ETV Bharat / state

Behali MGNREGA Scam : ক’ত নাই দুৰ্নীতি ! বিশ্বনাথৰ বিহালীত আঁচনিৰ ধন খোৱাৰ প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 6:55 PM IST

বিশ্বনাথৰ বিহালীত গাওঁ পঞ্চায়ৰ অবাধ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীল নীতি উঠিছে ধোঁৱা চাঙত ৷ উচিত তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে ৷

Behali MGNREGA Scam
বিশ্বনাথৰ বিহালীত আঁচনিৰ ধন খোৱাৰ প্ৰতিযোগিতা

বিশ্বনাথৰ বিহালীত আঁচনিৰ ধন খোৱাৰ প্ৰতিযোগিতা

বিশ্বনাথ, ৬ অক্টোবৰ : ফুটুকাৰ ফেনত পৰিণত হৈছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ ৷ এতিয়া যেন বিভাগটোৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সহনশীলতাহে দেখা গৈছে ৷ তাৰে ছবি দেখিবলৈ পোৱা গৈছে বিহালী সমষ্টিত ৷ উল্লেখযোগ্য যে, বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ একাংশ গাঁও পঞ্চায়তৰ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত চৰকাৰী আচঁনি ৰূপায়ণৰ নামত অবাধ দুৰ্নীতি সংঘটিত হৈছে ৷ এক প্ৰকাৰে ক’বলৈ গ'লে দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে বিহালী সমষ্টিৰ অধিকাংশ গাঁও পঞ্চায়ত ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন বিহালী সমষ্টিৰ একাংশ পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰতিনিধিৰ লগতে পঞ্চায়ত সচিব লিপ্ত হৈছে চৰকাৰী আচঁনি ৰূপায়ণৰ দুৰ্নীতিত ৷ বিশেষকৈ দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে বুলি ক’লেও ভুল নহ'ব বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ একাংশ গাঁও পঞ্চায়ত ৷ বিশেষকৈ সমষ্টিটোৰ একাংশ গাঁও পঞ্চায়ত সচিব আৰু সভাপতিৰ লগতে বিহালী উন্নয়ন খণ্ডৰ অভিযন্তা জড়িত থকাৰো অভিযোগ উঠিছে এই দুৰ্নীতিত ৷

লগতে পঢ়ক: Scam in PMAY: ঘিলাগুৰি গাঁও পঞ্চায়তত ৰাইজে আৱদ্ধ কৰিলে সভানেত্ৰী-সচিবক

অভিযোগ অনুসৰি বিহালী খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত বিহমাৰী বন্দনা প্ৰাথমিক বিদ্যালয়ৰ আভ্যন্তৰীণ উন্নয়নৰ নামত ২০২১-২০২২ বৰ্ষত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আচঁনি(MGNREGA)ৰ অধীনত বিদ্যালয়খনৰ চৌহদত মাটি ভৰোৱা কামৰ বাবে ৯ লাখ ৫৫ হাজাৰ ৬৯ টকা আবন্টন দিয়া হৈছিল ৷ কিন্তু ৰহস্যজনক কথাটো হ'ল দুই-তিনি গাড়ী মাটি পেলাই কামটো বন্ধ ৰখাৰ লগতে আচঁনিৰ কাম সম্পূৰ্ণ নকৰাকৈ অধিকাংশ ধন পঞ্চায়ত প্ৰতিনিধিয়ে খৰচ কৰা অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি পঞ্চায়তটোৰ দায়িত্বত থকা সচিব আৰু অভিযন্তাগৰাকীয়ে মিলি ইতিমধ্যে প্ৰায় ৬ লাখ ৫৫ হাজাৰ টকা খৰচ কৰিলে যদিও সেই টকা অনুসৰি আচঁনিখন সফল হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

ৰাইজৰ অভিযোগ- আচঁনিত মাত্ৰ ২৫ পৰা ৩০ হাজাৰ টকাহে খৰচ কৰিছে ৷ তাৰে অধিকাংশ ধন পঞ্চায়তটোৰ সচিব আৰু অভিযন্তাগৰাকীৰ পকেটত সোমাইছে ৷ ইফালে আচঁনিখনৰ নামত মাত্ৰ বাকী থকা ২ লাখ ৬২ হাজাৰ টকা শীঘ্ৰে খৰচ কৰি আচঁনিখনৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে বিহালী খণ্ড উন্নয়ন বিষয়াক ৷ আনহাতে আচঁনিখন ৰূপায়ণৰ নামত পঞ্চায়তটোৰ সচিব আৰু অভিযন্তাগৰাকীয়ে খৰচ কৰা ধনৰ উচিত তদন্তৰ দাবী জনাই স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Cash for Job Scam: নিজৰ সমষ্টিৰ পৰাই চাকৰিৰ কেলেংকাৰী হোৱা বাবে তদন্ত কৰিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ; লুৰীণজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.