ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 10, 2022, 11:10 AM IST

top-10-at-11-am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

DAC Election Result 2022: ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি

পুৱাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (DAC Election 2022)৷ ৪নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ দেউৰীয়ে জয়লাভ কৰিছে (BJP Candidate Bhaskar Deori win) ৷

DAC poll 2022: জোনাইত ৯৬৮ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩ জন প্ৰাৰ্থীৰ

বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা(DAC election counting 2022) ৷ ১২ নং জোনাই সমষ্টিৰ বাবে জোনাই মহকুমা প্ৰশাসনে ভোটগণনাৰ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে(Counting of votes in DAC poll 2022 started) ৷ মুঠ ৯৬৮ ভোটাৰ থকা ১২ নং জোনাই সমষ্টিত আজি ভাগ্য নিৰ্ণয় হ’ব ৩ জন প্ৰাৰ্থীৰ ৷ সমষ্টিটোৰ পৰা ভাৰতীয় জনতা দল আৰু মিত্ৰজোঁটৰ হৈ হেমন্ত দেউৰী, কংগ্ৰেছ দলৰ পৰা সৰুমাই দেউৰী আৰু জেপিপি দলৰ ৰাজেশ দেউৰীয়ে এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে(Candidates of DAC election) ৷ জোনাই সমষ্টিত কোনে মাৰিব শেষ হাঁহি, সেয়া অলপ পাছতেই জানিব পৰা যাব(DAC election at Jonai) ৷

Ishan Uday Scholarship scam: স্ক'লাৰশ্বিপ কেলেংকাৰী: বৰপেটাত আৰু ৫ জনক গ্ৰেপ্তাৰ

ৰাজ্যত ছাত্ৰৰ স্ক'লাৰশ্বিপৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Scam in students scholarship)। জালিয়াতিৰে আঁচনিৰ ধন লুণ্ঠন কৰা দুজনক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এই মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কৰ্মচাৰীও আৰক্ষীৰ জালত পৰিছে । বৰপেটা আৰক্ষীয়ে এই কেলেংকাৰীৰ সৈতে জড়িত আন ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

Awareness program for senior citizen: মৰাণত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভা

সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সৌজন্যত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত জ্যেষ্ঠ নাগৰিকৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় (Awareness program for senior citizen)। বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থকা সভাখনত ৩ গৰাকীকৈ বিধায়ক উপস্থিত থাকে ।

Draft Voter List released: নগাঁৱত নতুন খচৰা ভোটাৰ তালিকা প্ৰকাশ

বুধবাৰে নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ অধীনত থকা নগাঁও সদৰ, ৰহা, ধিং, বটদ্ৰৱা, ৰূপহীহাট, বঢ়মপুৰ, চামগুৰি আদি সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় (Draft Voter List released in Nagaon) ৷

Assistant Professor death at Jonai: জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতিৰ বিয়োগ

সহকাৰী অধ্যাপক তথা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি,লেখক,কবি ভূপেন চন্দ্ৰ পেগুৰ বিয়োগত শোকস্তব্ধ জোনাই (Former president of Jonai Press Club) । তেওঁ জোনাই বালিকা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে মৃত্যুৰ আগমুহূৰ্তলৈ সেৱা আগবঢ়াইছিল ।

Rameswar Teli in Chhattisgarh: ছত্তীশগড়ত অন্য ৰূপত মন্ত্ৰী ৰামেশ্বৰ তেলী

ছত্তিশগড়ত উপস্থিত হৈ ছত্তীশগড়ীয়া ভাষাত সম্বোধন কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দিনজোৰা ভ্ৰমণসূচীৰে ছত্তিশগড় জিলাৰ বিলাসপুৰত উপস্থিত হয় (Rameshwar Teli visit to Chhattisgarh) ৷

Bharat jodo Yatra: প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত ভূপেন বৰাসহ দলৰ নেতা-কৰ্মী

এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে (AIUDF MLA Rafikul Islam) প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আদৰিবলৈ তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদে চাহ-মিঠাই লৈ বহি আছে বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিছতেই বুধবাৰে ভাৰত জোড়ো আন্দোলনৰ পৰামৰ্শ ল’বলৈ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত উপস্থিত হয় ভূপেন বৰাৰ নেতৃত্বত সজাতি দল ৷

"Bom Diggy Diggy" গানটোৰে এৰাতিৰ ভিতৰতে সকলোকে মতলীয়া কৰিছিল সাক্ষীয়ে

"Bom Diggy Diggy" চেনচেছন সাক্ষী মালিকৰ শেহতীয়া ফটোৱে আপোনাকো কৰি তুলিব মতলীয়া ৷ চাওক ফটো-

Hurling eggs at King Charles III: ব্ৰিটেইনৰ ৰজা-ৰাণীলৈ কণী নিক্ষেপ দুৰ্বত্তৰ

ইংলেণ্ডৰ য়ৰ্ক চহৰত ৰজা তৃতীয় চাৰ্লছ আৰু ৰাণী পত্নী কেমিলালৈ কণী নিক্ষেপ অচিনাক্ত দুৰ্বৃত্তৰ(Eggs thrown at King Charles III) ৷ ৰজা-ৰাণীলৈ কণী নিক্ষেপ কৰা সন্দেহত এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.