ETV Bharat / state

শোণিতপুৰৰ ১১০৫খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 1:57 PM IST

Second phase of Gunotsav: ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ । শোণিতপুৰ জিলাতো আৰম্ভ হৈছে এই গুণোৎসৱ । তেজপুৰ চহৰৰ ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তই ।

Silver Jubilee Primary School
ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়

তেজপুৰ, ৯ জানুৱাৰী: ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আজি পুৱাৰে পৰা আৰম্ভ হৈছে । এক উৎসৱমুখৰ পৰিৱেশত শোণিতপুৰ জিলাতো ১১০৫খন বিদ্যালয়ৰ ১ লাখ ৩১ হেজাৰ ২০৭ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে । জিলাখনৰ এই গুণোৎসৱৰ স্ব-মূল্যায়ন অৰ্থাৎ ছেল্ফ ইভালুৱেশ্যন প্ৰক্ৰিয়া আজি তেজপুৰ চহৰৰ ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষা বিভাগৰ দায়িত্বত থকা শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰে ।

বিদ্যায়তনিক ক্ষেত্ৰত অধিক উৎকৰ্ষতাৰ পৰিচয় দিয়া আৰু গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীৰে পূৰ্ণ ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ আকৰ্ষণীয় আৰু দৃষ্টিনন্দন প্ৰাতঃ সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীৰ লগতে গুণোৎসৱৰ জিলাখনৰ ন’ডেল বিষয়া মনোজ গোহাঁই উপস্থিত থাকি শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক উদ্বুদ্ধ কৰে । একেদৰে তেজপুৰৰ লগতে জিলাখনৰ হিন্দী মাধ্যমৰ মাধ্যমিক শিক্ষাৰ অনুষ্ঠান তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়তো আজি স্ব-মূল্যায়নৰ দিনটোত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উপস্থিতিত শিক্ষাৰ্থীৰ ধ্যান, প্ৰাৰ্থনা, বাতৰি কাকত পঢ়া, মহৎ ব্যক্তিৰ বক্তৃতা, ব্যায়াম, শপত পাঠ আৰু জাতীয় সংগীতেৰে প্ৰাতঃ সভা সমাপ্ত হয় ।

Silver Jubilee Primary School
ছিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে জিলাখনৰ গুণোৎসৱৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ডায়েটৰ দুগৰাকী শিক্ষক, শিক্ষক শিকন মহাবিদ্যালয়ৰ দুগৰাকী, মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকসহ সৰ্বমুঠ ৯গৰাকীকৈ মাষ্টাৰ্ছ ট্ৰেইনাৰে কেইবাটাও পৰ্যায়ত এক্সাটাৰনেল ইভালুৱেটৰ আৰু ন’ডেল শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি পৰীক্ষা পৰিচালনাৰ বাবে সাজু কৰি তুলিছিল । জিলাখনত তিনিদিনীয়া এই গুণোৎসৱ পৰিচালনা কৰিবৰ বাবে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত তথা সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ সমন্বয়ক কবিতা কাকতি কোঁৱৰৰ নেতৃত্বত দুগৰাকী নডেল বিষয়া ক্ৰমে ৰমেন মেধি আৰু মনোজ গোহাঁইৰ লগতে শিক্ষা বিভাগৰ ১২০ গৰাকী লায়চন বিষয়াৰ উপৰি ৫৫৮ গৰাকী এক্সাটাৰনেল ইভালুৱেটৰ নিযুক্ত হৈছে ।

এই ৫৫৮ গৰাকী এক্সাটাৰনেল ইভালুৱেটৰৰ ভিতৰত ওদালগুৰি জিলাৰ ১০০ গৰাকী, নগাঁও জিলাৰ ১০০ গৰাকীৰ বিপৰীতে বাকী সকল কলেজ শিক্ষক আৰু জিলাখনৰ চৰকাৰী বিষয়াক নিয়োগ কৰাৰ লগতে জিলাখনৰ এই গুণোৎসৱৰ বাবে ইতিমধ্যে তেজপুৰত আহি উপস্থিত হৈছে বহুকেইগৰাকী ভি আই পি, ভি ভি আই পি এক্সাটাৰনেল ইভালুৱেটৰ । জিলাখনৰ গুণোৎসৱ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰে জিলাখনৰ গুণোৎসৱৰ প্ৰস্তুতিৰ সন্দৰ্ভত ব্য়াখ্য়া কৰে ।

লগতে পঢ়ক:কৰিমগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.