ETV Bharat / state

14 বছৰৰ অন্তত নিজ ঘৰত উপস্থিত সংবিজিত; পৰেশ বৰুৱাক জনালে উভতি অহাৰ আহ্বান

author img

By

Published : Nov 5, 2021, 7:52 PM IST

Updated : Nov 6, 2021, 9:22 AM IST

ex militant leader sangbijit ingti kathar in home ater 14 long years
14 বছৰৰ অন্তত নিজ ঘৰত উপস্থিত সংবিজিত: পৰেশ বৰুৱাক জনালে বিশেষ আহ্বান

সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হ’ল এসময়ৰ সশস্ত্ৰ সংগঠনৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত ৷ গাঁৱলৈ আহি আলফা স্বাধীনৰ আৰু পৰেশ বৰুৱাক বিশেষ আহ্বান জনালে সংবিজিতে ৷

বিশ্বনাথ, ৫ নৱেম্বৰ : এসময়ৰ এনডিএফবিৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত শুকুৰবাৰে সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হয় । এই চাৰ সিং ইংতি কাঠাৰ কিছু দিন আগলৈকে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বাবে এক মূৰৰ কামোৰণি আছিল । যাৰ নেতৃত্বতে এনডিএফবিয়ে ৰাজ্যৰ বিভিন্ন স্থান তেজৰে ৰাঙলী কৰি আৰক্ষী প্ৰশাসনৰ আৰু সাধাৰণ ৰাইজ বাবে সন্ত্ৰাস সৃষ্টি কৰিছিল ।

14 বছৰৰ অন্তত নিজ ঘৰত উপস্থিত সংবিজিত: পৰেশ বৰুৱাক জনালে বিশেষ আহ্বান

সেই চাৰচিং ইংতি কাঠাৰ ওৰফে সংবিজিত কিন্তু কিছুদিন পূৰ্বে ওভতি আহিল মূল সুঁতিলৈ । সংবিজিতৰ ঘৰ আছিল বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ চেলাইখাটি গাঁৱত । সৰুতেই নিজৰ গাঁও, নিজৰ পৰিয়াল সকলোকে এৰি সংবিজিত গুচি গৈছিল জংঘললৈ । শুকুৰবাৰে তেওঁ পুনৰ নিজ গাঁওখনলৈ, নিজৰ আপোন মানুহবোৰৰ ওচৰলৈ উভতি আহিছে সুদীৰ্ঘ ১৪ বছৰৰ মূৰত ।

সশস্ত্ৰ সংগঠন ত্যাগ কৰি মূল সুঁতিলৈ ওভতি আহি সশস্ত্ৰ সংগঠনৰ নেতা গৰাকীয়ে আন আন সশস্ত্ৰ সংগঠনৰ আৰু বৰ্তমানৰ চৰকাৰৰ লগত কৰিলে কাৰ্বি শান্তি চুক্তি ।

কাৰ্বি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ চুক্তি কৰি পুনৰ শুকুৰবাৰে নিজ গাঁওখনলৈ ওভতি অহা সংবিজিতক বিশ্বনাথ জিলা কাৰ্বি সমাজে ব্যাপকভাৱে আদৰণী জনায় । আনহাতে, বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ সোনাজুলী আৰু ভিমাজুলী হত্যা কাণ্ডৰ ক্ষেত্ৰতো নাম সাঙোৰ খাই আছিল সংবিজিতৰ ।

এই সন্দৰ্ভত নেতা গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে সেই হত্যাকাণ্ডত তেওঁ জড়িত নাছিল । যিসকল লোক জড়িত আছিল ইতিমধ্যে তেওঁলোক কাৰাগাত বন্দী হৈ আছে । এই সময়তে নেতা গৰাকীয়ে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকো মূল সুঁতিলৈ ওভতি আহি আলোচনা প্ৰক্ৰিয়াৰে সমস্যা সমূহ সমাধান কৰাৰ বাবে আহবান জনালে ।
লগতে পঢ়ক : এবছৰলৈ সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা

Last Updated :Nov 6, 2021, 9:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.