ETV Bharat / city

নিয়ম নমনা একাংশ ব্যৱসায়ীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে এগৰাকী মহিলা বিষয়া !

author img

By

Published : Nov 22, 2021, 2:13 PM IST

Updated : Nov 22, 2021, 3:32 PM IST

এগৰাকী ৰাজহ চক্ৰ বিষয়া, সকলোৱে নাম দিছে লেডী সিংঘম ৷ কাকো খাতিৰ নকৰে তেওঁ ৷ যিয়েই অনিয়ম কৰা দেখিছে তাকেই দিছে সকিয়নী ৷ ব্যৱসায়ীয়েও সুঁৱৰিছে ত্ৰাহি মধুসূদন ৷ চক্ৰ বিষয়া বাইদেউৰ হংকাৰ, নিয়ম নামানিলে বাতিল হ’ব দোকানৰ অনুজ্ঞাপত্ৰ ৷ কোন এইগৰাকী লেডী সিংঘম ৷ চাওক সবিশেষ

circle-officer-took-different-steps-for-all-round-development-of-chabua
চাবুৱাত লেডী সিংঘামৰ ৰূপত চৰকাৰী মহিলা বিষয়া

মৰাণ, 22 নৱেম্বৰ : এগৰাকী চৰকাৰী মহিলা বিষয়া, নাম শিল্পীশিখা ঠাকুৰীয়া । মাথোঁ কেইমাহ মান পূৰ্বে চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া (Chabua Circle Officer) ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি বিষয়াগৰাকীয়ে লৈছে এটাৰ পাছত আন এটা সাহসী সিদ্ধান্ত । কেমেৰাৰ সন্মুখতে পদপথ দখল কৰি কৰা ব্যৱসায়ীক কঠোৰ সকিয়নী বিষয়াগৰাকীৰ । নিয়ম ভংগকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ লাইচেঞ্চ বাতিল(trade license cancellation) কৰাৰো সকিয়নী ।

দৈনিক বজাৰৰ লগতে পদপথত চলি থকা মুকলি বজাৰক নিয়ন্ত্ৰণ কৰি নগৰখনত যান-জঁট সমস্যা নাইকিয়া কৰাৰ বাবে বিষয়াগৰাকীয়ে লৈছে এই পদক্ষেপ । প্ৰয়োজনত নিয়ম ভংগকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অনুজ্ঞাপত্ৰ বাতিল কৰি জৰিমনা বিহাৰ সকিয়নী শিল্পীশিখা ঠাকুৰীয়াৰ ৷

শিল্পীশিখা ঠাকুৰীয়া হৈ পৰিছে অসাধু ব্যৱসায়ীৰ বাবে ত্ৰাস

চক্ৰ বিষয়াগৰাকীৰ তৎপৰতাতে আৱৰ্জনাময় চাবুৱা নগৰে ক্ৰমান্বয়ে পাইছে এক নতুন ৰূপ । তদুপৰি ক’লেজ পথত থকা দেওবৰীয়া বজাৰৰ মুকলি দোকানসমূহ বহু বছৰৰ পৰা বন্ধ হৈ থকা গৰু বজাৰলৈ নিয়াৰ সিদ্ধান্তৰ বিষয়েও অৱগত কৰে ব্যৱসায়ীসকলক ।

উল্লেখ্য যে গৰু বজাৰখন দেওবৰীয়া বজাৰলৈ পৰিণত কৰাৰ ক্ষেত্ৰত সকলো প্ৰস্তুতিৰ বাবে পৌৰপতিসকলক নিৰ্দেশ দিছে শিল্পীশিখা ঠাকুৰীয়াই ৷ চাবুৱা নগৰৰ সমস্যাসমূহ সমাধান কৰি এক ন-ৰূপ দিবলৈ বিষয়াগৰাকীয়ে লোৱা এই পদক্ষেপক সকলোৱে এতিয়া একেমুখে শলাগিছে ৷

লগতে পঢ়ক: Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

Last Updated : Nov 22, 2021, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.