ETV Bharat / state

Elephant Safari in Kaziranga: কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী

author img

By

Published : Nov 2, 2022, 12:57 PM IST

Elephant Safari in Kaziranga
কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী

পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ'ল হাতী ছাফাৰী (Elephant Safari opened in Kaziranga National Park)। বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে হাতী ছাফাৰী । কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে প্ৰাথমিক পৰ্যায়ত মুকলি কৰা হৈছে হাতী ছাফাৰী ।

কাজিৰঙা,২ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অৱশেষত মুকলি হ'ল হাতী ছাফাৰী (Elephant Safari opened in Kaziranga National Park)। কাহিলি পুৱাতে কহঁৰাৰ মিহিমুখ এলিফেন্ট টাৱাৰত মুকলি কৰা হ'ল হাতী ছাফাৰীৰ । বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে এই হাতী ছাফাৰী । কাহিলি পুৱাতে পৰম্পৰাগত হস্তী পূজাৰ পাছতে হাতী ছাফাৰী মুকলি কৰে বন সংমণ্ডল বিষয়া গগৈয়ে ৷

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে প্ৰাথমিক পৰ্যায়ত মুকলি কৰা হৈছে হাতী ছাফাৰী (Elephant Safari in Kaziranga) ৷ পৰৱৰ্তী সময়ত পৰ্যটকৰ চাহিদা অনুসৰি হাতী ছাফাৰীৰ বাবে হাতীৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলিও জনাইছে বন সংমণ্ডল বিষয়াগৰাকীয়ে ।

কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী
হাতী ছাফাৰী মুকলিৰ প্ৰথমটো দিনতে ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ ৫ গৰাকী বিদেশী পৰ্যটকসহ মুঠ অৰ্ধ শতাধিক পৰ্যটকে হাতী ছাফাৰীৰ আনন্দ লয় ।

লক্ষণীয়ভাৱে প্ৰতিবছৰে ১ নৱেম্বৰৰ পৰা কাজিৰঙাত হাতী ছাফাৰী মুকলি কৰা হয় । কিন্তু এইবছৰ কিছু কাৰিকৰী অসুবিধাৰ বাবে এদিন পিছত অৰ্থাৎ ২ নৱেম্বৰৰ পৰা হাতী ছাফাৰী মুকলি কৰা হৈছে ।

উল্লেখ্য যে যোৱা ২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourist) ৷ মুকলিৰ পাছতে উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত কেৱল জীপ ছাফাৰীহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল । কিন্তু হাতী ছাফাৰী মুকলিৰ লগে লগে কাজিৰঙালৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশাবাদী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ।

উল্লেখ্য যে প্ৰতি বছৰে জীপ ছাফাৰীৰ সমান্তৰালকৈ হাতী ছাফাৰীও কৰে হাজাৰ হাজাৰ পৰ্যটকে । হাতী ছাফাৰীৰ জৰিয়তে যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । কিয়নো বহু পৰ্যটকৰ প্ৰথম পচন্দ হয় হাতী ছাফাৰী । দেশৰ লগতে বিদেশী পৰ্যটকেও হাতী ছাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে ।

লগতে পঢ়ক :Elephant safari in Kaziranga: দুই নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী ছাফাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.