ETV Bharat / state

চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

author img

By

Published : Jun 2, 2022, 10:44 AM IST

চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে
চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

বুধবাৰে নিশা পশ্চিম বিলাসীপাৰা আৰু বঙাইগাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Bilasipara and Bongaigaon) ৷ ৰাজ্যৰ দুটা ভিন্ন স্থানত সংঘটিত হোৱা এই দুৰ্ঘটনাত মৃত্যু হয় দুজন ব্যক্তিৰ ৷

পশ্চিম বিলাসীপাৰা/বঙাইগাঁও, 2 জুন : বিলাসীপাৰাত অঘটন ৷ বুধবাৰে নিশা চিৰাকুটাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Bilasipara) । তীব্ৰবেগী ছুইফট বাহনে মহতিয়াই নিলে মাতৃসহ দুই জীয়ৰীক । তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় চিৰাকুটাৰ বুল বুলি বেওয়া (55) (Woman death in a Road accident) ।

জানিব পৰা মতে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মৃত বুল বুলি বেওয়াৰ দুই কন্যা আছমিনা বেগম আৰু হাছেনা বেগম । ঘটনাৰ বিৱৰণি অনুসৰি, দিন হাজিৰা কৰি নিশা ঘৰৰ অভিমুখে আহি আহিছিল বুল বুলি বেওয়া আৰু তেওঁৰ দুই কন্যা ৷ সেই সময়তে বিলাসীপাৰা চাপৰ অভিমুখে আহি থকা এখনে ছুইফট বাহনে মহতিয়াই লৈ যায় মাতৃসহ দুই কন্যাক ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ ৷

লগে লগে আহত তিনিগৰাকী মহিলাকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ ৷ কিন্তু আহত তিনিওৰে অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে বুল বুলি বেওয়াক ইতিমধ্যে মৃত বুলি ঘোষণা কৰে ৷

আনহাতে, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকে বাহনসহ শালকোচা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে । তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 19 Q 5551 । এই দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীও আৰম্ভ কৰিছে তদন্ত ৷

চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে
চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

ইফালে বুধবাৰে নিশা বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তন পাৰাতো সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা (Road accident in Bongaigaon) । এই দুৰ্ঘটনাত আবুল কায়ুম নামৰ এগৰাকী পথচাৰী নিহত হয় (Man death in a Road accident) । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, কীৰ্ত্তনপাৰা বজাৰৰ সমীপৰ গড়কাপ্তানী পথত AS 19 M 8540 নম্বৰৰ এখন তীব্ৰবেগী গ্লেমাৰ বাইকে মহতিয়াই লৈ যায় আবুল কায়ুম নামৰ যুৱকজনক ৷

যাৰ ফলত গুৰুতৰভাৱে আহত হয় আবুল কায়ুম । পৰৱৰ্তী সময়ত আহত আবুল কায়ুমক বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত লৈ যোৱা হয় ৷ কিন্তু মাজবাটতে মৃত্যু হয় দুৰ্ঘটনাত পতিত হোৱা লোকজনৰ ৷ আনহাতে, এই দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে বাইক চালক তোফাজ্জুল আলী ৷

লগতে পঢ়ক : Road accident at Doomdooma : বাছ চালকৰ অতপালিত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.