ETV Bharat / bharat

Cyclone Sitrang : ত্ৰিপুৰা আৰু মেঘালয়ত হাই এলাৰ্ট জাৰি, ত্ৰিপুৰাত উপস্থিত NDRFৰ দল

author img

By

Published : Oct 24, 2022, 6:09 PM IST

দেশৰ কেইবাখনো ৰাজ্য সংকিত হৈ পৰিছে চিত্ৰাং ঘূৰ্ণীবতাহৰ বাবে ৷ ত্ৰিপুৰা আৰু মেঘালয়ত ইতিমধ্য হাই এলাৰ্ট জাৰি কৰা হৈছে (High alert in Tripura and Meghalaya)৷ ত্ৰিপুৰাত বিশেষভাৱে সষ্টম হৈ পৰিছে NDRFৰ দল ৷

Cyclone Sitrang
ত্ৰিপুৰা আৰু মেঘালয়ত হাই এলাৰ্ট জাৰি, ত্ৰিপুৰাত উপস্থিত NDRFৰ দল

আগৰতলা, ২৪ অক্টোবৰ : ঘূৰ্ণীবতাহ চিত্ৰাঙৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাবে সোমবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পাঁচটা দল আগৰতলাত উপস্থিত হয় ৷ দলকেইটাত ১২৫ জন জোৱানৰ লগতে আৰু এনডিআৰএফৰ এজন বিষয়াৰে গঠিত ৷

ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কুমাৰঘাট, খোৱাই জিলাৰ তেলিয়ামুৰা, দক্ষিণ জিলাৰ সন্তিৰবজাৰ, গোমতী জিলাৰ উদয়পুৰ আৰু ছেপাহিজালা জিলাৰ গোকুলনগৰত দলকেইটা মোতায়েন কৰা হ’ব ৷ উল্লেখ্য যে, চিত্ৰাঙৰ ফলত এই পৰ্যন্ত ৰাজ্যখনত কোনো ধৰণৰ ক্ষতিৰ খবৰ লাভ কৰা নাই । আনহাতে মঙলবাৰে ​​পুৱা প্ৰায় ৫ বজাত চিত্ৰাং ঘূৰ্ণীবতাহ ত্ৰিপুৰাৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত থকা বাংলাদেশৰ টিনকোনা দ্বীপত লেণ্ডফ’ল কৰিব বুলি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়াই জানিবলৈ দিয়ে (Sitrang in Tripura)৷

ইফালে মুখ্যমন্ত্ৰী ড৹ মানিক সাহা আৰু উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই জৰুৰীকালীন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ৷ বংগ উপসাগৰত নিম্ন চাপ আৰু গভীৰ বিষণ্ণতাৰ বাবে ত্ৰিপুৰাত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে আৰু 25 অক্টোবৰত 40-50 কিঃমিঃ প্ৰতি ঘণ্টাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ফলত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যখনত তৎকালীনভাৱে অতিৰিক্ত ৫ টা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দল নিয়োগ কৰিবলৈ অনুৰোধ জনায় ত্ৰিপুৰা চৰকাৰে (High alert in Tripura)৷

উক্ত অতিকৃৰিক্ত দলকেইটা কুমাৰঘাট, তেলিয়ামুৰা, আগৰতলা, উদয়পুৰ আৰু শান্তিৰবজাৰত মোতায়ন কৰাৰ সম্ভাৱনা আছে । ৰাজ্য চৰকাৰে ২৪ আৰু ২৫ অক্টোবৰত সমগ্ৰ ৰাজ্যখনত বাহনৰ গতিবিধি নিয়ন্ত্ৰনতো গুৰুত্ব আৰোপ কৰিছে । আগন্তুক সপ্তাহটোৰ বাবে সকলো বিষয়াৰ ছুটীও বাতিল কৰা হৈছে ৷ ২৪ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ তিনিদিনৰ বাবে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ (Educational institution close due to Sitrang)।

আনহাতে সাহায্য শিৱিৰসমূহত সাহায্য সামগ্ৰীৰ ব্যৱস্থা আগতীয়াকৈ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইফালে ২৪ আৰু ২৫ অক্টোবৰত প্ৰশাসনৰ সকলো বিষয়াক সষ্টম হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে উক্ত দিন দুটাত কৰ্তব্য স্থানৰ বাহিৰলৈ যোৱাটো বন্ধ কৰা হৈছে ৷

এনডিআৰএফ, এছডিআৰএফ, টিএছআৰ, অগ্নিনিৰ্বাপকৰ লগতে আৰু ইএছ /প্ৰশিক্ষিত স্বেচ্ছাসেৱক আৰু কিউআৰটিএছক প্ৰয়োজন যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখী হোৱাৰ বাবে সাজু থাকিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে৷ সোমবাৰে অনুষ্ঠিত হোৱা জৰুৰী আলোচনাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই নাও, লাইফ জেকেট আৰু অন্যান্য বানপানী উদ্ধাৰকাৰী সামগ্ৰীসমূহ সাজু কৰি ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে নদীৰ প্ৰবাহ, মথাউৰি আৰু জলাশয়সমূহ নিৰীক্ষণৰ বাবেও নিৰ্দেশ কৰে আৰু তাৎক্ষণিক প্ৰতিৰোধৰ প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে (Sitrang in Meghalaya)। আনহাতে চিত্ৰাঙৰ সংশয়ৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে৷ যিসমূহ অঞ্চলত সঘনাই পানীৰ সমস্যাৰ সন্মুখীন হয়, সেইসমূহ অঞ্চল ত্যাগ কৰাৰ পৰামৰ্শ দিছে ৰাজ্য চৰকাৰে (High alert in Meghalaya)৷

লগতে পঢ়ক : Cyclone Sitrang : চিত্ৰাং ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ ধুমুহা বৰষুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.