ETV Bharat / state

Public education sector in Assam: মাধ্যমিক স্তৰত ৰাজ্যৰ ২৫.২৫ শতাংশ শিক্ষাৰ্থীয়ে আধাতে ত্যাগ কৰিছে বিদ্যালয়

author img

By

Published : Mar 22, 2023, 12:41 PM IST

আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ ক্ষেত্রত দেশৰ ভিতৰত শীৰ্ষত অসম । সংসদত অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা ছবি (Poor condition of the public education sector in Assam) । আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় গড়কো চেৰ পেলাইছে । ২০২১-২২ বৰ্ষত প্রাথমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ আছিল ১.৪৫ শতাংশ । কিন্তু অসমত এই হাৰ হৈছে ৬ শতাংশ । অসমত আধাতে শিক্ষা ত্যাগ কৰাৰ ক্ষেত্ৰত সংখ্যালঘু ছাত্ৰীৰ সংখ্যা সর্বাধিক ।

poor condition of the public education sector
ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখজনক ছবি

গুৱাহাটী, ২২ মার্চ : ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি সততে ঢাক-ঢোল বজোৱা চৰকাৰখনে কিন্তু সকলোৰে বাবে শিক্ষা প্ৰযোজ্য কৰিব পৰা নাই । ৰাজ্যখনত সকলোৰে বাবে শিক্ষাৰ জেউতি বিলোৱাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । অতি উদ্বেগৰ বিষয় যে আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই অসমত অভিলেখ সৃষ্টি কৰিছে । শেহতীয়াকৈ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সংসদত উন্মোচিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ হতাশাজনক ছবি ।

poor condition of the public education sector
ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখজনক ছবি

লোকসভাৰ মজিয়াত খোদ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শিক্ষাৰ ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যৰ তুলনাত অসম এতিয়াও বহু পিছপৰি আছে (Poor condition of the public education sector in Assam)। বিশেষকৈ ৰাজ্যখনত আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সর্বাধিক । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ লগতে গুণোৎসৱৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি শিক্ষাৰ মান উন্নত কৰাৰ প্ৰয়াস কৰি আহিছে । আনহাতে চৰকাৰখনে এইক্ষেত্রত সফলতা অৰ্জন কৰা বুলি দাবী কৰি আহিছে । কিন্তু বাস্তৱ ক্ষেত্রত ইয়াৰ বিপৰীত ছবি এখনেহে দেখিবলৈ পোৱা গৈছে ।

poor condition of the public education sector
ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখজনক ছবি

ৰাজ্যখনত প্ৰাথমিক বিদ্যালয়ত আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাই আহিছে । তথ্য অনুসৰি ২০২০-২১ বৰ্ষত ৰাজ্যখনত প্ৰাথমিক স্তৰত আধাতে শিক্ষা এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ হৈছে ৩.৩ শতাংশ । ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা হৈছে ৪.২ শতাংশ আৰু ছাত্ৰীৰ সংখ্যা ২.৩ শতাংশ । একেদৰে উচ্চ প্রাথমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৪.৯ শতাংশ । ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ হৈছে ৬.৩ শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে ৩.৬ শতাংশ । ইফালে মাধ্যমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে অসমত সৰ্বাধিক । তথ্য অনুসৰি অসমত ২০২০-২১ বৰ্ষত মাধ্যমিক স্তৰত ৩০.৩ শতাংশই আধাতে বিদ্যালয় ত্যাগ কৰিছে । ইয়াৰ ভিতৰত ২৯ শতাংশ ছাত্ৰ আৰু ৩১.৪ শতাংশ ছাত্রী । লক্ষণীয় বিষয় যে ২০২১-২২ বৰ্ষত অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাইছে ।

poor condition of the public education sector
ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখজনক ছবি

কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ২০২১-২২ বৰ্ষত ৰাজ্যখনত প্রাথমিক স্তৰত আধাতে বিদ্যালয় ত্যাগ কৰে ৬ শতাংশ শিক্ষাৰ্থীয়ে । ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ ৬.৮ শতাংশ আৰু ছাত্ৰীৰ হাৰ ৫.২ শতাংশ । অৱশ্যে মাধ্যমিক স্তৰত পূৰ্বৰ বৰ্ষতকৈ কিছু হ্ৰাস পাইছে । সেই অনুসৰি ২০২১-২২ বৰ্ষত মাধ্যমিক স্তৰত বিদ্যালয় এৰিছে ২০.২৫ শতাংশই । ইয়াৰ ১৯.৮ শতাংশ হ’ল ছাত্ৰ আৰু ২০.৯ শতাংশ হ’ল ছাত্রী ।

উল্লেখ্য যে আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় গড়কো চেৰ পেলাইছে । ২০২১-২২ বৰ্ষত প্রাথমিক স্তৰত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ আছিল ১.৪৫ শতাংশ । কিন্তু অসমত এই হাৰ হৈছে ৬ শতাংশ । একেদৰে মাধ্যমিক স্তৰত ৰাষ্ট্ৰীয় গড় ১২.৬ শতাংশ হোৱাৰ বিপৰীতে অসমৰ গড় হাৰ হৈছে ২০.২৫ শতাংশ ।

poor condition of the public education sector
ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ দুখজনক ছবি

উল্লেখ্য যে অসমত আধাতে শিক্ষা ত্যাগ কৰাৰ ক্ষেত্ৰত সংখ্যালঘু ছাত্ৰীৰ সংখ্যা সর্বাধিক । তথ্য মতে ২০২১-২২ বৰ্ষত অসমত প্রাথমিক স্তৰত ১০.৩ শতাংশ, উচ্চ প্রাথমিকত ১৬.৪ শতাংশ আৰু মাধ্যমিক স্তৰত ৩৪ শতাংশ সংখ্যালঘু ছাত্রীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিছে । এয়া অতি উদ্বেগৰ বিষয় । ব্যক্তিগত বিদ্যালয়ৰ উত্থানৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ শিক্ষা খণ্ডৰ এনে শোচনীয় অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক : Special TET passed candidates protest: নিযুক্তি নিদিলে সমূহীয়া আত্মজাহৰ হুংকাৰ ৬৬৭ গৰাকী বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.