ETV Bharat / state

National Arm wrestling competition: ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন মিনাক্ষী বৰুৱাৰ

author img

By

Published : Jun 4, 2023, 9:40 PM IST

National Arm wrestling competition 2023
বিশ্বনাথৰ মিনাক্ষী বৰুৱা

এসময়ত ধনৰ অভাৱত ইজিপ্টত খেলাৰ সুযোগ হেৰুওৱা মিনাক্ষীয়ে পুনৰ লাভ কৰিলে সফলতা । ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক খিতাপ অসম কন্য়াৰ (National Arm wrestling competition 2023)। তদানীন্তন অসম বিধানসভাৰ অধ্যক্ষ গণেশ কুটুমক লগ ধৰিছিল যদিও তেওঁ সুফল নাপালে ।

বিশ্বনাথ, ৪ জুন : মথুৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰে জিলিকল বিশ্বনাথৰ মিনাক্ষী বৰুৱা (Bronze medal in national Arm wrestling competition)। আৰ্থিক দৈন্যৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ পাঞ্জা খেলুৱৈ মীনাক্ষী বৰুৱাই পুনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হয় । একালৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীক পুনৰ পাঞ্জা খেলিবলৈ ওভতাই আনি এক নিদৰ্শন ডাঙি ধৰিলে বিশ্বনাথৰ পাঞ্জা খেলুৱৈ দেবীনা বৰাই ।

উল্লেখযোগ্য যে, বিশ্বনাথৰ নৰ্থ ইষ্ট ৰয়েল গ্ল'বেল ইংলিছ স্কুলত সহায়িকা হিচাবে কৰ্মৰত মিনাক্ষী বৰুৱাই দেবীনা বৰাৰ অনুপ্ৰেৰণা আৰু বিদ্যালয় কৰ্তৃপক্ষৰ উৎসাহৰ বাবে বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰত নিত্য শৰ্মাৰ তত্বাৱধানত কেইদিনমান অনুশীলন কৰে (National Arm wrestling competition at Mathura)।

দেওবাৰে তেওঁ মথুৰাত অনুস্থিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত (Masters 50 kg category) ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে । খেলুৱৈগৰাকীৰ সাফল্যৰ বাবে নৰ্থ ইষ্ট ৰয়েল গ্ল'বেল ইংলিছ স্কুল কৰ্তৃপক্ষ, বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰ আদিকে ধৰি বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে ।

মিনাক্ষী বৰুৱা বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ জীৱৰী । স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ পৰিয়ালৰ এইগৰাকী খেলুৱৈ এসময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । পাঞ্জা যেন জীৱনৰ অংগ আছিল খেলুৱৈগৰাকীৰ বাবে । ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল খেলুৱৈ গৰাকী । অবিভক্ত শোণিতপুৰ জিলাৰ বহু কেইখন প্ৰতিযোগিতাত খিতাপ আজুৰি আনিছিল তেওঁ । বিশ্বনাথ জিলাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো কৃতিত্ব অৰ্জন কৰিছিল মিনাক্ষীয়ে ।

১৯৯৮ চনত কেৰালাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ গ্ৰহণ কৰিছিল এইগৰাকী খেলুৱৈয়ে । এই প্ৰতিযোগিতাত ৪৫ কিলো গ্ৰাম শাখাত তেওঁ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অর্জন কৰাত সুযোগ আহিল ইজিপ্ট যাত্ৰাৰ বাবে । এখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ গ্ৰহণৰ সুযোগ লাভ কৰাটো নিঃসন্দেহে গৰ্বৰ বিষয় । কিন্তু ঘৰৰ আৰ্থিক অৱস্থা শোচনীয় হোৱা বাবে হাততে পায়ো হেৰুৱালে এই সুযোগ । তদানীন্তন অসম বিধানসভাৰ অধ্যক্ষ গণেশ কুটুমক লগ ধৰিছিল যদিও সুফল নাপালে । ২০০২ চনত বিবাহ পাশত আবদ্ধ হ'ল বিশ্বনাথ চাৰিআলিৰ সাধৰুপাৰ গাঁৱৰ উৎপল বৰাৰ লগত । কিন্তু তাৰ পিচতো দৰিদ্ৰতাই লগ এৰা নাই তেওঁক ।

জীয়াই থকাৰ বাবে কৰিব লগীয়া হয় কঠোৰ সংগ্ৰাম । নিজৰ ঘৰৰ খেতি খলাৰ উপৰি কেতিয়াবা আনৰ ঘৰতো কাম কৰিব লগা হৈছে এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে । এনেদৰেই দুটা পুত্ৰ সন্তানক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিছে ।

শেহতীয়াকৈ বিজেপি চৰকাৰখনে খেলুৱৈৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে । খেলুৱৈসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে । তাক লৈ আশাবাদী তেওঁলোক । স্থানীয় বিধায়ক ৰঞ্জিত দত্তকো কিবা এটা সহযোগ কৰাৰ বাবে অনুৰোধ জনাইছে । কিন্তু এই দুৰ্ভগীয়া খেলুৱৈ গৰাকীয়ে আজি পৰ্যন্ত নাপালে চৰকাৰী সহযোগিতা । কেৱল আৰ্থিক দৈন্যৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ এগৰাকী পাঞ্জা খেলুৱৈয়ে পুনৰ ঘুৰি আহিছে নিজৰ চিনাকি ক্ষেত্ৰখনলৈ ।

লগতে পঢ়ক:tudent Felicitated at Kaliabor: শিশু বিদ‍্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অভিনন্দন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.