ETV Bharat / state

অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

author img

By

Published : Jan 23, 2021, 1:05 PM IST

bongaigaon
অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

প্ৰশাসনৰ চকুত ধূলি দি একাংশই চলাই আছে কাঠৰ বেহা । শুকুৰবাৰে নিশা বঙাইগাঁৱৰ অভয়াপুৰীত AS ১৮ ২৩৬৩ নম্বৰৰ এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ ।

বঙাইগাঁও, ২৩ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । বঙাইগাঁৱৰ অভয়াপুৰীতো অব্যাহত আছে চোৰাং কাঠৰ বেহা । প্ৰশাসনৰ চকুত ধূলি দি একাংশই চলাই আছে কাঠৰ বেহা । বিভিন্ন সময়ত অঞ্চলটোৰ দল-সংগঠন তথা ৰাইজৰ সহযোগত প্ৰশাসনে চোৰাং কাঠৰ ট্ৰাক জব্দ কৰি আহিছে যদিও বহু মূল্যবান কাঠৰ বেহা বৰ্তমানেও অব্যাহত ৰাখিছে একাংশ দুষ্ট চক্ৰই ।

অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

শুকুৰবাৰে নিশা পুনৰ বঙাইগাঁৱৰ অভয়াপুৰীত স্থানীয় ৰাইজৰ সহযোগত AS১৮ ২৩৬৩ নম্বৰৰ এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে । নিশা কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাকখনে অভয়াপুৰী চহৰৰ মাজেৰে গৈ থকা অৱস্থাত স্থানীয় ৰাইজে ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰি আৰক্ষীত হাতত গতাই দিয়ে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, প্ৰায়ে উক্ত পথেৰে চোৰাং কাঠ ভৰ্তি ট্ৰাকৰ সৰবৰাহ চলি আহিছে যদিও আজিকোপতি প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, ট্ৰাকখনত সৰ্বমুঠ ৫৯ টা শালগছৰ কুণ্ডা আছিল । জব্দ কৰা কাঠখিনিৰ মূল্য কেইবা লক্ষাধিক বুলি অনুমান কৰা হৈছে । নিশাই আৰক্ষীয়ে ট্ৰাকখন ভয়াপুৰী বনবিভাগৰ হাতত গতাই দিয়ে । কাঠখিনি বৈধ নে অবৈধ সেই সন্দৰ্ভত বনবিভাগে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.