ETV Bharat / state

New Medical College in Guwahati: ২০২৪ৰ ভিতৰত মুকলি হ'ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়: মুখ্যমন্ত্রী

author img

By

Published : Nov 4, 2022, 3:19 PM IST

অসম চৰকাৰ আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ । গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডে ব্যয় কৰিব ১৫০ কোটি টকা(New Medical College in Guwahati) । আগন্তুক ৫ বছৰৰ ভিতৰত অসমত ২৪ খন মেডিকেল কলেজ হ'ব । এম বি বি এছৰ আসনৰ সংখ্যা ৫ বছৰৰ ভিতৰত ২৭০০ লৈ বৃদ্ধি পাব ।

mou between assam govt and mright star pvt ltd
২০২৪ চনৰ ভিতৰত মুকলি হ'ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় : মুখ্যমন্ত্রী

গুৱাহাটী,৪ নবেম্বৰ: গুৱাহাটীৰ পুৰণি কালাপাহাৰ আৰু বৰ্তমানৰ নীলাচল নগৰত নিৰ্মিয়মান গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ ২০২৪ চনৰ ভিতৰত কাৰ্যক্ষম কৰি তোলা হ'ব(New Medical College in Guwahati) । শুকুৰবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনত স্বাক্ষৰিত হয় অসম চৰকাৰ আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ এক চুক্তি ।

২০২৪ চনৰ ভিতৰত মুকলি হ'ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বুজাবুজিৰ এই চুক্তিত স্বাক্ষৰ কৰে অসম চৰকাৰৰ হৈ চিকিৎসা শিক্ষাৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ হৈ প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণন ডামানীয়ে । এই চুক্তিৰ যোগেদি গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ 'প্ৰাগজ্যোতিষ মেডিকেল কলেজ'ৰ শৈক্ষিক আন্তঃগাঠনিৰ বাবে মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডে চি এছ আৰৰ অধীনত ১৫০ কোটি টকা ব্যয় কৰিব(2nd medical college in Guwahati at cost of 150 crore) ।

শুকুৰবাৰে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তি হিচাপে ৫ কোটি টকা আগবঢ়োৱা হয় । অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বৰঙণিৰ বাবে মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে । স্বাস্থ্যখণ্ডৰ বিকাশৰ ক্ষেত্রত ব্ৰাইট ষ্টাৰৰ দৰে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আগবাঢ়ি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেঁও লগতে কয় যে এহাজাৰ বিচনাযুক্ত প্ৰাগজ্যোতিষ মেডিকেল কলেজখন ২০২৪ ৰ ভিতৰত কাৰ্যক্ষম কৰি তোলা হ'ব(Pragjyotish Medical College) ।

গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ প্ৰয়োজনীয়তা দীৰ্ঘদিনীয়া বুলি উল্লেখ কৰি তেঁও কয় যে আগন্তুক ৫ বছৰৰ ভিতৰত অসমত ২৪ খন মেডিকেল কলেজ হ'ব । আনহাতে এম বি বি এছৰ আসনৰ সংখ্যা ৫ বছৰৰ ভিতৰত ২৭০০ লৈ বৃদ্ধি পাব । ২০১৪ চনত এম বি বি এছৰ আসনৰ সংখ্যা ৭২৬ খন আছিল আৰু বৰ্তমান আছে ১২০০ খন । তেঁও লগতে কয় যে অসম চৰকাৰে চিকিৎসা ব্যৱস্থাৰ সমান্তৰালকৈ গৱেষণামূলক কামৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰিছে ।

অনুষ্ঠানত মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণন ডামানীয়ে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মধুচন্দক ডামানী, চিকিৎসা শিক্ষাৰ প্ৰধান সচিব অবিনাশ যোশীকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া আৰু মুম্বাইৰ ব্ৰাইট ষ্টাৰ প্ৰাইভেট লিমিটেডৰ বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.