ETV Bharat / state

Erosion in Jonai: লেকু নদীৰ খহনীয়াই বিপদ মাাতিছে পবা সংৰক্ষিত বনাঞ্চললৈ

author img

By

Published : Dec 23, 2022, 2:19 PM IST

খহনীয়াৰ গ্ৰাসত ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চল(Paba reserve forest in the grip of erosion) । জোনাইৰ লেকু নদীৰ খহনীয়াই বিপদ মাতিছে বনাঞ্চলখনলৈ । বনাঞ্চলখনৰ বিস্তীৰ্ণ অঞ্চল এতিয়া লেকু নদীত জাহ যোৱাৰ পথত । শীঘ্ৰে খহনীয়া ৰোধৰ আহ্বান স্থানীয় ৰাইজৰ ।

Erosion in Paba Reserve Forest
খহনীয়াৰ গ্ৰাসত পবা সংৰক্ষিত বনাঞ্চল

খহনীয়াৰ গ্ৰাসত পবা সংৰক্ষিত বনাঞ্চল

জোনাই,২৩ ডিচেম্বৰ: অস্তিত্বৰ সংকটত ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চল । জোনাইৰ লেকু নদীৰ ভয়াৱহ খহনীয়াত বনাঞ্চলখনৰ কেবা হেক্টৰ মাটি কালি এতিয়া নদীৰ বুকুত জাহ যোৱাৰ পথত ৷ প্ৰতিবছৰে পাহাৰীয়া খৰস্ৰোতা লেকু নদীৰ ভয়াবহ খহনীয়াৰ গ্ৰাসত পৰিছে পবা সৰংক্ষিত বনাঞ্চলৰ লেকু বিটৰ অৰ্ন্তগত এটা অঞ্চল(Erosion in Paba Reserve Forest) । এই খহনীয়াই পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি(Massive erosion in Leku River in Jonai) ৷

ইফালে খহনীয়াৰ গ্ৰাসত পৰা জৈৱ বৈচিত্ৰৰ ভঁড়াল পবা সংৰক্ষিত বনাঞ্চল বেদখলৰো কৱলত পৰি সংকুচিত হৈ আহিছে ৷ আনহাতে লেকু নদীৰ খহনীয়াই এক নতুন ভাবুকি কঢ়িয়াই আনিছে(Paba reserve forest in the grip of erosion) ৷ লেকু নদীয়ে প্ৰতি বছৰে পবাৰ বহু মূল্যৱান গছ-গছনি খহাই নিয়া পৰিলক্ষিত হৈছে ৷ কিন্তু ইয়াৰ পিছতো কানসাৰ নাই স্থানীয় জনপ্ৰতিনিধি তথা বন বিভাগৰ ৷

বছৰ বছৰ পিছত লেকু নদীয়ে পবাত খহনীয়াৰ সৃষ্টি কৰাৰ পিছতো ইয়াৰ সংৰক্ষণৰ বাবে কোনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ ৷ যদিহে অনতি পলমে বন বিভাগ তথা চৰকাৰে পবাৰ খহনীয়াৰ সংৰক্ষণৰ বাবে ব্যৱস্থা নলয় তেনেহলে পবাৰ লেকু বিট নদীৰ বুকুত বিলীন হয় যাব বুলি আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে(Demand to prevent erosion in Paba Reserve Forest) ৷

উল্লেখ্য যে উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত জৈৱ বৈচিত্ৰ্যতাৰ অনুপম নিদৰ্শন পবা হৈছে ধেমাজি জিলাৰ একমাত্র অৰণ্য । জৈৱ বৈচিত্ৰ্যতাৰ দিশৰপৰা পবাখন অত্যন্ত চহকী । বিশেষকৈ নল গাহৰিৰ বাবে জনাজাত এই অৰণ্যখনি অন্যান্য বহু বন্য জীৱ-জন্তুৰ আদৰ্শ বাসস্থান ।

পবাক কেন্দ্ৰ কৰি আজি ধেমাজি জিলাৰ পৰ্যটন উদ্যোগটোক আগবঢ়াই লৈ যাব পৰাও যথেষ্টখিনি থল আছে । সেয়েহে ইমানবোৰ সম্ভাৱনাৰে ভৰপূৰ পবা সংৰক্ষিত বনাঞ্চলখনি সময় থাকোতেই খহনীয়া ৰোধ কৰি সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে বুলি প্ৰকৃতিপ্ৰেমী ৰাইজে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: Migratory birds in Assam : আলহী পক্ষীৰ কলৰৱৰে মুখৰিত জামুগুৰিহাটৰ মণ্ট পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.