ETV Bharat / state

বঙাইগাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু

author img

By

Published : May 1, 2019, 9:53 PM IST

পাতিলাদহাত সৰ্প দংশনত মহিলাৰ মৃত্যু। ফেটি সাপে দংশন কৰাৰ সন্দেহ ৰাইজৰ। বেজৰ বেজালিত কৰুণ মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ সচেতন ৰাইজৰ।

বঙাইগাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু

বঙাইগাঁও, 1 মেঃ বঙাইগাঁৱৰ পাতিলাদহা বাওবাৰীত ফেটী সাপৰ দংশন মৃত্যু হয় এগৰাকী মহিলাৰ। খবৰ অনুসৰি, দুপৰীয়া আহাৰ গ্ৰহণ কৰি পথাৰত গৰু চৰাবলৈ যাওঁতে বাওঁ ভৰিত সাপে দংশন কৰে। লগে লগে প্ৰত্যক্ষদৰ্শীয়ে ভৰিত বান্ধ দি বঙাইগাঁৱৰ চকিহালী পাৰেয়াপাৰা গাঁৱৰ নিতাই দাস নামৰ বেজ গৰাকীৰ ওচৰলৈ লৈ যায়। বেজে জৰা-ফুকা কৰি সাপৰ বিষ নামিছে বুলি কৈ ভৰিৰ বান্ধ খুলি দিয়াৰ পাচতে অচেতন হৈ পৰে মহিলা গৰাকী। পাচত মাণিকপুৰ মহত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক ।

বঙাইগাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু


উল্লেখ্য যে, বিগত বৰ্ষতো মহিলা গৰাকী আৰু তেখেতৰ কন্যাক সাপে দংশন কৰে ৷ দংশনত মহিলাগৰাকীৰ কন্যাৰ মৃত্যু হয় যদিও সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰে মহিলাগৰাকী ৷ আনহাতে, একাংশ স্থানীয় সচেতন নাগৰিকে বেজৰ এই নাৰকীয় কাণ্ডক ধিক্কাৰ দি বেজৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক দাবী জনায়।

Intro:পাতিলাদহাত সৰ্প দংশনত মহিলাৰ মৃত্যু। ফেটি সাপে দংশন কৰাৰ সন্দেহ ৰাইজৰ। বেজৰ বেজালিত কৰুণ মৃত্যুক সাৱটি ললে মহিলাজনীয়ে। Body:
বঙাইগাঁও জিলাৰ পাতিলাদহা বাওবাৰীত নিজ ঘৰতে ফেটী সাপে দংশন কৰাত এজনী মহিলাৰ মৃত্যু হয়। জানিব পৰা মতে অইন দিনাৰ দৰে দুপৰীয়া ভাত পানী খাই পথাৰত গৰু চৰাবলৈ যাওঁতে বাও ভৰিত দংশন কৰে। লগে লগে ওচৰতে অন্য ব্যক্তিয়ে ভৰিত বান্ধ দি বঙাইগাঁও জিলাৰে চকিহালী পাৰেয়াপাৰা গাওঁৰ নিতাই দাস নামৰ বেজৰ ওচৰলৈ লৈ যায়। বেজে জোৰা ফুকা কৰি সাপৰ বিষ নামিছে বুলি কৈ ভৰিৰ বান্ধ খুলি দিয়াত লগে লগে তাই অচেতন হৈ পৰে। পিছত মাণিকপুৰ মহত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ডাক্তৰে মৃত বুলি ঘোষনা কৰে। উল্লেখ্য যে যোৱা বছৰো তেওঁক আৰু একবাৰ সাপে দংশন কৰিছিল আৰু তাৰ পিছত তাইৰ ডাঙৰ ছোৱালী সৰ্প দংশনত মৃত্যু হৈছিল। আজি এবছৰ সম্পূৰ্ণ নহওঁতেই তেওঁৰ মৃত্যু হল। মৃত তাইজুন নেছা (৪০)মৃত্যুৰ সময়ত তিনিজন লৰা আৰু দুজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃতুত অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। লগতে স্থানীয় একাংশ সচেতন নাগৰিকে বেজৰ এই নৰকীয় কাণ্ডক ধিক্কাৰ দি বেজৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ প্ৰশাসনক দাবী জনায়।Conclusion:স্থানীয় ৰাইজৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.