ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 13, 2022, 4:57 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Actor Siddhartha Sarmah : কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা সম্প্ৰতি সুস্থ

কেকে হিচাবে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ স্বাস্থ্য সম্প্ৰতি সুস্থ (Health condition of Siddhartha Sharma)। উচ্চ ৰক্ত চাপৰ বাবেই ষ্ট্ৰ’ক হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল অভিনেতাগৰাকী (Actor Siddhartha Sharma)। ইতিমধ্যে অভিনেতাজনৰ চিটি স্কেন সম্পন্ন হৈছে । এম আৰ আই ৰিপ’ৰ্ট অহাৰ পাছতহে স্পষ্ট হ’ব সকলো কথা ।

ICC on womens cricket: আফগানিস্তানত পুনৰ মহিলা ক্ৰিকেট আৰম্ভ কৰিবলৈ সন্মত চৰকাৰ

আফগানিস্তানত পুনৰ আৰম্ভ হ'ব মহিলা ক্ৰিকেট । দেশখনত মহিলা ক্ৰিকেট পুনৰ আৰম্ভ কৰিবলৈ আফগানিস্তান চৰকাৰ নীতিগতভাৱে সন্মত হৈছে বুলি সদৰি কৰিছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC)। আফগানিস্তানৰ চৰকাৰী বিষয়াই আইচিচিৰ সংবিধানক সম্পূৰ্ণ সন্মান আৰু পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতেই নতুন গতি লৈছে মহিলা ক্ৰিকেটে ।

Sania Shoaib divorce controversy : সঁচাকৈয়ে ছানিয়া আৰু ছোৱাইবৰ বিবাহ বিচ্ছেদ হৈছে নেকি ?

ছানিয়া মিৰ্জা আৰু ছোৱাইব মালিকৰ বিবাহ বিচ্ছেদৰ খবৰ চৰ্চাত থকাৰ মাজতে আন এক গুৰুত্বপূৰ্ণ খবৰ । দুয়োগৰাকী তাৰকা একেটা ৰিয়েলিটি শ্ব'ত উপস্থিত থাকিব (Sania Mirza reality show with Shoaib Malik)। লগে লগে বিভিন্ন মহলত পুনৰ চৰ্চা চলিছে ।

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণত কেন্দ্ৰৰ সেউজ সংকেত, তৎপৰ ৰাজ্যিক বিজেপি

সালসলনি হ'বলগীয়া অঞ্চলত আগতীয়াকৈ চকু ৰাখিবলৈ নেতা-কর্মীক নিৰ্দেশ ৰাজ্যিক নেতৃত্বৰ (BJP strategy over constituency rescheduling)। সুদীৰ্ঘ বছৰৰ অন্তত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লে স্বাভাৱিকতে প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত । সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে সমষ্টিসমূহত ৰাজনৈতিক দলসমূহৰ ভোটৰ অংক ইফাল-সিফাল হ'ব ।

Bharat Jodo Yatra : কোন কংসক দমন কৰিব খুজিছে ভূপেন বৰাই ?

অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Congress Bharat Jodo Yatra) এটা দল বৰপেটা জিলাৰ পৰা আহি শনিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত উপস্থিত হয় ৷ শনিবাৰে এই যাত্ৰাৰ দিনটোৰ কাৰ্যসূচীৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৰামপুৰৰ গোপাল থানৰ প্ৰাংগনত উপস্থিত হয় (Team Bharat Jodo Yatra at Rampur Raas)৷

Neel Pawan Baruah: ওপজা গৃহত শিল্পী নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

27 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই । শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে শিল্পীগৰাকীৰ জন্মস্থান টীয়কৰ বাহ্মণ গাঁৱৰ ঐতিহাসিক বাসভৱন অচ্যুত ভৱনৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা ৷

CFI president Amir Hamza: সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব CFI ৰ সভাপতি আমিৰ হামজাক

নিষিদ্ধঘোষিত ইছলামিক সংগঠন পি এফ আইৰ ছাত্ৰ গোট চি এফ আইৰ পলাতক সভাপতি আমিৰ হামজাক বেংগালুৰুত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ এটা দলে(CFI president Amir Hamza arrested) । তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত গুৱাহাটীলৈ আনিছে অসম আৰক্ষীয়ে। সোমবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক নথিপত্র।

New Political equation of DAC: দেউৰী স্বায়ত্ত-পৰিষদ গঠনৰ নতুন সমীকৰণ, আজি মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব জে পি পি

তুঁহ-খেৰৰ জুই ৰূপে পৰিণত হোৱাৰ দিশে আগবাঢ়িছে নতুনকৈ গঠন হোৱা দেউৰী আঞ্চলিক ৰাজনৈতিক দল JPP (জিম'চাঁয়া পিপলছ পাৰ্টী) ৷ নতুনকৈ গঠন হৈয়েই কংগ্ৰেছ দলৰ সহযোগত ২২ খন আসনৰ ৭ খন দখল কৰি নিৰ্বাচনী চমক দিছিল (DAC election results) ৷ বিজেপিক প্ৰৱল প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল JPP দল ৷ দেউৰী ৰাইজেও আগবঢ়াইছিল সমৰ্থন ৷ কিন্তু নিৰ্বাচনী ফলাফলত সফলতাৰ পিছতেই এতিয়া বিজেপিৰ শৰণাপন্ন হ’বলৈ সাজু হৈছে জিম'চাঁয়া ৷

Erosion at Amguri: আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে(Erosion at Sivasagar) । ৰূপহীমুখত খহনীয়াত সৰ্বশ্ৰান্ত হৈ উঠিছে বহু পৰিয়াল ৷ মাটি-বাৰী, ঘৰ-ভেঁটি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি বহু পৰিয়াল ভূমিহীন হৈ পৰিছে(Brahmaputra river Erosion at Amguri) ৷

Burmese Supari Seized: কাছাৰত বাৰ্মিজ চুপাৰিসহ দুজনক আটক

কাছাৰত বাৰ্মিজ চুপাৰিসহ পুনৰ আটক হ'ল দুজন লোক (Burmese Supari Seized in Cachar)৷ আৰক্ষীয়ে তালাচী অভিযান চলাই এখন ট্ৰাকৰ পৰা প্ৰায় 147 বেগ চুপাৰিৰ বেগ জব্দ কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.