ICC on womens cricket: আফগানিস্তানত পুনৰ মহিলা ক্ৰিকেট আৰম্ভ কৰিবলৈ সন্মত চৰকাৰ

author img

By

Published : Nov 13, 2022, 3:45 PM IST

ICC on womens cricket

আফগানিস্তানত পুনৰ আৰম্ভ হ'ব মহিলা ক্ৰিকেট । দেশখনত মহিলা ক্ৰিকেট পুনৰ আৰম্ভ কৰিবলৈ আফগানিস্তান চৰকাৰ নীতিগতভাৱে সন্মত হৈছে বুলি সদৰি কৰিছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC)। আফগানিস্তানৰ চৰকাৰী বিষয়াই আইচিচিৰ সংবিধানক সম্পূৰ্ণ সন্মান আৰু পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতেই নতুন গতি লৈছে মহিলা ক্ৰিকেটে ।

নিউজ ডেস্ক, ১৩ নৱেম্বৰ: আফগানিস্তান চৰকাৰে দেশখনত মহিলা ক্ৰিকেট পুনৰ আৰম্ভ কৰিবলৈ নীতিগতভাৱে সন্মত হৈছে (Womens cricket in Afghanistan)। তালিবানে দেশখনৰ শাসনভাৰ অধিগ্ৰহণ কৰাৰ পিছতেই ৰাজনৈতিক দৃশ্যপটত হোৱা ব্যাপক পৰিৱৰ্তনৰ বাবে মহিলাসকলে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰাতো অনিশ্চয়তাৰ মাজত আছিল । দেওবাৰে এই বিষয়ে সদৰি কৰিছে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC)। আইচিচিয়ে দেওবাৰে উল্লেখ কৰিছে যে, আফগানিস্তান চৰকাৰে বিশ্ব সংস্থাৰ সংবিধান সমৰ্থন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য় যে, তালিবান প্ৰশাসনৰ অধীনত দেশখনৰ মহিলা ক্ৰিকেট দলকে ধৰি আফগান মহিলাসকলক খেলত অংশগ্ৰহণ কৰাটো নিষিদ্ধ কৰা হৈছিল । ইয়াৰ পিছতেই আইচিচিয়ে দেশত ক্ৰিকেটৰ স্থিতি পৰ্যালোচনা কৰিবলৈ এক ৱৰ্কিং গ্ৰুপ গঠন কৰিছিল । ব'ৰ্ডে আফগানিস্তান ৱৰ্কিং গ্ৰুপৰ পৰা এই সন্দৰ্ভত শেহতীয়া তথ্য় লাভ কৰিবলৈ সক্ষম হয় । ডোহাত আফগানিস্তান চৰকাৰ (Afghanistan government) আৰু আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ এজন প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত শেহতীয়া বৈঠকৰ পিছতেই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে এই বিষয়ে সদৰি কৰিছে (Afghanistan Cricket Board)।

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে এই বুলি উল্লেখ কৰিছে যে, আফগানিস্তানৰ চৰকাৰী বিষয়াগৰাকীয়ে আইচিচিৰ সংবিধানক সম্পূৰ্ণ সন্মান আৰু পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি কয় (Afghanistan cricket updates )। বিশেষকৈ বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তা আৰু এচিবিয়ে চৰকাৰী হস্তক্ষেপৰ পৰা স্বতন্ত্ৰভাৱে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়া বুলি আইচিচিয়ে কয় । ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ ইমৰান খাজাই কয়, "বৈঠকখন ইতিবাচক আৰু সন্মানজনক আছিল । চৰকাৰী প্ৰতিনিধিগৰাকীয়ে আফগানিস্তানত মহিলা ক্ৰিকেটৰ বাবে নীতিগতভাৱে আইচিচিৰ সংবিধানৰ প্ৰতি তেওঁৰ সমৰ্থনৰ কথা স্পষ্ট ভাৱে প্ৰকাশ কৰিছে (Working Group Chair Imran Khwaja)।"

ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে এই সন্দৰ্ভত পুনৰ কয়, "আফগানিস্তানত মহিলা ক্ৰিকেট পুনৰ আৰম্ভ কৰাৰ বাবে নিশ্চিতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব (Afghanistan women cricket news)। কিন্তু আমি ইয়াক আগুৱাই নিয়াৰ বাবে এচিবিৰ সৈতে কাম কৰি যাম । ৱৰ্কিং গ্ৰুপে আফগানিস্তান চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা প্ৰতিশ্ৰুতি নিৰীক্ষণ কৰিব আৰু আইচিচি ব'ৰ্ডক পুনৰ প্ৰতিবেদন দিয়াটো অব্যাহত ৰাখিব (ICC updates on Afghanistan women cricket)।"

উল্লেখ্য় যে, আইচিচিৰ সম্পূৰ্ণ সদস্য হ'বলৈ পুৰুষৰ দলৰ উপৰিও ৰাষ্ট্ৰীয় মহিলা দল এটা থাকিব লাগে । আফগানিস্তানৰ পুৰুষ দলটোৱে ২০২১ আৰু ২০২২ চনৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছে (U19 World Cup venues) ।

ইপিনে, শ্ৰীলংকা, মালয়েছিয়া আৰু থাইলেণ্ড, জিম্বাব'ৱে আৰু নামিবিয়া আৰু বাংলাদেশ আৰু নেপালে ২০২৪-২০২৭ বৰ্ষৰ পৰা আইচিচি অনুৰ্ধ-১৯ ইভেণ্ট আয়োজন কৰিবলৈ সাজু হৈছে বুলি বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী সংস্থাটোৱে সদৰি কৰিছে । উল্লেখ্য় যে, ২০২৪ চনৰ অনুৰ্ধ ১৯ পুৰুষ বিশ্বকাপ শ্ৰীলংকাই আয়োজন কৰিব । আনহাতে,২০২৬ চনৰ সংস্কৰণ জিম্বাব'ৱে আৰু নামিবিয়াত অনুষ্ঠিত হ'ব । ইপিনে,২০২৫ চনৰ অনুৰ্ধ-১৯ মহিলা টি-২০ বিশ্বকাপ মালয়েছিয়া আৰু থাইলেণ্ডত অনুষ্ঠিত হ'ব । ২০২৭ চনৰ অনুৰ্ধ-১৯ মহিলা প্ৰতিযোগিতাখন বাংলাদেশ আৰু নেপালে যুটীয়াভাৱে আয়োজন কৰিব ।

লগতে পঢ়ক:ICC player of month: বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.