Preparation for Bhugali Utsav: লেৰেলা পথাৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

By

Published : Dec 23, 2022, 2:45 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

টিংখাঙৰ গেৰেকণি পথাৰত উৎসৱমুখৰ পৰিৱেশ । আঘোণৰ সোণোৱালী শস্য চপোৱাৰ পাছতেই এতিয়া গাঁৱৰ কৃষক ৰাইজ সাজু হৈছে ভোগালী উৎসৱ উদযাপন কৰিবলৈ(Preparing to embrace Bhogali Bihu) । হাতত কাঁচি লৈ শ-শ পুৰুষ-মহিলা ওলাই আহিছে পথাৰত নৰা কাটিবলৈ । মহিলাসকলে যদি নৰা কাটিছে, পুৰুষসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ বনোৱাত । পথাৰতে খাইছে, পথাৰতে বিহু গাইছে-নাচিছে । টিংখাং ৰাজগড়ৰ গেৰেকণি পথাৰত এতিয়া পুৰুষ-মহিলা, ডেকা-জীয়াৰী সকলোৰে যেন অন্তহীন ব্যস্ততা(Preparation for Bhugali Utsav at Tingkhong) । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত তথা ১ নং গেৰেকণি, ২ নং গেৰেকণি , ৩ নং গেৰেকণি, ১নং লেৰেলাপথাৰ , ২ নং লেৰেলাপথাৰ তথা বৃহত্তৰ ৰাজগড়বাসী ৰাইজৰ সহযোগত অহা ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপনৰ দিহা কৰা হৈছে(Preparations for Bhogali Bihu celebrations) । সেয়েহে এই ভোগালী মেলাত অসমীয়া সংস্কৃতিক দাঙি ধৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে অঞ্চলটোৰ ৰাইজে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.