ETV Bharat / state

বিশ্বনাথত বাটৰ নাট প্ৰদৰ্শন

author img

By

Published : Mar 20, 2021, 7:46 PM IST

বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন
বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

ভোটদান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে শনিবাৰে বিশ্বনাথ চাৰিআলিত বাটৰ নাট প্ৰদৰ্শন কৰা হয় । ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্ট'ৰেল পাৰ্টিচিপেশ্যন প্ৰ'গ্ৰেম(SVEEP)ৰ উদ্যোগত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

বিশ্বনাথ,২০ মাৰ্চ: বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । বিশ্বনাথ জিলাতো প্ৰশানৰ উদ্যোগত সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হৈছে । শনিবাৰে বিশ্বনাথ চাৰিআলিত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ।

ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্ট'ৰেল পাৰ্টিচিপেশ্যন প্ৰ'গ্ৰেম (SVEEP)ৰ উদ্যোগত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় । বিশ্বনাথৰ বিভিন্ন স্থানত নাটখন প্ৰদৰ্শন কৰে বিশ্বনাথ বি এড কলেজৰ প্ৰশিক্ষাৰ্থীসকলে । উল্লেখ্য যে, ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কলা-কুশলীসকলে হাতত লোৱা এনে প্ৰচেষ্টাৰ শলাগ লৈছে বিশ্বনাথ জিলা প্ৰশাসনে ।

বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন
বিশ্বনাথত ভোটাৰক সজাগ কৰাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বাটৰ নাট প্ৰদৰ্শনী কাৰ্যসূচীত বিশ্বনাথ বি এড কলেজৰ অধ্যাপক-অধ্যাপিকা, চিআৰপিএফৰ ৩০ নং বেটেলিয়ন, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰমুখ্যে নিৰ্বাচনৰ কাম-কাজৰ লগত জড়িত কেইবাগৰাকীও কৰ্মচাৰী উপস্থিত থাকি কলা-কুশলীসকলক উৎসাহিত কৰে । ২৭ মাৰ্চত হ'বলগীয়া বিশ্বনাথ আৰু বিহালী সমষ্টিত যাতে ১০০ শতাংশ ভোটদান সম্পন্ন হয় তাৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক: আজি বিশ্ব ঘৰচিৰিকা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.