ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 4, 2022, 5:02 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

আজিৰে পৰা 13 নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair To Be Held At Dhemaji)৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত 100 ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷

Vintage car rally: কাজিৰঙাত বিদেশী ভিনটেজ কাৰৰ ভিৰ

বেলজিয়ামৰ এটা সংস্থাই আয়োজন কৰা ভিনটেজ কাৰ ৰেলী শুকুৰবাৰে আহি উপস্থিত হয় কাজিৰঙাত (Vintage car rally arrived in Kaziranga)। দুদিন কাজিৰঙাত থাকি ৰেলীটো শ্বিলং অভিমুখে ৰাওনা হ'ব । ৰেলীত বিদেশৰ কেইবাগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

DAC Election 2022: শিৱসাগৰৰ তিনিওটা সমষ্টিতে জয় নিশ্চিত মিত্ৰজোঁটৰ: জয়ন্ত মল্লৰ দাবী

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰচাৰ চলাবলৈ শিৱসাগৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ দেউৰী জনগোষ্ঠীৰ অৰ্থনৈতিক, সামাজিক তথা আন্তঃগাঁঠনি উন্নয়ন কৰি সমানে আগুৱাই নিয়াৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ ৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়টো গুৰুত্বপূৰ্ণ বেঠকত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ ৷

Land Patta distribution: বনাঞ্চলৰ ভূমিত বাস কৰা ১১ হাজাৰ লোকক পট্টা বিতৰণ

শোণিতপুৰ জিলাৰ অধীনত চাৰিদুৱাৰ বাতাশিপুৰ অঞ্চলত মুঠ ১১,০০০ লোকক ভূমি পট্টা বিতৰণ কৰিব ৰাজ্য চৰকাৰে (Distribution of land patta in Sonitpur)৷

Adivasi Sengel Abhiyan: জনজাতিকৰণৰ লগতে বহুকেইইটা দাবীৰে চচলত আদিবাসীৰ প্ৰতিবাদ

শুকুৰবাৰে প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ চচল ৷ আদিবাসী লোকসকলক জনজাতিকৰণ, ছাৰনা ধৰ্ম কোড প্ৰৱৰ্তন কৰা, ঝাৰখণ্ডৰ চাউতালী ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা, আদিবাসী স্ব-শাসন ব্যৱস্থা কৰা আৰু আদিবাসী ভূমি সংৰক্ষণৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ (Adivasis protest in Guwahati) ৷

Amid severe AQI: ভয়ংকৰ প্ৰদূষণ: 5 নৱেম্বৰৰ পৰা দিল্লীত সকলো প্ৰাথমিক বিদ্যালয় বন্ধ

দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ ৷ দিল্লীত বৰ্ধিত প্ৰদূষণৰ ভয়বহতাৰ ওপৰত লক্ষ্য ৰাখি অহা 5 নৱেম্বৰৰ পৰা ৰাজধানী চহৰ দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে চৰকাৰে (Schools to remain shut from amid severe AQI)।

Fatty liver disease: ফেটী লিভাৰৰ কাৰণ, লক্ষণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানো আহক

আমাৰ শৰীৰৰ লিভাৰত চৰ্বি জমা হ’লে লিভাৰটোক ফেটী লিভাৰ ৰোগ বুলি কোৱা হয় । যেতিয়া লিভাৰটোৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বি লিভাৰত জমা হয়, তেতিয়া লিভাৰৰ কোষবিলাক ধ্বংস হ’বলৈ আৰম্ভ কৰে । ফলত আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰে । জানো আহক ফেটী লিভাৰৰ কাৰণ লক্ষণ আৰু ইয়াৰ পৰা কেনেদৰে উপশম পাব পাৰি...

Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ আছে অখিল গগৈ (Akhil Gogoi under treatment in Bengaluru) ৷ দাড়ি-চুলি কাটি বাংগালুৰুৰ নাৰায়ণা হাস্পতালত অখিল গগৈক এইদৰেই সাজু কৰি তোলা হৈছে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে ৷ শুকুৰবাৰে বাংগালুৰুত হ’ব অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (Akhil Gogoi undergoes heart surgery) ৷

New Medical College in Guwahati: ২০২৪ৰ ভিতৰত মুকলি হ'ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়: মুখ্যমন্ত্রী

অসম চৰকাৰ আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ । গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডে ব্যয় কৰিব ১৫০ কোটি টকা(New Medical College in Guwahati) । আগন্তুক ৫ বছৰৰ ভিতৰত অসমত ২৪ খন মেডিকেল কলেজ হ'ব । এম বি বি এছৰ আসনৰ সংখ্যা ৫ বছৰৰ ভিতৰত ২৭০০ লৈ বৃদ্ধি পাব ।

New Medical College in Guwahati: ২০২৪ৰ ভিতৰত মুকলি হ'ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়: মুখ্যমন্ত্রী

অসম চৰকাৰ আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ । গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডে ব্যয় কৰিব ১৫০ কোটি টকা(New Medical College in Guwahati) । আগন্তুক ৫ বছৰৰ ভিতৰত অসমত ২৪ খন মেডিকেল কলেজ হ'ব । এম বি বি এছৰ আসনৰ সংখ্যা ৫ বছৰৰ ভিতৰত ২৭০০ লৈ বৃদ্ধি পাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.