ETV Bharat / international

Islamabad high court : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আবেদন নাকচ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Oct 24, 2022, 6:07 PM IST

ইছলামাবাদ উচ্চ ন্যায়ালয়ে (IHC) প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আবেদন নাকচ কৰিছে (Islamabad high court rejected ex PM Imran Khan Plea) ৷ ARI বাতৰিত প্ৰকাশিত হৈছে এই তথ্য ।

Islamabad high court
IHC য়ে নাকচ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আবেদন

ইন্টাৰনেশ্যনেল ডেস্ক, 24 অক্টোবৰ : ইছলামাবাদ উচ্চ ন্যায়ালয়ে (IHC) প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আৱেদন নাকচ কৰিছে ৷ এই তথ্য প্ৰকাশিত হৈছে ARI বাতৰিত (Islamabad high court rejected ex PM Imran Khan Plea) ৷ য’ত পাকিস্তানৰ নিৰ্বাচন আয়োগে (ECP) তোশাখানা গোচৰত তেওঁৰ অযোগ্যতাৰ সিদ্ধান্ত তাৎক্ষণিকভাৱে স্থগিত ৰখাৰ দাবী জনাইছিল ।

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আথাৰ মিনাল্লাহে কৈছিল যে, আদেশটো তৎক্ষণাত স্থগিত কৰাৰ কোনো প্ৰয়োজন নাই ৷ কিয়নো অযোগ্যতাই কেৱল সংসদৰ বৰ্তমানৰ কাৰ্যকালক সামৰি লৈছিল । এইটোৱে ইমৰান খানক ভৱিষ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা নিদিয়ে ।

আদালতে তেওঁক তিনি দিনৰ ভিতৰত সম্পূৰ্ণ নথিপত্ৰৰ সৈতে তেওঁৰ আপীল পুনৰ দাখিল কৰিবলৈ কৈছিল ।

শুকুৰবাৰে নিৰ্বাচন আয়োগৰ পাঁচজনীয়া এটা দলে এক চমু নিৰ্দেশ জাৰি কৰে । অভিযোগ কৰিছিল যে, খানে বিভিন্ন বিদেশী গণ্যমান্য ব্যক্তিৰ পৰা উপহাৰ বিক্ৰী কৰি উপাৰ্জন কৰা সমূহ ধন ৰাজহুৱাকৈ প্ৰকাশ কৰাত ব্যৰ্থ হৈছিল । যিয়ে প্ৰমাণ কৰে যে, তেওঁ দুৰ্নীতিত লিপ্ত হৈ আছে ।

যদিও পাকিস্তানী আইনে আইন প্ৰণেতাসকলক এনে উপহাৰ বিক্ৰী কৰাত বাধা নিদিয়ে কিন্তু এনে লেনদেন লুকুৱাই ৰখাটো এক অবৈধ কাৰ্য হিচাবে বিবেচিত হৈছে । খানৰ দলৰ মুখপাত্ৰ ফাৱাদ চৌধুৰীয়ে কয় যে, পাকিস্তানৰ নিৰ্বাচন আয়োগে সম্পূৰ্ণ নিৰ্দেশ জাৰি কৰা নাই ৷ যাৰ ফলত নিলম্বনৰ স্পষ্টতা সম্পৰ্কে কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে ।

এফালে, পাকিস্তান চৰকাৰৰ আইন মন্ত্ৰী আজম নাজিৰ তাৰাৰে খানক পাঁচ বছৰৰ বাবে পদৰ পৰা অপসাৰণ কৰা হ’ব বুলি দাবী কৰাৰ সময়ত খানৰ পাকিস্তান তেহৰিক-ই-ইনচাফ দলে দাবী কৰে যে এই অযোগ্যতাই কেৱল সংসদৰ বৰ্তমানৰ সময়খিনিসামৰি লয় ।

ECP ৰ সিদ্ধান্তই দক্ষিণ এছিয়াৰ দেশখনক অধিক ৰাজনৈতিক অস্থিৰতাৰ ফালে ঠেলি দিছে । পাকিস্তানৰ অৰ্থনীতি ইতিমধ্যে হ্ৰাস হোৱা বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, ব্যাপক বানপানী আৰু উচ্চ মুদ্ৰাস্ফিতিৰ ফলত ভুগি আছে । ইমৰান খানে শাসকীয় চৰকাৰক কঠিন সময় দি আছে আৰু এই সপ্তাহৰ শেষৰ ফালে দেশখনত মধ্যৱৰ্তী নিৰ্বাচনৰ দাবীত ইছলামাবাদলৈ এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Girl killed by leopard: লখিমপুৰৰ খেৰীত বাঘৰ আক্ৰমণত কিশোৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.