ETV Bharat / sports

Sania Shoaib divorce controversy : সঁচাকৈয়ে ছানিয়া আৰু ছোৱাইবৰ বিবাহ বিচ্ছেদ হৈছে নেকি ?

author img

By

Published : Nov 13, 2022, 4:15 PM IST

Sania Malik
ছানিয়া আৰু ছোৱেবৰ বিবাহ বিচ্ছেদ

ছানিয়া মিৰ্জা আৰু ছোৱাইব মালিকৰ বিবাহ বিচ্ছেদৰ খবৰ চৰ্চাত থকাৰ মাজতে আন এক গুৰুত্বপূৰ্ণ খবৰ । দুয়োগৰাকী তাৰকা একেটা ৰিয়েলিটি শ্ব'ত উপস্থিত থাকিব (Sania Mirza reality show with Shoaib Malik)। লগে লগে বিভিন্ন মহলত পুনৰ চৰ্চা চলিছে ।

স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰ : সম্প্ৰতি ক্ৰীড়া জগতত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱাইব মালিক আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিবাহ বিচ্ছেদক লৈ বিশেষ চৰ্চা চলিছে (Sania Mirza Shoaib Malik divorce)। অৱশ্যে ১২ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইয়াৰ মাজতে দুয়োগৰাকী ক্ৰীড়া তাৰকাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । এক ৰিয়েলিটি শ্ব'ত একেলগে উপস্থিত থাকিব দুয়ো তাৰকা । তেওঁলোকৰ এই ঘোষণাৰ লগে লগে এতিয়া অনুৰাগী তথা ৰাইজৰ মাজত ব্যাপক কৌতূহলে বিৰাজ কৰিছে ।

ছানিয়া মিৰ্জা আৰু ছোৱাইব মালিকৰ বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে দুয়োগৰাকীয়ে ঘোষণা কৰিছে যে তেওঁলোকে শীঘ্ৰেই উৰ্দু ভাষাৰ ৰিয়েলিটি শ্ব' মিৰ্জা মালিক শ্ব'ত একেলগে উপস্থিত থাকিব (Sania Mirza Shoaib show on urduflix)। এই ঘোষণাই ইতিমধ্যে বহুতো অনুৰাগীক বিভ্ৰান্ত কৰি তুলিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ ছোৱাইবৰ বিশ্বাসঘাতকতাৰ ফলত ছানিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ বাতৰি ভাইৰেল হৈ পৰিছে (Sania Shoaib divorce controversy)। অৱশ্যে ছানিয়া বা ছোৱাইবে এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাই । আমোদজনকভাৱে, ছোৱাইব আৰু ছানিয়াই এতিয়াও ইনষ্টাগ্ৰামত দুয়োগৰাকীয়ে পোষ্ট শ্বেয়াৰ কৰা অব্যাহত ৰাখিছে । অৱশ্যে, ছানিয়াৰ একাংশ পোষ্ট, কেপশ্বন আৰু ষ্ট'ৰীবোৰে বিবাহ বিচ্ছেদৰ উৰা বাতৰিত বিশেষ ইন্ধন যোগাইছিল ।

শেহতীয়াকৈ, ছানিয়াই তেওঁৰ পুত্ৰৰ সৈতে এখন ফটো পোষ্ট কৰিছিল আৰু লিখিছিল যি মুহূৰ্তবোৰে তেওঁক আটাইতকৈ কঠিন দিনবোৰৰ মাজেৰে পাৰ কৰিছে । কিছুদিন পূৰ্বে এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ লিখিছিল যে ভগা হৃদয় ক'লৈ যায় ? খবৰ অনুসৰি ছানিয়াই শেহতীয়াকৈ ডুবাইৰ এটা নতুন ঘৰলৈ স্থানান্তৰিত হৈছিল । কিন্তু ছানিয়াই পূৰ্বে ছোৱেব মালিকৰ সৈতে ডুবাইৰ পাম জুমেইৰাহৰ এটা ভিলাত বাস কৰিছিল ।

ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, পাকিস্তানৰ এক ক্ৰীড়া সম্পৰ্কীয় অনুষ্ঠানত ছোৱাইবক ছানিয়াৰ টেনিছ একাডেমীৰ বিষয়ে সোধা হৈছিল । ছোৱাইবে উত্তৰত কৈছিল যে তেওঁ একাডেমীবোৰৰ বিষয়ে বেছি নাজানে । উল্লেখ্য যে ছোৱাইব আৰু ছানিয়াই ২০১০ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁলোক ডুবাইত আছিল ।

লগতে পঢ়ক :Asian Elite Boxing Championships: এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ইতিহাস ৰচনা শিৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.