ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 2, 2022, 5:01 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

DC-SP meet at Staff College: প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সন্মিলন

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলন । উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মহন, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DC and SP meet at Staff college)।

IT Department raid: ব্যৱসায়ী তথা ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটীত আয়কৰ বিভাগৰ অভিযান (IT Department raid in Guwahati) ৷ ব্যৱসায়ী, ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত চলিছে এই অভিযান ৷

Tezpur Medical College : জালিয়াতিৰে চাকৰি লাভ কৰা ৫ কৰ্মচাৰীক নিলম্বন

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জালিয়াতিৰে চাকৰি লাভ কৰা ৫ জনক নিলম্বন (5 employees suspended from Tezpur MCH) । ভুৱা তথ্যৰে নিযুক্তি লাভ কৰাৰ বাবে নিলম্বন কৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ।

Cheques Distribution at Diphu: ডিফুত মাইক্ৰ’ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ কিস্তিৰ ধন বিতৰণ

কাৰ্বি আংলং জিলাত মাইক্ৰ’ফাইনেন্সৰ চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন ৷ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফুৰ লাংকুং হাবেত(টাউন হলত) আয়োজন কৰা হয় চেক বিতৰণ কাৰ্যসূচীৰ (Cheques Distribution under microfinance loan waiver scheme)। ৪২৮ গৰাকী মহিলালৈ কাৰ্যসূচীত চেক বিতৰণ কৰা হয় ।

Birthday of Aishwarya Kakati: প্ৰবীন নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন

৭৯ বছৰত পদাৰ্পন কৰিলে প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে (Playwright Aishwarya Kakati)। এই জন্মদিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ "।

Pharmaceutical Traders Association Foundation Day: সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত ঔষধ ব্যৱসায়ী সংস্থাৰ

জোনাইত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি(All Assam Rural Pharmaceutical Traders Association) ৷ গায়ন-বায়ন আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাই ৷ স্মৃতিগ্ৰন্থ মূৰ্কংচেলেক উন্মোচন কৰে মৰিঢল মহাবিদ্যালয়ৰ সহ অধ্যাপক প্ৰদীপ বৰাই । সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে সিদ্ধান্ত গ্ৰহণ ৷

Children Friendly Room in Goalpara : গোৱালপাৰাত মুকলি শিশু মিত্ৰ কক্ষ

শিশুৰ মানসিক চিন্তাধাৰাৰ কথা বিবেচনা কৰিয়ে গোৱালপাৰাৰ প্ৰতিখন থানাতে স্থাপন কৰা হৈছে শিশু মিত্ৰ কক্ষ (Children Friendly Room in Goalpara)। বিশেষ কোঠাবোৰ শিশুসুলভভাৱে নিৰ্মাণ কৰা হৈছে । বেৰত অংকন কৰা হৈছে বিভিন্ন ধৰণৰ ছবি । খেলৰ সামগ্ৰীও আছে কোঠাবোৰত ।

Minister Atul Bora at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত অতুল বৰা

বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora) ৷ বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত হৈ বশিষ্ঠ দেৱশৰ্মাৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি প্ৰদানেৰে সত্ৰীয়া সাধক গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় মন্ত্ৰীগৰাকীয়ে ৷

Nalbari Wine Shop Controversy : নতুন সুৰাৰ বিপণী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ

নলবাৰীত নতুনকৈ ১৭ খন সুৰাৰ বিপণী মুকলি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে (New wine shop in Nalbari)! ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন সংগঠনে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।

Elephant Safari in Kaziranga: কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী

পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ'ল হাতী ছাফাৰী (Elephant Safari opened in Kaziranga National Park)। বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে হাতী ছাফাৰী । কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে প্ৰাথমিক পৰ্যায়ত মুকলি কৰা হৈছে হাতী ছাফাৰী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.