ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 1, 2023, 3:02 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Corruption of Former Maldivian President: মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ১১ বছৰৰ কাৰাদণ্ড

ব্যক্তিগত কোম্পানীৰ পৰা ধন উৎকোচ লোৱা মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনক ১১ বছৰৰ কাৰাদণ্ড বিহা হৈছে (Former Maldives President Abdulla Yameen)। য়ামিনে প্ৰাক্তন সাংসদ য়ুচুফ নাইমৰ পৰা ১ মিলিয়ন আমেৰিকান ডলাৰ উৎকোচ গ্ৰহণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল ।

New Year 2023 : দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

আনন্দ উল্লাহৰ মাজেৰে দেশবাসীয়ে আদৰণি জনাইছে ইংৰাজী নৱবৰ্ষক । এই বিশেষ ক্ষণত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দেশবাসীৰ মংগল কামনা কৰিছে (President Murmu greets people on New Year)। মুম্বাই, দিল্লী, চেন্নাই আদি প্ৰতিখন চহৰতে নৱবৰ্ষক আদৰৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

Heavy fire due to Explosion: জিন্দাল কোম্পানীত বিস্ফোৰণ হৈ বিধ্বংসী অগ্নিকাণ্ড

মুম্বাইৰ নাছিকস্থিত জিন্দাল কোম্পানীত বয়লাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Explosion in Nashik Jindal company)৷

Four youths died: অট’ আৰু ভাৰ্ণা বাহনৰ মুখামুখি সংঘৰ্ষত 4 যুৱকৰ মৃত্যু

নতুন বছৰটোৰ প্ৰাকক্ষণত শনিবাৰে নিশা পাঞ্জাৱৰ অমৃতসৰ আটাৰী ৰোড আৰু ঘৰিন্দন চকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত 4 জন যুৱকৰ থিতাতে মৃত্যু হয় (Four youths died in a terrible accident)

New Year greetings from PM: দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছাবাৰ্তা প্ৰধানমন্ত্ৰীৰ

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi greets people on New Year)। বছৰৰ প্ৰথমটো দিনত বিভিন্ন ধৰ্মীয় স্থানত ভিৰ ভক্তৰ । বহুতে পৰিয়ালৰ সৈতে ঐতিহাসিক স্থানত দিনটো উদযাপন কৰিছে । দেশত ব্যাপকভাৱে আদৰণি ২০২৩ক ।

Reacts on reduce of four district: হোজাই জিলাৰ বিলুপ্তিকৰণত সুখী নহয় বদৰুদ্দিন আজমল

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে অসমৰ চাৰি জিলাৰ বিলুপ্তিকৰণৰ বিষয়ে (Reduce of four district of Assam)৷ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ পৰা ৪ খন জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীৰ পক্ষত মন্তব্য প্ৰকাশ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ (Badaruddin Ajmal reacts on reduce of four district) ৷

Kaziranga National Park: চাৰিটা বৰ্ষত গঁড় নিধন ৰোধ কৰিবলৈ সক্ষম বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষ

এক আশাব্যঞ্জক খবৰ লৈ নতুন বৰ্ষত পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল (Kaziranga National Park) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বিগত চাৰিটা বৰ্ষত গঁড় নিধন ৰোধ কৰিবলৈ সক্ষম হৈছে উদ্যান কৰ্তৃপক্ষ ।

Marathon competition in Dibrugarh : নৱবৰ্ষৰ পহিলা দিনাই ডিব্ৰুগড়ত মাৰাথন দৌৰ প্ৰতিযোগিতা

প্ৰতিবছৰৰ দৰে এইবাৰো নৱবৰ্ষৰ পহিলা দিনা মদাৰখাট ক্ৰীড়া সন্থাই আয়োজন কৰে ৰাজ্যিক ভিত্তিত মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতা (Marathon competition in Dibrugarh)। ২৭ তম সদৌ অসম নৱবৰ্ষ প্ৰাইজমানি মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে ৪৩ জন প্ৰতিযোগীয়ে । ইয়াৰে ১০ গৰাকী বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয় ।

Tenga pani Picnic Place: কঠীয়াতলীৰ টেঙাপানী বনভোজস্থলীত ভিৰ বনভোজকাৰী দলৰ

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথমটো দেওবাৰ (New Year Celebration at Tenga Pani)। ৰাজ্য চৰকাৰে জাৰি কৰা 17 টা SOP মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীৰ সমান্তৰালকৈ নগাঁৱৰ কঠীয়াতলীৰ টেঙাপানী বনভোজস্থলীতো ভিৰ কৰিছে বনভোজকাৰী দলে ।

Union Governments finances in 2022 : দেশৰ শেহতীয়া বিত্তীয় বৰ্ষলৈ ঘূৰি চাও আহক

২০২২ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ বিত্তীয় দিশৰ পৰা দেশৰ অৱস্থা আশানুৰূপ হোৱা নাই । অৱশ্যে বাজেটৰ অনুমানতকৈ কৰ সংগ্ৰহ উন্নত হৈছে (Tax collection Improved than budget projections)। কিন্তু চৰকাৰী তথ্যৰ মতে মুঠ কৰ-ৰাজহ বৃদ্ধি ৪.৭৮ শতাংশলৈ হ্ৰাস পাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.