ETV Bharat / state

এবছৰলৈ সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা

author img

By

Published : Nov 5, 2021, 4:44 PM IST

সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মন্ত্ৰীসভাখনৰ প্ৰতিজন সদস্যই সকলো কাম নিয়াৰিকৈ কৰি আছে ৷ গতিকে অন্ততঃ অহা এবছৰলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কোনো পৰিকল্পনা কৰা নাই ।

Chief Minister Himanta Biswa Sharma's cabinet
এবছৰলৈ সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা

গুৱাহাটী, ৫ অক্টোবৰ : আগন্তুক এটা বছৰলৈ কোনো ধৰণৰ সম্প্ৰসাৰণ নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ । শুকুৰবাৰে গুৱাহাটীত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, বৰ্তমানৰ মন্ত্ৰীসভাখনৰ প্ৰতিজন সদস্যই যিহেতুকে নিয়াৰিকৈ সকলো কাম কৰি গৈছে গতিকে অন্ততঃ অহা এবছৰলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কোনো পৰিকল্পনা কৰা নাই ।

মনকৰিবলগীয়া যে, মন্ত্ৰীসভাত এতিয়াও 6 খন আসন খালি হৈ আছে আৰু উপ-নিৰ্বাচনৰ পিছতে এই আসনকেইখন পূৰ্ণ কৰা হ'ব বুলি বিজেপিৰ ভিতৰে বাহিৰে চৰ্চা চলি আহিছিল । তেনে সময়তে শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যই মন্ত্ৰী হ'বলৈ আশা পালি থকা কেইবাজনো বিধায়কৰ আশাত অন্ততঃ এবছৰলৈ চেঁচা পানী পৰিল ।

লগতে পঢ়ক:আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী

উল্লেখ্য যে, মাত্ৰ তিনিদিন পূৰ্বে একেলগে ৩৬ টা নিগম নিকায়ৰ অধ্যক্ষ পদত কেইবাজনো বিধায়ক আৰু প্ৰাক্তন বিধায়কক নিযুক্তি দিয়া হৈছিল । যিসকলৰ মাজত বিজেপিৰ উপৰিও দুই মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰ সদস্যও আছিল ।

আনহাতে, শুকুৰবাৰে চৰকাৰী বন্ধৰ দিন হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ পৰিৱৰ্তে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়তে একাংশ লোকক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সকলৰ ভিতৰত কেইবাজনো নৱ নিযুক্ত নিগম নিকায়ৰ অধ্যক্ষও আছিল ।

লগতে পঢ়ক: শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.