ETV Bharat / state

Minister Atul Bora at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত অতুল বৰা

author img

By

Published : Nov 2, 2022, 4:14 PM IST

বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora) ৷ বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত হৈ বশিষ্ঠ দেৱশৰ্মাৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি প্ৰদানেৰে সত্ৰীয়া সাধক গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় মন্ত্ৰীগৰাকীয়ে ৷

minister-atul-bora-at-the-residence-of-late-burha-satriya-of-barpeta-satra
প্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত অতুল বৰা

বৰপেটা ২ নৱেম্বৰ: বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora) ৷ অগপৰ সভাপতিৰ দায়িত্বত থকা মন্ত্ৰীগৰাকী বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত হৈ বশিষ্ঠ দেৱশৰ্মাৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি প্ৰদানেৰে সত্ৰীয়া সাধক গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ৷

প্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ বাসগৃহত অতুল বৰা

সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকসকলৰ প্ৰতি সমবেদনা জনায় ৷ বিগত কেইটামান দিনৰ ভিতৰতে ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট শিল্পীক হেৰুৱাব লগা হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিশেষকৈ বুঢ়াসত্ৰীয়া বাপজনাৰ লগতে বিশিষ্ট বোলছবি অভিনেতা নিপন গোস্বামী, চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুৱে এক শূণ্যতাৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে অতুল বৰাই ৷ ইপিনে বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সাধকগৰাকীৰ সৃষ্টিৰাজী সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে, বিগত 31 অক্টোবৰত বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ (Late Burha Satriya of Barpeta Satra ) সুন্দৰীদিয়া কলয়াহাটীস্থিত ঘৰত উপস্থিত হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং (Congress leader Jitendra Singh) , সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi) , বিধায়ক ৰকিবুল হুছেইন (MLA Rakibul Hussain), ৰেকিবুদ্দিন আহমেদকে আদি কৰি এটা বৃহৎ দল (Late Burha Satriya of Barpeta Satra) ৷

তাৰোপৰি, বিগত 29 অক্টোবৰত বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ সুন্দৰীদিয়া কলয়াহাটীস্থিত বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Basistha Dev Sharma no more) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বুঢ়াসত্ৰীয়াৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷

লগতে পঢ়ক: Sarbananda Sonowal at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.