ETV Bharat / state

Land Patta distribution: বনাঞ্চলৰ ভূমিত বাস কৰা ১১ হাজাৰ লোকক পট্টা বিতৰণ

author img

By

Published : Nov 4, 2022, 4:29 PM IST

Updated : Nov 4, 2022, 5:34 PM IST

শোণিতপুৰ জিলাৰ অধীনত চাৰিদুৱাৰ বাতাশিপুৰ অঞ্চলত মুঠ ১১,০০০ লোকক ভূমি পট্টা বিতৰণ কৰিব ৰাজ্য চৰকাৰে (Distribution of land patta in Sonitpur)৷

Distribution of land patta to 11,000 people of  forest land
বনাঞ্চলৰ ভূমিত বাস কৰা ১১ হাজাৰ লোকক পট্টা বিতৰণ

তেজপুৰ, ৪ নৱেম্বৰ : অসম চৰকাৰে কাইলৈ অৰ্থাৎ ৫ নৱেম্বৰত শোণিতপুৰ জিলাৰ অধীনত চাৰিদুৱাৰ বাতাশিপুৰ অঞ্চলত, সোনাই-ৰূপাই অভয়াৰণ্যৰ কাষৰীয়া চাৰিদুৱাৰ বনাঞ্চলত ভূমি আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰিব । মুঠ ১১,০০০ ভূমি পট্টা বিতৰণ কৰিব (Distribution of land patta in Sonitpur) ।

বনাঞ্চলৰ ভূমিত বাস কৰা ১১ হাজাৰ লোকক পট্টা বিতৰণ

ইয়াৰ লগে লগে শোণিতপুৰত হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি হোৱাত কিছু দিনৰ পাছত শোণিতপুৰত মানুহে গছৰ ওপৰত চাংঘৰ পাতি বসবাস কৰিব লাগিব বুলি একাংশ প্ৰকৃতিপ্ৰেমীয়ে আশংকা প্ৰকাশ কৰে । মানুহে বনাঞ্চল ধ্বংস কৰি স্থায়ী বসবাস কৰিবলৈ আৰম্ভ কৰিছে আৰু চৰকাৰে বনাঞ্চল সমূহত মাটিৰ পট্টা দিবলৈ ওলোৱাত হাতীবোৰ বনাঞ্চল এৰি জনাঞ্চলৈ ক্ৰমশঃ গতি কৰিছে ।

এফালৰ পৰা বনাঞ্চল ধ্বংস কৰি নিঃশেষ কৰাৰ পিছত এতিয়া শোণিতপুৰ জিলা প্ৰশাসনে অহা 5 নৱেম্বৰত বনাঞ্চলত ভূমি পট্টা দিব ওলোৱাত জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে ৷ চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চল আৰু সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত এঘাৰ হাজাৰ পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগে ভূমি পট্টা প্ৰদান কৰিব ওলাইছে ৷

বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিবৰ্তন নকৰাকৈ এঘাৰ হাজাৰ পৰিয়ালক মাটি দিলে অৱশিষ্ট বনাঞ্চলখিনিও পিছলৈ নাথাকিবগৈ বুলি শংকিত হৈছে ৰাইজ ( land patta to 11,000 people of forest land) ৷ আনহাতে ফৰেষ্ট ৰাইট এক্টৰ অধীনত (Forest Right Act) এনে সিদ্ধান্ত আইন বিৰুদ্ধ বুলি উল্লেখ আছে ৷ তদুপৰি উক্ত অঞ্চলত ১৯৯৬ চনৰ পৰা ২০০৫ চনলৈ ১৩১ বাৰ উচ্ছেদ কৰা হৈছিল ৷

অৰ্থাৎ বনাঞ্চলত থকা অধিকাংশ লোকেই বেদখল কৰি আছে ৷ ইয়াৰ পিছতো কি কাৰনে বনাঞ্চল ধ্বংস কৰাৰ বাবে চৰকাৰে সুবিধা কৰি দিছে ৷ সচেতন ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীয়ে তীব্ৰ বিৰোধিতা কৰিছে ৷ ৰাইজৰ দাবী- বনাঞ্চল সুৰক্ষিত কৰি অন্য স্থানত ভূমিহীনক সংস্থাপিত কৰক ৷

