ETV Bharat / state

Gunotsav Assam 2022 : গুণোৎসৱ উপলক্ষে ছিপাঝাৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By

Published : May 11, 2022, 5:02 PM IST

ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022)। প্ৰথম দিনাৰ গুণোৎসৱৰ কাৰ্যসূচীৰ স্বৰূপে ছিপাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Gunotsav Assam 2022
গুণোৎসৱ উপলক্ষে ছিপাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

দৰং, 11 মে’ : বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022)। বুধবাৰে ছিপাঝাৰত প্ৰথম দিনাৰ গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Sarma inaugurate Gunotsav Assam 2022 at Sipajhar) ।

Gunotsav Assam 2022
ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

তথ্য অনুসৰি, 46 হাজাৰ বিদ্যালয়ত 3 টা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ । 11 মে’ৰ পৰা আৰম্ভ হোৱা এই গুণোৎসৱ 4 জুনলৈকে অনুষ্ঠিত হ’ব ৷ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে পুৱাই ছিপাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

গুণোৎসৱ উপলক্ষে ছিপাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

বুধবাৰৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনটোতে বিদ্যালয় পৰিদৰ্শন কৰাৰ উদ্দেশ্যে দৰঙৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু বি.জে.বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰিলে মত বিনিময় ৷ গুণোৎসৱৰ এই কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগু ৷

Gunotsav Assam 2022
গুণোৎসৱ উপলক্ষে ছিপাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ইফালে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম কাৰ্যসূচীৰ দিনাই এক ব্যতিক্ৰমী সাজত দেখা গ’ল বি.জে. বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীক ৷ বগা সাজ আৰু উদং ভৰিৰে গুণোৎসৱ উপলক্ষে বিদ্যালয়ত উপস্থিত হ’ল পঞ্চম শ্ৰেণীৰ ছাত্ৰ চিন্ময় চহৰীয়া ৷ কিয়নো এঘাৰ দিন পূৰ্বে মৃত্যু হৈছিল চিন্ময় চহৰীয়াৰ পিতৃৰ ৷

ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

উল্লেখ্য যে, গুণোৎসৱ উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক কৰি দিছিল ৷ সেয়ে বগা সাজ পৰিধান কৰি হ’লেও বিদ্যালয়ত উপস্থিত হয় বি. জে. বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ চিন্ময় চহৰীয়া ৷

লগতে পঢ়ক : গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.