ETV Bharat / state

Bharat jodo Yatra: প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত ভূপেন বৰাসহ দলৰ নেতা-কৰ্মী

author img

By

Published : Nov 10, 2022, 8:49 AM IST

Bhupen Bora visited the residence of veteran journalist Maulana Abdul Hamid
Bharat jodo Yatra: প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ বাসগৃহত ভূপেন বৰাসহ দলৰ নেতাকৰ্মী

এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে (AIUDF MLA Rafikul Islam) প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আদৰিবলৈ তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদে চাহ-মিঠাই লৈ বহি আছে বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিছতেই বুধবাৰে ভাৰত জোড়ো আন্দোলনৰ পৰামৰ্শ ল’বলৈ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত উপস্থিত হয় ভূপেন বৰাৰ নেতৃত্বত সজাতি দল ৷

জনীয়া, 10 নৱেম্বৰ: "এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা আব্দুল হামিদক লগ ধৰি ভাৰত জোড়ো আন্দোলনৰ ক্ষেত্ৰত পৰামৰ্শ বিচাৰিছিলো ৷ তেওঁ আমাক পৰামৰ্শ দিছে যে আমি ৰাজনৈতিক ক্ষেত্ৰখন সাম্প্ৰদায়িকতাৰ পৰা উৰ্দ্ধত ৰাখিব লাগিব ৷ সাম্প্ৰদায়িকতাই আমাৰ কোনো জাতি, ধৰ্ম, বৰ্ণক সহায় নকৰে ৷ আমি আশা কৰিছো যে আগন্তুক দিনত তেখেতৰ পৰা পোৱা পৰামৰ্শই কংগ্ৰেছক উজ্জীৱিত কৰি তুলিব ৷ আমাৰ এই যাত্ৰা আৰু কিমান দিন চলিব আমি সঠিককৈ কব নোৱাৰিম যদিও আমি আশা কৰিছো 25 ডিচেম্বৰৰ আশে-পাশে আমি শদিয়া পামগৈ ৷" এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰৰ সম্পৰ্কীয় ভাতৃ তথা কলগাছিয়াৰ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ (veteran journalist Maulana Abdul Hamid) ঘৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই বুধবাৰে (President Bhupen Bora) এই মন্তব্য কৰে ৷

প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ বাসগৃহত ভূপেন বৰাসহ দলৰ নেতাকৰ্মী

বুধবাৰে সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Assam Pradesh Congress Committee President )ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বৰপেটাৰ সাংসদ আব্দুল খালেক (MP Abdul Khalek) উপস্থিত হয় প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ ঘৰত ৷ বিগত কেইবাদিন ধৰি চাহৰ নিমন্ত্ৰণক লৈ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ মাজত চলিছিল ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷

এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে (AIUDF MLA Rafikul Islam) তেওঁৰ সম্পৰ্কীয় ভাতৃ তথা প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদে চাহ-মিঠাই লৈ বহি আছে বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিছিল ৷ ভূপেন বৰাই এই নিমন্ত্ৰণ ৰক্ষা কৰিব বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ পিছতেই বুধবাৰে ভাৰত জোড়ো আন্দোলনৰ পৰামৰ্শ ল’বলৈ প্ৰবীণ সাংবাদিক মৌলানা আব্দুল হামিদৰ উপস্থিত হয় কংগ্ৰেছৰ প্ৰতিনিধি দল ৷

"তেওঁলোকক ৰফিকুল ইছলামে নিমন্ত্ৰণ জনাইছিল নে নাই মই গম নাপাওঁ ৷ কিন্তু তেওঁলোকে এটা ৰাজনৈতিক দল হিচাপে সকলোৰে ঘৰত যাব পাৰে ৷ তেওঁলোকে আজি মোৰ পদূলিত পদধূলা দিয়াত মই নথৈ আনন্দিত হৈছো ৷ মই মোৰ জোখাৰে অতিথি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছো ৷" প্ৰবীণ সাংবাদিকগৰাকীয়ে বিতৰ্কৰ কথা নস্যাৎ কৰি ভাৰত জোড়ো আন্দোলনক সমৰ্থন জনাই এই মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যে ১ নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা অনুষ্ঠিত হৈছে(Rahul Gandhi Bharat Jodo Yatra) । এদিনত ১৫ পৰা ২০ কিলোমিটাৰকৈ পদযাত্ৰা কৰি ৮৩৫ কিলোমিটাৰ অতিক্ৰম কৰিব দলটোৱে ৷

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে । স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছৰ কৰ্মীও আছে এই যাত্ৰাত । ইয়াৰে ৩০ শতাংশ মহিলা । ১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ (BJP Government) অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে । অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পৰিব । ৰাজস্থানৰ কাৰ্যসূচীত অসমৰ ১০০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: Bharat Jodo Yatra : ১ নৱেম্বৰৰ পৰা অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.