ETV Bharat / state

DC-SP meet at Staff College: প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সন্মিলন

author img

By

Published : Nov 2, 2022, 3:13 PM IST

DC and SP meet at Staff college
প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সন্মিলন

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলন । উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মহন, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DC and SP meet at Staff college)।

গুৱাহাটী, ২ নৱেম্বৰ : অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে উপায়ুক্ত আৰুআৰক্ষী অধীক্ষক সন্মিলন (Assam Administrative Staff College)। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma), মন্ত্ৰী যোগেন মহন, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ।

প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সন্মিলন

বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে । বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সন্দৰ্ভত হ’ব আলোচনা (DC and SP meet at Staff college)। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বৈঠকখন । বৈঠকৰ প্ৰথম পৰ্যায়ত ৪০০ বছৰীয়া লাচিত বৰফুকন জন্মজয়ন্তী আৰু লাচিত বৰফুকন এপৰ সন্দৰ্ভতো আলোচনা হ’ব ৷ ইয়াৰ লগতে মিচন ভূমিপুত্ৰ, EWS ৰ নতুন নিয়মাৱলী, ড্ৰাগছ আৰু NCORD ৰ বিষয়তো হ'ব আলোচনা ।

আনহাতে বিভিন্ন আৰক্ষী থানাত মীমাংসা নোহোৱাকৈ থকা সৰু গোচৰসমূহ কিদৰে খৰটকীয়াকৈ নিষ্পত্তি কৰিব পৰা যাব সেই বিষয়তো কৰা হ'ব আলোচনা । তদুপৰি প্ৰতিখন জিলাৰ বিশেষ ব্যক্তিৰ তালিকা প্ৰস্তুত কৰা বিষয়তো আলোচনা হ’ব এই বৈঠকত । দণ্ডাধীশৰ দ্বাৰা তদন্ত বিষয়ত আলোচনা আৰু AFSPA(Armed Forces Special Powers Act) প্ৰত্যাহাৰ আৰু নিৰাপত্তা বিষয়ে আলোচনা কৰাৰ লগতে বিভিন্ন প্ৰাসংগিক বিষয়ত আলোচনা কৰা হ’ব উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত ।

ইপিনে বৈঠকখনৰ দ্বিতীয় পৰ্যায়ত আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যত সংঘটিত হৈ থকা বিভিন্ন অপৰাধৰ বিষয়ত বিষদভাৱে পৰ্যালোচনা কৰা হ'ব । তদুপৰি CID য়ে তদন্ত কৰি থকা বিভিন্ন জিলাৰ অপৰাধ, আত্মহত্যা গোচৰৰ তদন্ত আৰু শেহতীয়াকৈ কাজিৰঙাত অনুষ্ঠিত হৈ যোৱা চিন্তন শিৱিৰৰ সন্দৰ্ভতো বৈঠকত আলোচনা হ’ব (Chintan Shivir at Kaziranga)।

ইয়াৰোপৰি আন কেইবাটাও বিষয়ত ওপৰত আলোচনা কৰা হ’ব এই বৈঠকত । বুধবাৰৰ মাজ নিশালৈকে চলিব এই বৈঠক ।

লগতে পঢ়ক : Electric Meter Tampering: বিদ্যুতৰ ডিজিটেল মীটাৰ টেম্পাৰিং কৰি বৰপেটাত আৰক্ষীৰ জালত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.