ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 24, 2022, 7:04 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

AIR Dibrugarh Assamese news : কাইলৈৰ পৰা বন্ধ হ’ব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি

25 অক্টোবৰৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ৰাইজে শুনিবলৈ নাপাব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি (Assamese news bulletin will close on 25th Oct 2022) ৷ প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ৷ প্ৰসাৰ ভাৰতীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বহু দল-সংগঠন ৷

Doctor brutally beaten in Nagaon: নগাঁৱত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ; আটক 1

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকক প্ৰহাৰ ৷ চিকিৎসকজনক প্ৰহাৰ কৰা অভিযোগত গ্ৰেপ্তাৰ এজন (Doctor brutally beaten in Nagaon) ৷ জৰুৰীকালীন কোঠাত নিয়োজিত হৈ আছিল চিকিৎসকগৰাকী ৷

Cyclone Sitrang : ত্ৰিপুৰা আৰু মেঘালয়ত হাই এলাৰ্ট জাৰি, ত্ৰিপুৰাত উপস্থিত NDRFৰ দল

দেশৰ কেইবাখনো ৰাজ্য সংকিত হৈ পৰিছে চিত্ৰাং ঘূৰ্ণীবতাহৰ বাবে ৷ ত্ৰিপুৰা আৰু মেঘালয়ত ইতিমধ্য হাই এলাৰ্ট জাৰি কৰা হৈছে (High alert in Tripura and Meghalaya)৷ ত্ৰিপুৰাত বিশেষভাৱে সষ্টম হৈ পৰিছে NDRFৰ দল ৷

Pak Journalist Murder : কেনিয়াত পাকিস্তানী সাংবাদিকক গুলীয়াই হত্যা

কেনিয়াৰ ৰাজধানী নাইৰোবিত এক দুৰ্ঘটনাত পাকিস্তানী সাংবাদিক আৰু এংকৰ আৰ্ছাদ শ্বৰীফৰ মৃত্যু হয় (Pak Journalist murdered in Kenya) । পৰিয়ালৰ সূত্ৰ আৰু সহযোগীসকলৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদনত এই তথ্য দিয়া হৈছে । বিখ্যাত টিভি অনুষ্ঠানৰ সঞ্চালক আৰ্ছাদ শ্বৰীফৰ মৃত্যুৰ পিছত পাকিস্তানৰ সাংবাদিকসকলে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ শোক প্ৰকাশ কৰিছে (Anchor cum Journalist Arshad Sharif murdered) ।

Islamabad high court : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আবেদন নাকচ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

ইছলামাবাদ উচ্চ ন্যায়ালয়ে (IHC) প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আবেদন নাকচ কৰিছে (Islamabad high court rejected ex PM Imran Khan Plea) ৷ ARI বাতৰিত প্ৰকাশিত হৈছে এই তথ্য ।

Kerala Governor Controversy : ৰাজ্যপালৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন ৯ উপাচাৰ্যৰ

কেৰালাৰ ৯খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলে ৰাজ্যপাল আৰিফ মহম্মদ খানৰ পদত্যাগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে (Kerala High court) । কেৰালা উচ্চ ন্যায়ালয়ে আবেদনসমূহ বিবেচনাৰ বাবে আজি বিয়লি ৪ বজাত এখন বিশেষ সভাৰ আহ্বান জনায় ।

Attack on Salman Rushdie: এটা চকু চিৰদিনৰ বাবে হেৰুৱালে চলমান ৰুশ্বডিয়ে

চলমান ৰুশ্বডিয়ে চিৰদিনৰ বাবে হেৰুৱালে এটা চকুৰ দৃষ্টি শক্তি (Salman Rushdie) । পশ্চিম নিউয়ৰ্কৰ এটি সাহিত্য অনুষ্ঠানত যোৱা আগষ্টত মঞ্চত উপস্থিত হোৱা এজন লোকে ৰুশ্বডিক আক্ৰমণ কৰাৰ পিছত এই বিষয়ে সদৰি কৰিছে তেওঁৰ এজেণ্ট এণ্ড্ৰিউ ৱাইলিয়ে ।

PM Modi at Kargil : ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি অহা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

‘‘যদিও শক্তি অবিহনে শান্তি লাভ কৰা সম্ভৱ নহয়, বিশ্ব শান্তিৰ পক্ষত থকা আমি ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি আহিছো ’’। এই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi at Kargil)।

Basistha Dev Sarma : পঞ্চভূতত বিলীন বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহ

টোপধ্বনি আৰু গাৰ্ড অৱ অনাৰ প্ৰদৰ্শনেৰে সম্পন্ন কৰা হয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ শেষকৃত্য ৷ গায়ন-বায়ন, নাম-প্ৰসংগৰে শোভাযাত্ৰা কৰি থুল তিনিহাটীৰ তিনি বাটচ'ৰাৰ প্ৰথমতে নহাটীৰ বাটচ'ৰা, উত্তৰ হাটীৰ বাটচ'ৰা আৰু দক্ষিণ হাটীৰ বাটচ'ৰালৈ নি সন্মান জনোৱা হয় ৷ ইয়াৰ পিছত বৰপেটা সত্ৰ চৌহদলৈ নি সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে তিনি পাক প্ৰদক্ষিণ কৰাই বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বাপজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় (Funeral of Basistha Dev Sarma with state honours) ৷

Diwali at Jonai:জোনাইৰ ললাদ মা কালী থানত পূজাৰ ৰূপালী জয়ন্তী

সোমবাৰে পুৱাৰে পৰা জোনাইৰ বিভিন্ন কালী মন্দিৰ আৰু থানসমূহত উখল-মাখল পৰিৱেশৰ মাজত পালন কৰা হৈছে কালী পূজা (Kali Puja at Jonai)। ইয়াৰে জোনাইৰ ললাদ গাঁৱত অৱস্থিত তথা ১৯৯৭ চনতে স্থাপন কৰা মা কালী থানত উদযাপন কৰিছে কালী পূজাৰ ৰূপালী জয়ন্তী বর্ষ (Silver Jubilee of Kali Puja at Jonai) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.