ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 23, 2022, 3:10 PM IST

3 বজাৰ 10 টা শীৰ্ষ বাতৰি
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Intranasal Covid vaccine approved: নাকত প্ৰয়োগ কৰা হ’ব ক’ভিডৰ নতুন প্ৰতিষেধক

ভাৰত বায়’টেকৰ Intranasal Covid ভেকচিনক (Bharat Biotech Intranasal Covid vaccine) 18 বছৰৰ ওপৰৰ লোকৰ বাবে বুষ্টাৰ ড’জ হিচাপে টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অনুমোদন জনাইছে । শুকুৰবাৰে সন্ধিয়া ইয়াক Co-WIN প্লেটফৰ্মত প্ৰৱৰ্তন কৰা হ’ব ।

Covid 19 New Variant: এই ৫টা গেজেটৰ ব্যৱহাৰে আপোনাক বচাব পাৰে ক'ভিডৰ পৰা

ক’ভিড-১৯ মহামাৰীয়ে বিগত কেইবছৰমানৰ পৰা ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছে(Covid 19 New Variant Bf 7)। বিগত কেইবছৰমানৰ পৰা কেইবাটাও গেজেট প্ৰৱৰ্তন আৰু জনপ্ৰিয় কৰা হৈছে যিয়ে আপোনাক ক'ভিড মহামাৰীৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ সহায় কৰিব পাৰে । এই প্ৰতিবেদনত এনে পাঁচবিধ গেজেটৰ কথা উল্লেখ কৰা হৈছে যিসমূহ আপোনাৰ হাতত থকাটো খুবেই প্ৰয়োজনীয় ।

Scrapping EWS reservation: অসমত বাতিল ই ডব্লিউ এছ কোটা: ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া

অসম চৰকাৰৰ চাকৰিত এতিয়াৰে পৰা আৰু বলবৎ নহ'ব আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থা বা ‘ই ডব্লিউ এছ’ কোটা (Scrapping of EWS reservation)। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে জাননী । ইয়াকে লৈ বিধানসভা চৌহদত বিৰোধীৰ ব্যাপক প্ৰতিক্ৰিয়া । চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ (Opposition critisize Assam Govt) ।

Baby born in moving train : গোলাঘাটত চলন্ত ৰে'লতে জন্ম পালে এটি সন্তান

জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া, ক'ত হ'ব কোনেও নাজানে ! সেই কথা যেন পুনৰবাৰ প্ৰমাণ হ'ল । বেংগালুৰুৰ পৰা অসমৰ তিনিচুকীয়া অভিমুখী চলন্ত ৰে'লতে এইবাৰ সন্মান জন্ম দিলে এগৰাকী প্ৰসূতিয়ে (Woman gives birth to baby in moving train)। ৰবিনা ৰিম্পু নামৰ প্ৰসূতিগৰাকীয়ে স্বামী দীপকৰ সৈতে বেংগালুৰুৰ পৰা ৰে'লেৰে জাগুনৰ ঘৰলৈ গৈ আছিল ।

Disaster Mitigation Department: উমৰাংচোত দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত মকড্ৰিল

অসমৰ অন্যতম পাহাৰীয়া জিলা তথা ডিমা হাছাও জিলাৰ উমৰাংচোত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ (Disaster Mitigation Department)উদ্যোগত বানৰ কবলৰ পৰা লোকক উদ্ধাৰ আৰু ত্ৰান তৎপৰতা সন্দৰ্ভত মকড্ৰিল অনুষ্ঠিত কৰা হয় ৷ উমৰাংচোৰ কপিলী নৈত এই মকড্ৰিল অনুষ্ঠিত হয়(Disaster Mitigation Department inititive Mokdrill) ৷

Arunodoi Scheme Form: মুছলমান সম্প্ৰদায়ৰ মহিলাক অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ নিদিয়াৰ অভিযোগ

ৰাজ্যত নতুনকৈ 60 লাখ হিতাধিকাৰীক অৰুণদোয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ পিছতেই নাম অন্তৰ্ভুক্ত কৰিবলৈ হেতা উপৰা লগাইছে মহিলাসকলে ৷ কিন্তু ইয়াৰ মাজতে মুছলমান মহিলাসকলক এই অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে (Muslim woman accused not giving Arunodoi Scheme)৷

Preparation for Bhugali Utsav: লেৰেলা পথাৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

খাঙৰ গেৰেকণি পথাৰত উৎসৱমুখৰ পৰিৱেশ । আঘোণৰ সোণোৱালী শস্য চপোৱাৰ পাছতেই এতিয়া গাঁৱৰ কৃষক ৰাইজ সাজু হৈছে ভোগালী উৎসৱ উদযাপন কৰিবলৈ(Preparing to embrace Bhogali Bihu) । হাতত কাঁচি লৈ শ-শ পুৰুষ-মহিলা ওলাই আহিছে পথাৰত নৰা কাটিবলৈ । মহিলাসকলে যদি নৰা কাটিছে, পুৰুষসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ বনোৱাত ।

Erosion in Jonai: লেকু নদীৰ খহনীয়াই বিপদ মাাতিছে পবা সংৰক্ষিত বনাঞ্চললৈ

খহনীয়াৰ গ্ৰাসত ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চল(Paba reserve forest in the grip of erosion) । জোনাইৰ লেকু নদীৰ খহনীয়াই বিপদ মাতিছে বনাঞ্চলখনলৈ । বনাঞ্চলখনৰ বিস্তীৰ্ণ অঞ্চল এতিয়া লেকু নদীত জাহ যোৱাৰ পথত । শীঘ্ৰে খহনীয়া ৰোধৰ আহ্বান স্থানীয় ৰাইজৰ ।

Fire in Tezpur: তেজপুৰ মিচন চাৰিআলিত নিশা ভয়ংকৰ অগ্নিকাণ্ড

বৃহস্পতিবাৰে নিশা তেজপুৰৰ মিচন চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড(Massive fire breaks out in Tezpur) । অগ্নিকাণ্ডত ভষ্মীভূত হয় তেজপুৰৰ কছাৰীগাঁও আৰক্ষী চকীৰ অন্তৰ্গত মিচন চাৰিআলিৰ প্ৰায় ১০ খন দোকান(Shop burnt in fire incident) । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে(Devastating fire ruined many shops in Tezpur) । ঘটনাস্থলীত তেজপুৰ আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাই যদিও দোকান কেইখনৰ কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত হয় ।

Maintain a good credit score : ঋণ লাভৰ ক্ষেত্ৰত Credit score কিমান গুৰুত্বপূৰ্ণ ?

ক্ৰেডিট স্ক'ৰ কম হ'লে আপুনি বিভিন্ন ধৰণৰ অসুবিধাত পৰিব পাৰে (Low credit score)। বিশেষকৈ নতুন ঋণ আৰু ক্ৰেডিট কাৰ্ড পোৱাত সমস্যাৰ সৃষ্টি হ'ব পাৰে । সেয়ে ক্ৰেডিট স্ক'ৰ নিয়ন্ত্ৰণ কৰি ৰাখক । এই ক্ষেত্ৰত কেনে ধৰণৰ সাৱধানতা আপুনি ল'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.