ETV Bharat / state

Manikpur Protest Demand of Sub District :মাণিকপুৰ উপ জিলা গঠনৰ দাবী,প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:35 PM IST

Manikpur Protest Demand of Sub District
মাণিকপুৰ উপ জিলা দাবী সমিতি

বঙাইগাওঁ জিলাৰ মাণিকপুৰ উপ জিলা দাবী সমিতিৰ আহ্বানত প্ৰতিবাদকাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । আৰক্ষী,অৰ্ধ সামৰিক বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিত ।

মাণিকপুৰ উপ জিলা দাবী সমিতি

মাণিকপুৰ, ৩০ ছেপ্টেম্বৰঃ মাণিকপুৰ উপ-জিলা গঠনৰ দাবীত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা। আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰে হতাহতি আৰু খণ্ড যুদ্ধত ৰাজপথত ঢলি পৰিল প্ৰতিবাদকাৰী । পূৰ্বে ঘোষিত মাণিকপুৰ মহকুমাক বিলুপ্তিৰ উপৰি সকলো দিশৰ পৰা বঞ্চিত মাণিপুৰবাসী ৰাইজে শনিবাৰে মাণিকপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক ৰাইজে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ আগবাঢ়ি আহে যদিও প্ৰতিবাদস্থলীত মোতায়েন কৰা অৰ্ধ শতাধিক আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে প্ৰতিবাদী সমদলটোক বাধা আৰোপ কৰে । মহকুমা অথবা উপ-জিলাৰ পৰা বঞ্চিত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কেইবাবাৰো আৰক্ষীৰ বেৰিকেড ভাঙি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়া নেতাক আটক কৰাৰ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীৰ হেঁচাত আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ।

লগতে পঢ়ক:Press meet of AJYCP : HSLC ৰ আবেদন পত্ৰ পূৰণ বিনামূলীয়া কৰাৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

প্ৰতিবাদৰ মাজতে ৰাজপথত ঢলি পৰে এগৰাকী প্ৰতিবাদকাৰী । অৱশেষত প্ৰতিবাদস্থলীত মাণিকপুৰ চক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীক বুজনি দিয়াত প্ৰত্য়াহাৰ কৰে অৱৰোধ কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে মাণিকপুৰ উপ-জিলা গঠন কৰিব লাগিবই, মাণিকপুৰক সকলো দিশত বঞ্চিত কৰা নচলিব, ন' ছাব ডিষ্ট্ৰিকট্ ন' ৰেষ্ট আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

লগতে পঢ়ক:Protest against Electricity Sub Division : বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

চৰকাৰে মাণিকপুৰক মহকুমা ঘোষণা কৰাৰ পিছত পৰৱৰ্তী বিলুপ্ত কৰাকে আদি কৰি মাণিকপুৰ সমষ্টিৰ গঠনৰ পৰা বঞ্চিত,মাণিকপুৰক উপ জিলাৰ মৰ্যাদা প্ৰদান নকৰা কাৰ্যত ক্ষুব্ধ হৈ মাণিকপুৰৰ আটাইবোৰ দল-সংগঠনে মাণিকপুৰ উপ জিলা দাবী সমিতিৰ উদ্যোগত সহস্ৰাধিক ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক:Professional International Boxing: পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় প্ৰফেছনেল বক্সিঙত অসম সন্তানৰ অপ্রতিৰোধ্য জয়যাত্রা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.