজেপিৰ 'এ'ৰ পৰা 'জেদ'লৈ টিম আছে । লগতে উজনিত কংগ্ৰেছৰ কোনো স্থিতি নাই বুলিও উল্লেখ কৰে আজমলে ।

লগতে পঢ়ক: Assam TMC protest: চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে এতিয়া সুৰাৰ আশ্ৰয় লোৱাটো লজ্জাজনক; আক্ষেপ ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.