Children Friendly Room in Goalpara : গোৱালপাৰাত মুকলি শিশু মিত্ৰ কক্ষ

author img

By

Published : Nov 2, 2022, 1:35 PM IST

Children Friendly Room in Goalpara

শিশুৰ মানসিক চিন্তাধাৰাৰ কথা বিবেচনা কৰিয়ে গোৱালপাৰাৰ প্ৰতিখন থানাতে স্থাপন কৰা হৈছে শিশু মিত্ৰ কক্ষ (Children Friendly Room in Goalpara)। বিশেষ কোঠাবোৰ শিশুসুলভভাৱে নিৰ্মাণ কৰা হৈছে । বেৰত অংকন কৰা হৈছে বিভিন্ন ধৰণৰ ছবি । খেলৰ সামগ্ৰীও আছে কোঠাবোৰত ।

গোৱালপাৰা,২ নৱেম্বৰ : গোৱালপাৰা আৰক্ষীৰ এক আদৰণীয় পদক্ষেপ (Goalpara police initiative)। শিশুসকলক এক সুস্থ পৰিৱেশৰ মাজত বন্ধুত্বপূৰ্ণ আচৰণ আৰু নিৰ্ভয়তাৰে নিজৰ অভিমত প্ৰকাশ কৰিবলৈ জিলাখনৰ প্ৰতিখন আৰক্ষী থানাতে বিশেষভাৱে স্থাপন কৰা হৈছে 'শিশু মিত্ৰ কক্ষ' বা শিশুৰ ওমলা ঘৰ । জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিৰ তত্বাৱধানত শিশুৰ বাবে প্ৰযোজ্য বিভিন্ন সা-সুবিধাৰে এক সুস্থ পৰিৱেশ গঢ়ি তুলি প্ৰতিখন আৰক্ষী থানাতে নিৰ্মাণ কৰা বিশেষ শিশু মিত্ৰ কক্ষসমূহ ইতিমধ্যে মুকলি কৰা হৈছে ।

আৰক্ষী অধীক্ষকগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপক জিলাখনৰ সচেতন ৰাইজে আদৰণি জনাইছে । শিশুসকলৰ বাবে শিশু মিত্ৰ কোঠা নিৰ্মাণ কৰা জিলাখনৰ থানাসমূহ হৈছে ক্ৰমে গোৱালপাৰা সদৰ আৰক্ষী থানা, মাটিয়া আৰক্ষী থানা, মৰনৈ আৰক্ষী থানা, দুধনৈ আৰক্ষী থানা, কৃষ্ণাই আৰক্ষী থানা, আগিয়া আৰক্ষী থানা, লক্ষীপুৰ আৰক্ষী থানা, পঞ্চৰত্ন নদী আৰক্ষী থানা, ৰংজুলি আৰক্ষী থানা, ধূপধৰা আৰক্ষী থানা, চুনাৰী আৰক্ষী থানা আৰু বগুৱান আৰক্ষী থানা (Children Friendly Room in Goalpara)।

গোৱালপাৰাত মুকলি শিশু মিত্ৰ কক্ষ

প্ৰতিখন আৰক্ষী থানাৰ শিশু মিত্ৰ কক্ষসমূহ পৰিদৰ্শন কৰি বুধবাৰে সংবাদ মাধ্যমত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীক ভয় নকৰাকৈ এক সুস্থ পৰিৱেশৰ মাজত বন্ধুত্বপূৰ্ণভাৱে নিজৰ মত-অভিমত প্ৰকাশ কৰাটো প্ৰতিজন শিশুৰ অধিকাৰ । সেই উদ্দেশ্য আগত ৰাখিয়েই জিলাখনৰ প্ৰতিখন থানাত নিৰ্মাণ কৰা হৈছে শিশু মিত্ৰ কক্ষ । প্ৰতিগৰাকী শিশু থানালৈ আহি যাতে আৰক্ষী থানাৰ গতানুগতিক পৰিৱেশৰ এক বিপৰীত পৰিৱেশ পাব পাৰে তাৰ বাবে বিশেষ কোঠাসমূহৰ বেৰত অংকন কৰা হৈছে ৰং বিৰঙি বিভিন্ন কাৰ্টুন, ছবি । কোঠাবোৰত ভিডিঅ' গেমকে ধৰি বিভিন্ন খেলৰ সামগ্ৰীও ৰখা হৈছে ।

বিশেষভাৱে নিৰ্মিত এই কক্ষসমূহৰ বিৱৰণ দি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে শিশুৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ কেনেকৈ গঢ়ি তুলিব লাগে তাৰ বাবে জিলাখনৰ প্ৰতিখন থানাৰ কৰ্তব্যৰত আৰক্ষী বিষয়া-কনিষ্টবল আৰু বিশেষকৈ মহিলা কনিষ্টবলসকলক ইতিমধ্যে 'চফ্ট স্কীল'ৰ প্ৰশিক্ষণ দিয়া হৈছে । থানালৈ অহা প্ৰতিজন শিশুক কৰ্তব্যৰত মহিলা কনিষ্টবলে আৰক্ষী পোছাক অবিহনে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি থানাৰ পৰিৱেশৰ বিপৰীতে নিৰ্ভয়ে নিজৰ মত প্ৰকাশ কৰিব পৰাকৈ প্ৰতিখন থানাত এক সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, শিশু মিত্ৰ কক্ষ স্থাপন কৰা ৰাজ্যৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হৈছে গোৱালপাৰা ।

লগতে পঢ়ক :Inauguration of Anganwadi Centre: নগাঁৱত অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.