ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 22, 2021, 5:00 PM IST

TOP 10 AT 5PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

1. Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক ৷ মন্ত্ৰীবৰ্গলৈ বিশেষ নিৰ্দেশনা আগবঢ়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেবিনেট মন্ত্ৰীয়ে কেতবোৰ নিৰ্দিষ্ট অঞ্চলত বাহৰ পাতি সেই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ বুজ ল'ব লাগিব ৷ কোন মন্ত্ৰীয়ে ক'ত বাহৰ পাতিব চাওক ৷

2. নিয়ম নমনা একাংশ ব্যৱসায়ীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে এগৰাকী মহিলা বিষয়া !

এগৰাকী ৰাজহ চক্ৰ বিষয়া, সকলোৱে নাম দিছে লেডী সিংঘম ৷ কাকো খাতিৰ নকৰে তেওঁ ৷ যিয়েই অনিয়ম কৰা দেখিছে তাকেই দিছে সকিয়নী ৷ ব্যৱসায়ীয়েও সুঁৱৰিছে ত্ৰাহি মধুসূদন ৷ চক্ৰ বিষয়া বাইদেউৰ হংকাৰ, নিয়ম নামানিলে বাতিল হ’ব দোকানৰ অনুজ্ঞাপত্ৰ ৷ কোন এইগৰাকী লেডী সিংঘম ৷ চাওক সবিশেষ

3. Assam BJP leader dead : শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা মুখ্যমন্ত্ৰীৰ

জ্যেষ্ঠ বিজেপি নেতা ৰণজিৎ ঠাকুৰীয়া(Senior BJP Leader Ranjit Thakuriya Demissed)ৰ দেহাৱসান ৷ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ লগতে আন শীৰ্ষ দলীয় নেতাসকলে ৷ ঠাকুৰীয়াৰ মৃত্যু গেৰুৱা দলটোৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

4. শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত ক'ভিডৰ আতংক

শিৱসাগৰ চহৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত ক'ভিডৰ আতংক । পুৱাই প্ৰাথমিক বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰে ক'ভিড-১৯ । শাৰীৰিক অসুস্থতাত ভুগি থকা শিক্ষয়ত্ৰী গৰাকীয়ে ক'ভিড পৰীক্ষা কৰা পাছতে ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ অভিযোগ অনুসৰি ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানখনত এতিয়াও চেনিটাইজেচনৰ ব্যৱস্থা কৰা নাই স্বাস্থ্য বিভাগে ।

5.Tribute to actor Biju Phukan : অভিনেতা বিজু ফুকনক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি

অভিনেতা বিজু ফুকনৰ মৃত্যুৰ চাৰি বছৰ সম্পূৰ্ণ ৷ মৃত্যু তিথিত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to actor Biju Phukan) বহুসংখ্যক অনুৰাগী তথা গুণমুগ্ধই ৷

6. কলগাছিয়াত পাৰিবাৰিক বিবাদৰ চূড়ান্ত পৰ্যায় : চিকিৎসাধীন মহিলা

কলগাছিয়াত পাৰিবাৰিক বিবাদ ৷ দুই মহিলাৰ সংঘাতে পালেগৈ চূড়ান্ত পৰ্যায় ৷ আহত মহিলা(Woman injured due to family conflict)ৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ৷

7.Jorhat Massiv Fire : নিমিষতে ভস্মীভূত 25 টাকৈ বাসগৃহ

সোমবাৰে পুৱা যোৰহাট নগৰৰ পূব প্ৰান্তৰ আনন্দ নগৰত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড(Jorhat Massiv Fire) ৷ এই অগ্নিকাণ্ডৰ ফলত চাৰিজনকৈ লোক ক্ৰমে ৰামজী ছাহু,অজয় ছাহু, কৃষ্ণ ছাহু, আৰু ৰাজেন্দ্ৰ ছাহুৰ ভাৰাঘৰৰ প্ৰায় 25 টাকৈ গৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় । ৰামজী ছাহুৰ ভাড়া ঘৰৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ প্ৰায় 20 পৰা 25 লাখ টকাৰ সম্পত্তি এই অগ্নিকাণ্ডৰ ফলত লোকচান হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ এই জুই নিৰ্বাপন কৰে ৷

8. Umling La Pass : গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনক

গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হ’ল বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ ৷ লাডাখত সৰ্বোচ্চ মটৰযোগ্য পথ উমলিং লা পাছ (Umling La Pass) নিৰ্মাণৰ বাবে BRO লৈ গিনিছ বুকৰ স্বীকৃতি ৷

9. Bogibeel Bridge Tollgate : মুকলিৰ দিশে বগীবিলৰ সমীপৰ টোলগেট

বহু প্ৰতিবাদৰ পিছতো বগীবিল দলঙৰ সমীপৰ টোলগেট (Bogibeel Bridge Tollgate) মুকলিক লৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে টোলগেট নিৰ্মাণৰ কাম ৷

10. ৰাজ্যত অবাধে চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়; নিৰ্বিকাৰ প্ৰশাসন !

ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নাগালেণ্ডলৈ শিল-বালি কঢ়িয়াই আছে । যাৰ ফলত নীতি বৰ্হিঃভূতভাৱে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে হেৰুৱাইছে এক বুজন পৰিমাণৰ ৰাজহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.