ETV Bharat / state

Elephant terror: গহপুৰৰ তেলেনীত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : Mar 22, 2023, 2:27 PM IST

Wild elephant terror in Gohpur
গহপুৰৰ তেলেনীত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ

গহপুৰ হেলেমৰ মেইল বজাৰৰ তেলেনীত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । ভাঙি লণ্ড-ভণ্ড কৰিলে এগৰাকী বিধৱা মহিলাৰ বাসগৃহ । কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন গহপুৰৰ বন বিভাগ (Wild elephant terror in Gohpur) ।

গহপুৰৰ তেলেনীত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ

বিশ্বনাথ,২২ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে মঙলবাৰে নিশা গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত মেইল বজাৰৰ তেলেনী গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ (Wild elephant terror in Gohpur) । ভাঙি পেলালে গোলাপী বৰা নামৰ অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী বিধৱা মহিলাৰ বাসগৃহ(Wild elephants destroyed houses) । নিশা প্ৰায় ১১ মান বজাত ১৫/ ২০ জনীয়া হাতীৰ জাকে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি সমগ্ৰ অঞ্চলটিতে উপদ্ৰৱ চলাই ।

বন্যহস্তীৰ জাকটোৱে মহিলা গৰাকীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাই তহিলং কৰে ঘৰৰ ধান চাউল । নিশা মহিলা গৰাকী ঘৰত নথকাৰ ফলত ৰক্ষা পৰে মহিলা গৰাকীৰ জীৱন(Wild elephant menace in Gohpur) । এই ক্ষেত্ৰত স্থানীয় ৰাইজে বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ গহপুৰৰ বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো কোনো ধৰণৰ সঁহাৰি লাভ নকৰি ওৰেটো নিশাটো গঞা ৰাইজে বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হয় । বিপৰীতে বন বিভাগৰ লোকে কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন হৈ থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে(Wild elephant scare in Gohpur) ।

উল্লেখযোগ্য বিশ্বনাথৰ বিহালী সমষ্টিৰ আৰু গহপুৰ সমষ্টিৰ মাজত দুখনকৈ সংৰক্ষিত বনাঞ্চল লগতে দক্ষিণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে । ইফালে যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাকে জাকে হাতী ওলাই আহে ৷ আনফালে আকৌ বিহালী সংৰক্ষিত বনাঞ্চল আৰু ছিংলিজান বনাঞ্চল পৰা ওলাই আহে জাক জাক বনৰীয়া হাতী । বিশেষকৈ গহপুৰৰ সমষ্টিৰ আৰু বিহালী সমষ্টিৰ অধিকাংশ অঞ্চলত দীৰ্ঘদিন ধৰি এই বনৰীয়া হাতী সমস্যাৰ বাবে কোনো খেতি কৰিব পৰা নাই ।

ইফালে গহপুৰৰ বন বিভাগৰ কাৰ্যালয় দায়িত্বত থকা মিলি উপাধিৰ বিষয়াগৰাকীয়ে কাৰ্যালয়তে বহি বহি দিন কটোৱাৰো অভিযোগ উত্থাপন হৈছে । কিন্তু যিমানেই অঞ্চলটোত বনৰীয়া হাতীৰ সমস্যা নওক কিন্তু বন বিষয়া গৰাকীয়ে বনৰীয়া হাতী খেদা কোনো দিন চিন্তা কৰা পৰিলক্ষিত হোৱা বা তেনে কোনো তৎপৰতা দেখা নাই অঞ্চলটো ৰাইজে । ইফালে যোৱা কেইবাদিনো ধৰি গহপুৰ মহকুমাৰ বিভিন্ন প্ৰাপ্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকা কথা স্থানীয় ৰাইজে গহপুৰৰ বন বিষয়া গৰাকীক অৱগত কৰা পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক: Public education sector in Assam: মাধ্যমিক স্তৰত ৰাজ্যৰ ২৫.২৫ শতাংশ শিক্ষাৰ্থীয়ে আধাতে ত্যাগ কৰিছে বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.