আনহাতে কাষৰীয়া সোনাই ৰূপাই অভয়াৰণ্যত (Sonai Rupai Forest) মুঠ ২২০ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত ১০০ বৰ্গ কিলোমিটাৰ সম্পূৰ্ণ বেদখলীকৃত । ২০০৭ চনত এই ভূমিৰ ৮৫ বৰ্গ কিলোমিটাৰ ভুমি বেদখল কৰা হৈছিল । আৰু বন বিভাগৰ তথ্য অনুসৰি সেই সময়তেই মুঠ ১২,০০০ লোকে ভূমি বেদখল কৰি বাস কৰি আহিছে ।

বৰ্তমান বনাঞ্চলখনৰ পশ্চিমে বেলশিৰি নদীৰ পৰা পাছনৈ নদীৰ ওদালগুৰি জিলাৰ সমীপলৈ বিস্তাৰিত অভয়াৰণ্যখনৰ ৮৫ বৰ্গ কিলোমিটাৰ আৰু পূবে চাৰিদুৱাৰ সংলগ্ন এলেকাৰ ১৫ বৰ্গ কিলোমিটাৰ সম্পূৰ্ণ ৰূপে বেদখল হৈ আছে ।

অসম চৰকাৰৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি মুঠ ৪৪৬৪ টা আবাস গৃহ আছে । মন কৰিবলগীয়া যে অভয়াৰণ্য খনে ২০০১ আৰু ২০০৫ চনতেই ৩৫ শতাংশ বন ভূমি হেৰুৱাই পেলাইছে আটাইতকৈ বেছি অধিকৃত অঞ্চল বাতাশিপুৰ আৰু গলাই অঞ্চলত ।

মুঠ ১৩ টা বন শিবিৰৰে অৱস্থিত সোনাই ৰূপাই অভয়াৰণ্যত এটা বন শিবিৰ স্থাপনৰ বাবে ১০ বৰ্গ কিলোমিটাৰ এলেকাৰ প্ৰয়োজন হয় । অভয়াৰণ্যখনত ২০০৮-১০ চনৰ ভিতৰত গেলগেলী অঞ্চলত ৩৫ টা পিগমী হগ মুকলি কৰিছিল ।

২০০২ চনৰ তথ্য মতে অভয়াৰণ্যখনত ১৫৬ টা হাতী আছে আৰু সংলগ্ন এলেকাত আছে ১০৬ টা । ২০০০ চনত অভয়াৰণ্যখনত ৬ টা ঢেকীয়াপতীয়া বাঘ থকা বুলি তথ্য আছে । এতিয়া চাৰিওফালে জনবসতি বৃদ্ধি পোৱাৰ পিছত অভয়াৰণ্যখনৰ পৰা অন্য জীৱ জন্তুৰ লগতে হাতী সঘনাই ওলাই অহা পৰিলক্ষিত হয় , এই অভয়াৰণ্যখন নামেৰীৰ কাষৰীয়া হোৱা বাবে জন্তুসমূহ সহজে এঠাইৰ পৰা আন ঠাইলৈ চলা ফুৰা কৰি থাকে ।

উল্লেখযোগ্য যে ৰঙাপাৰা অঞ্চলত বৰ্তমান ১০০ ৰো অধিক বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি আহিছে যাৰ ফলত সমগ্ৰ অঞ্চলটোত চহা খেতিয়ক সকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে । দৈনিক ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে । সমীপৱৰ্তী চাহ বাগিচাৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ চাউল বন্যহস্তীয়ে খোৱাৰ ফলত শংকিত হৈছে স্থানীয় লোকসকল । আনহাতে কৃষকে বহু বিঘা কৃষি ভূমিত খেতি কৰিব নোৱাৰিলে আৰু যি সমূহত খেতি কৰা হৈছে ধান নপকাকৈয়ে কাটিব লগীয়া হৈছে ।

এতিয়া স্থানীয় ৰাইজৰ মাজত সংশয় হৈছে যে বনাঞ্চল এলেকাত যদি এই নতুনকৈ ভূমিৰ পট্টা প্ৰদান কৰি বিভিন্নজনক সংস্থাপিত কৰা হয় তেন্তে বনাঞ্চলৰ হাতী সমূহ বন কৰ্মীয়ে কোন ঠাইলৈ ঘূৰাই পঠাব বা হাতী মানুহৰ সংঘাত কেনে ৰূপ ধাৰণ কৰিব ।

লগতে পঢ়ক: Free medical camp: লেখাপানীৰ টীপঙত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন

Last Updated :Nov 4, 2022, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.