ETV Bharat / state

শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

author img

By

Published : May 12, 2022, 8:45 PM IST

Updated : May 12, 2022, 8:53 PM IST

গুণোৎসৱৰ মাজতেই বঙাইগাঁৰ 2 নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত হাহাকাৰ
গুণোৎসৱৰ মাজতেই বঙাইগাঁৰ 2 নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত হাহাকাৰ

গুণোৎসৱৰ মাজতেই বঙাইগাঁৱৰ 2 নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Tense situation in Bongaigaon during Gunotsav Assam 2022) ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তিৰ ধন আত্মসাৎ কৰাৰ লগতে বেংক একাউন্ট খোলাৰ নামত বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ পৰা টকা লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

বঙাইগাঁও, 12 মে’ : বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022)। তিনিটা পৰ্যায়ত হ’ব লগা গুণোৎসৱৰ প্ৰথম পৰ্যায়তে বঙাইগাঁৱৰ এখন বিদ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত 2 নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ এক অভিযোগ উত্থাপিত হৈছে ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তিৰ ধন আত্মসাৎ কৰাৰ লগতে বেংক একাউন্ট খোলাৰ নামত বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ পৰা লৈছে 500 টকাকৈ (Teacher accused of embezzlement of money) ৷ আনকি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ধনো আত্মসাৎ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

গুণোৎসৱৰ মাজতেই বঙাইগাঁৰ 2 নং বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত হাহাকাৰ

আনহাতে, মাজে সময়ে মধ্যাহ্ন ভোজনৰ নামত আহাৰ যোগান ধৰাৰ নামতো কিছু খেলি-মেলি কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ আনকি পৰিচালনা সমিতিক গুৰুত্ব নিদি পৈতৃক সম্পত্তিৰ দৰে বিদ্যালয়খন ব্যৱহাৰ কৰাৰো অভিযোগ তোলে পৰিচালনা সমিতিৰ একাংশ সদস্য তথা স্থানীয় ৰাইজে ৷

ইফালে বিদ্যালয়খনত নাই পৰ্যাপ্ত ডেস্ক-বেঞ্চ ৷ যাৰ বাবে গুণোৎসৱ চলি থকাৰ বাবে অইন বিদ্যালয়ৰ পৰা ডেস্ক-বেঞ্চ ধাৰ কৰি আনিছে প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে ৷ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ এই কাণ্ডত এতিয়া ক্ষোভিত হৈ পৰিছে বিদ্যালয় পৰিচালনা সমিতি তথা স্থানীয় ৰাইজ ৷

ইফালে সংবাদ মাধ্যমৰ আগত প্ৰধান শিক্ষয়ত্ৰী ৰীনা বৰ্মনে টকা লোৱাৰ কথা স্বীকাৰ কৰে । সেয়ে স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বিহীত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : Gunotsav Assam 2022: এই গুনোৎসৱে নিৰ্ণয় কৰিব পাৰিব নে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মান ?

Last Updated :May 12, 2022, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.