ETV Bharat / state

Professional International Boxing: পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় প্ৰফেছনেল বক্সিঙত অসম সন্তানৰ অপ্রতিৰোধ্য জয়যাত্রা

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 12:43 PM IST

পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় প্ৰফেছনেল বক্সিঙত অসম সন্তানৰ অপ্রতিৰোধ্য জয়যাত্রা ৷ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ১১ বাৰকৈ চেম্পিয়ন ছালেহা মুকালেকৱাক পৰাস্ত কৰিলে অসম সন্তান অভিজিত বৰুৱাই ।

Professional International Boxing
অসম সন্তানৰ অপ্রতিৰোধ্য জয়যাত্রা

অসম সন্তানৰ অপ্রতিৰোধ্য জয়যাত্রা

যোৰহাট, 30 ছেপ্টেম্বৰ: অসমৰ প্রথমজন পেছাদাৰী বক্সাৰৰূপে ৰাষ্ট্রীয় পর্যায়ত সফলতা লাভ কৰাৰ পাচত চতুৰ্থখন আন্তর্জাতিক মেচত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল অভিজিত বৰুৱাই । আফ্রিকাৰ তাঞ্জানিয়াৰ দাৰদা ইছলামত শনিবাৰে অনুষ্ঠিত হোৱা চতুর্থখন আন্তর্জাতিক মেচত প্রতিদন্দ্বী ছালেহা মুকালেকৱাক প্ৰথম ৰাউণ্ডতে নক আউট কৰি এই যুঁজত সফলতাৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল অভিজিত বৰুৱাই । উল্লেখ্য যে, ইয়াব পূর্বে অভিজিতে আন্তর্জাতিক মেছত থাইলেণ্ডৰ বামদেব ঝুম্পাক পৰাস্ত কৰি ৱৰ্ল্ড চেম্পিয়নশ্বিপত ১১ বাৰকৈ চেম্পিয়ন ছালেহা মুকালেকৱাক পৰাস্ত কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰফেছনেল বক্সিঙত অসম তথা দেশৰ নাম পুনৰ বাৰ জিলিকাই তুলিবলৈ সক্ষম হ’ল ।

বিশ্ব বক্সিং পৰিষদ আৰু এচিয়ান বক্সিং পৰিষদৰ অধীনত হোৱা পেছাদাৰী বক্সিং প্রতিযোগিতাত অসম সন্তান অভিজিতে এতিয়ালৈকে অপ্ৰতিৰোধ্য অপৰাজেয় যাত্রা অব্যাহত ৰাখিছে । উল্লেখ্য যে, আন্তর্জাতিক পৰ্যায়ৰ পেছাদাৰী বক্সিঙত জীৱনৰ প্ৰথমখন খেলৰ প্ৰথম ৰাউণ্ডতে দিল্লীৰ হিতেশ কাচানক মাত্র ১০ চেকেণ্ডত নক আউট কৰি চমকপ্রদ কেৰিয়াৰ আৰম্ভ কৰিছিল এইজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰে । ইয়াৰ পিচত আৰু পাছলৈ ঘূৰি চাব লগা হোৱা নাই অভিজিতে ।

উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ছিৰিজৰ দ্বিতীয় ৰাউণ্ডত শিৱম তিৱাৰীক আৰু তৃতীয় ৰাউণ্ডত থাইলেণ্ডৰ বামদেৱ ঝুম্পাক পৰাজিত কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অভিজিতে পেছাদাৰী বক্সিঙত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় । আপোনালোকক জনাও যে, যোৰহাটৰ সু-সন্তান অসম গৌৰৱ অভিজিতে ইয়াৰ পূৰ্বে ২০১১ চনত খালী ভৰিৰে ২৪ ঘণ্টাত ১৫৬.০২ কিলোমিটাৰ দৌৰি গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ড কৰি খ্যাতি অর্জন কৰি থৈছে । ইয়াৰ উপৰি অভিজিতে বিভিন্ন ক্ষেত্রত ১৭ টাকৈ বিশ্ব অভিলেখ স্থাপন কৰি অসম মাতৃৰ নাম উজ্জ্বলাই থৈছে ।

লগতে পঢ়ক : Asian Games 2023 : এছিয়ান গেমছৰ পদক বিজয়ী মেহুলি ঘোষ আৰু বিজয়বীৰ সিদ্ধুৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.