ETV Bharat / state

বিশ্বনাথৰ ১,০৩৫ খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 1:14 PM IST

Second phase of Gunotsav
বিশ্বনাথৰ ১,০৩৫ খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

Second phase of Gunotsav: ৰাজ্যজুৰি 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অব্যাহত আছে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী ৷ বিশ্বনাথ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভণি কৰে বিশ্বনাথ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে।

বিশ্বনাথ, 11 জানুৱাৰী : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী । 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰী, 2024 লৈকে চলিছে গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী । জিলাখনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভণি কৰে বিশ্বনাথ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাস্থিত প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয়ত আয়োজন কৰা গুণোৎসৱৰ প্ৰথম দিনটোত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ উপস্থিত থাকে । জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে বিদ্যালয়খনত বহিঃমূল্যায়ক ৰূপেও উপস্থিত থাকি মূল্যায়ন কৰে ।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

উল্লেখ্য যে, এইবাৰ বিশ্বনাথ জিলাত মুঠ 1,035 খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে ৷ এই গুণোৎসৱ 435 গৰাকী বহিঃমূল্যায়কে বিদ্যালয়সমূহৰ মূল্যায়ন কৰিব । এই গুণোৎসৱত বিশ্বনাথ জিলাৰ মুঠ 95,626 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে ।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ
দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে প্ৰথম দিনা 356 খন বিদ্যালয়ৰ মুঠ 32,485 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। সেইদৰে দ্বিতীয় দিনা 356 খন বিদ্যালয়ৰ 35,889 গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱাৰ বিপৰীতে অন্তিম দিনা 323 খন বিদ্যালয়ৰ 27,252 গৰাকী ছাত্ৰ-ছাত্ৰীক এইবাৰৰ গুণোৎসৱে সামৰি লৈছে ।

বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপৰিও বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে চাৰিআলি আদৰ্শ বিদ্যাপীঠত বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে। জিলাখনৰ প্ৰশাসনিক বিষয়া তথা অন্যান্য বিভাগৰ বিষয়াসকলৰ উপৰিও অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ যুটীয়া সচিব দীপাংকৰ দাসে দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, অসম আৰক্ষীৰ সহকাৰী মহা পৰিদৰ্শক নিৰুপম হাজৰিকাই বাপুজী হাইস্কুলত, উপ-বন সংৰক্ষক মঃ মোস্তাফা আলী আহমেদে দক্ষিণ মৰলগাঁও প্ৰাথমিক বিদ্যালয়ত বৰ্হিঃমূল্যায়ক হিচাপে উপস্থিত থাকি মূল্যায়ন কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: শোণিতপুৰৰ ১১০৫খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.